Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ২০ কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ Class 6 SOCIAL SCIENCE

পাঠ ২০  কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ



১) প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা।
উত্তৰঃ প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত যথেষ্ঠ প্ৰভাৱ পেলাইছে। প্ৰযুক্তিৰ জ্ঞানে মানুহৰ শাৰিৰীক কষ্ট লাঘৱ কৰাৰ লগতে মূল্যবান সময়ো ৰাহি কৰিছে। কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তি ব্যৱহাৰৰ ফলত উৎপাদন আগতকৈ বৃদ্ধি পাইছে আৰু এইবোৰ খণ্ডত নিয়োজিত মানুহৰ আৰ্থসামাজিক দিশতো প্ৰভাৱ পৰিছে। কৰ্মসংস্থাপন বৃদ্ধি পাইছে তথা জীৱন যাত্ৰাৰ মান উন্নত হৈছে।



২) কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে?
উত্তৰঃ কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত তলত দিয়া ধৰণৰ পৰিৱৰ্তন দেখা গৈছে- 

১) কৃষিখণ্ড
    (ক) আজিকালি কৃষিকাৰ্য কৰিবলৈ নলী নাদৰ যোগেদি পৰম্পৰাগত পানীযোগান ব্যৱহাৰত কৈ জলসিঞ্চনৰ বহুল ব্যৱহাৰ দেখা যায় যাৰ বাবে কৃষকে বছৰৰ সকলো সময়তে খেতি কৰিব পৰা হয়।

         (খ) কীটনাশক বা তৃণনাশক দ্ৰব্য়বোৰ ক্ষতিকাৰক যদিও সেইবোৰ বহুল ব্যৱহাৰৰ ফলত শস্য উৎপাদন বৃদ্ধি হৈছে আৰু খেতিত ক্ষয় ক্ষতিৰ পৰিমাণ কমিছে।
(হাল, কোৰ, নাঙলৰ পৰিবৰ্তে টেক্টৰ ,পাৱাৰ টিলাৰ আদি ব্যৱহাৰৰ ফলত- (গ) কম সময়ত অধিক মাটি চহাব পৰা গৈছে (ঘ) উন্নত প্ৰজাতিৰ বীজ ব্যৱহাৰৰ ফলতো কৃষি উৎপাদন বৃদ্ধি হৈছে। (ঙ) বন নিকোৱা, শস্য কটা, মৰণা মৰা যন্ত্ৰবোৰৰ ব্যৱহাৰে কৃষকৰ শাৰীৰিক শ্ৰম লাঘৱ কৰিছে। (চ) গৰু, হাঁহ, মুৰ্গী, মীন পালনৰ ক্ষেত্ৰটো নতুন প্ৰযুক্তি ব্যৱহাৰৰ ফলত উৎপাদন বৃদ্ধি পাইছে। এইবোৰ ক্ষেত্ৰত মানুহৰ কৰ্মসংস্থাপনো আগতকৈ বৃদ্ধি পাইছে। (ছ) “শীতল ভঁৰাল” আৱিষ্কাৰ হোৱাৰ ফলত উৎপাদিত শস্যবোৰ নষ্ট নোহোৱাকৈ বহু দিনলৈ থৈ দিব পৰা যায়।


২) উদ্যোগখণ্ড
        (ক) উদ্যোগবোৰত ন ন যন্ত্ৰপাতি ব্যৱহাৰ হোৱাৰ বাবে কম সময় আৰু কষ্টত অধিক সামগ্ৰী উৎপাদন সম্ভৱ হৈছে।
        (খ) কাৰিকৰী দিশত যন্ত্ৰপাতিৰ জৰিয়তে আগতকৈ উন্নতমানৰ সা সামগ্ৰীৰ উৎপাদন হৈ আহিছে।


Comments

3-popular-180px-course