Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

জ্ঞানী চৰাই ।। কুঁহিপাঠ ৩য় ভাগ

জ্ঞানী চৰাইৰ সাধু 

এখনি ধাননি পথাৰ। সেই ধাননিৰ মাজত এহাল চৰাইয়ে বাহ সাজিছিল। কণী পাৰিছিল দুটা। কণী ফুটি পোৱালিও জাগিছিল। চৰাইহালৰ একেটাই মাথোন চিন্তা। ধান কটাৰ আগতেই পোৱালিহাল উৰিব নোৱাৰিলে বৰ বিপদ হ'ব।
এদিন খেতিয়কজন পুতেকৰ সৈতে পথাৰলৈ আহিল। খেতিয়কে ক'লে, 'ধানবোৰ পকিলেই। কাইলৈ গাঁৱৰ মানুহক ক' ব লাগিব। তেওঁলোকৰ লগ লাগি ধানখিনি দাই নিম। '
সিহঁতৰ কথা শুনি চৰাইজনীৰ বৰ চিন্তা লাগিল। তাই চৰাইটোক কলে, সোনকালে ইয়াৰপৰা যাব লাগিব। ধান দাবলৈ আহিলে সিহঁতে আমাৰ পোৱালিহাল ধৰি লৈ যাব। 'তেতিয়া চৰাইটোৱে হাঁহি মাৰি কলে, চিন্তা নকৰিবা। সিহঁতে ইমানে সোনকালে নাহে।
আকৌ তিনি চাৰি দিন গল। খেতিয়ক আৰু পুতেক আকৌ পথাৰলৈ আহিল। দেউতাকে কলে, গাঁৱৰ মানুহখিনিচোন নাহিলেই। তই মোমায়েৰৰ তালৈ যা। তেওঁৰ লৰা ছোৱালী কেইটা মাতি আনি ধানখিনি দাই পেলা।
চৰাইজনীৰ আকৌ চিন্তা লাগিল। চৰাইটোৱে কলে, চিন্তা নকৰিবা, একো বিপদ নহয়।
দুদিন পাছত আকৌ খেতিয়ক আৰু পুতেক পথাৰলৈ আহিল। খেতিয়কে কলে গাঁৱৰ মানুহো নাহিল আৰু মোমায়েৰৰ ঘৰৰ মানুহো নাহিল। ইফালে ধান পকি সৰিবৰে হল। কাইলৈ তয়ে-ময়ে আহি দাই পেলাম দে। '
এইবাৰ চৰাইটোৱে চৰাই জনীক কলে, এইবাৰ আমি যাব লাগিব। ইহঁতো অলপ উৰিব পৰা হৈছে। কাইলৈ পুৱাৰ আগতে আমি ইয়াৰপৰা গুচি যাম।
চৰাইজনীয়ে সুধিলে, কিয়? আগৰ দুবাৰচোন তুমি ভয় খোৱা নাছিলা। এইবাৰ কিয় ভয় কৰিছা?
চৰাইটোৱে কলে, আগৰ কেইবাৰ তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰ কৰিছিল, গতিকে কামটো হোৱা নাছিল। এইবাৰ নিজেই কৰিব খুজিছে যেতিয়া কৰিব পাৰিব।
তাৰ পাছত পোৱালি দুটাক লৈ চৰাইহাল আন ঠাইলৈ গুচি গ ল।


Comments

3-popular-180px-course