Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ - ৫ ডক্টৰ বাণীকান্ত কাকতি ।। অংকুৰণ ।। পঞ্চম শ্রেণী

অংকুৰণ   ।। পঞ্চম শ্রেণী

পাঠ - ৫  ডক্টৰ বাণীকান্ত কাকতি

Video Link 





পাঠভিত্তিক অনুশীলনী

উত্তৰ দিয়া।
(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?
উত্তৰঃ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্য়াতি অৰ্জন কৰিব পাৰে।

(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্ম- নিয়োগ কৰিছিল?
উত্তৰঃ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্ম- নিয়োগ কৰিছিল।

(গ) নতুন ডাক্টৰ বুলি কাক কোৱা হৈছিল?
উত্তৰঃ নতুন ডাক্টৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছিল।

(ঘ) তেখেতে কি চিকিৎসা কৰিছিল?
উত্তৰঃ তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল।

(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম 'Assamese- Its Formation and Development' (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ')।


প্ৰশ্নঃ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল, চমুকৈ লিখা।
উত্তৰঃ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ বহুতে তেওঁক হাঁহিছিল আৰু অশিক্ষিত লোকসকলক কৈছিল তেওঁ হেনো ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি তেওঁ ওচৰত চিকিৎসা বিচাৰি গৈছিল।  

অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা।

কৌতুক-প্ৰিয় - ধেমালি- প্ৰিয়, ধেমালি ভাল পোৱা।
আয়ত্ত - বশত অনা, অধীনত অনা, অধিকৃত, দখললৈ অনা কাৰ্য।
সাধনা - সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা, আৰাধনা, উপাসনা, গভীৰ ঐকান্তিক চেষ্টা।
থতমত - বিবুধি হোৱা অৱস্থা।
পৰিস্থিতি - চাৰিওফালৰ অৱস্থা, 
পাৰিপাৰ্শ্বিক অৱস্থা।নিষ্ঠা - দৃঢ় আস্থা, শ্ৰদ্ধা।
একান্ত - একে ঠাইতে বা বস্তুতে মন লগোৱা, একাগ্ৰ।
সুখ্য়াতি - সুনাম, যশস্য়া।আত্ম-নিয়োগ - 
স্বনিযুক্তি, কোনো কামত নিজকে লগোৱা কাৰ্য।
প্ৰবল - বহুত।
চৰ্চা - আলোচনা কৰা।
গতি-গোত্ৰ - মতি-গতি, স্বভাৱ, প্ৰকৃতি, চলন, চাল-চলন।

তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা।
নিষ্ঠা→ষ্ঠ = ষ + ঠ

বিজ্ঞানী→জ্ঞ = জ + গ

ডক্টৰ→ক্ট = ক + ট

প্ৰশ্নঃ তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্য়ক্তিবাচক সৰ্বনাম পদ ব্য়ৱহাৰ কৰি বাক্য়বোৰ পুনৰাই লিখা।

(ক) ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা-বিজ্ঞানী আছিল।  
উত্তৰঃ তেখেত এগৰাকী ভাষা-বিজ্ঞানী আছিল। 

(খ) ৰহিম পঢ়া-শুনা মনোযোগেৰে কৰে।
উত্তৰঃ সি পঢ়া-শুনা মনোযোগেৰে কৰে।

(গ) নীলাই গান গাই ভাল পায়।
উত্তৰঃ তাই গান গাই ভাল পায়।

প্ৰশ্নঃ বাক্য় ৰচনা কৰা। 

সহজ-সৰলভাৱে - অলিয়ে সকলো কথা সহজ-সৰলভাৱে কয়।

প্ৰবল - আজি সাগৰৰ পাৰত প্ৰবল বতাহ বলি আছে।

চিকিতসা - ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসা কৰিছিল। 

দৃঢ়মনা - ডক্টৰ বাণীকান্ত কাকতি এজন দৃঢ়মনা ব্য়ক্তি আছিল।

আঁতিগুৰি - ডক্টৰ বাণীকান্ত কাকতিয়ে সকলো কথা আঁতিগুৰি মাৰি জানিব বিছাৰিছিল।

কৌতুক-প্ৰিয় - যদু এজন কৌতুক-প্ৰিয় লোক।

জোকৰ মুখত চূণ - ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ ডাক্তৰৰ ভূমিকা পালন কৰিছিল।

থতমত খা - ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত বাকীলোকবোৰে থতমত খাইছিল।



প্ৰশ্নঃ এটা শব্দত প্ৰকাশ কৰোঁ আহা।
(ক) যি শিক্ষা দান কৰে
উত্তৰঃ শিক্ষক। 

(খ) যি ৰোগীক চিকিৎসা কৰে
উত্তৰঃ চিকিৎসক।

(গ) যি ভাষা চৰ্চা কৰে
উত্তৰঃ ভাষা বিজ্ঞানী।

(ঘ) একে সময়তে হোৱা
উত্তৰঃ সমসাময়িক।

(ঙ) একান্ত মনে চিন্তা কৰা
উত্তৰঃ একাগ্ৰ।

(চ) যি শিক্ষা গ্ৰহণ কৰে
উত্তৰঃ ছাত্ৰ।


বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

জ্ঞান - অজ্ঞান।
সৰল - জটিল।
সাধাৰণ - অসাধাৰণ।
চোকা - ভোটা।
ৰোগী - সুস্থ।
সুখ্য়াতি - কুখ্য়াতি।

জানো আহা-

ভাব সম্প্রসাৰণ - জোকৰ মুখত চূণ দিয়া । ইয়াৰ সাধাৰণ অর্থ হ’ল যথােপযুক্ত প্ৰত্যুত্তৰ দিয়া।
ব্যাখ্যা- জোক এবিধ ক্ষুদ্র জীৱ । সাধাৰণতে গছ , বন , পানীৰ ডােঙা , জেকা ঠাই আদিত ইয়াৰ বসতি । ই মানুহ , গৰু , ম'হ আদিৰ দেহৰ পৰা তেজ শুহি খায় । জোক থকা ঠাইলৈ মানুহে আহ - যাহ কৰিলে মানুহৰ গাত জোক লাগি ধৰে আৰু বগাই গৈ আঙুলিৰ ফাঁক , ভৰি , কান্ধ , ডিঙি আদিত লাগি ধৰি তেজ শােহে । তেতিয়া তাক এৰুৱাবলৈ চূণ ব্যৱহাৰ কৰা হয় । সাপৰ দেহত ফেনাইল পৰাৰ দৰে জোকৰ মুখত চূণ পৰিলে ই কোচ খাই যায় । চূণৰ মাত্রা বেছি হ'লে ই মৰি যায় । এনেধৰণৰ ফকৰা - যােজনাবােৰ আমাৰ অসমীয়া সাহিত্যৰ অলংকাৰ । কোনাে মানুহৰ কথাৰ যােগ্য প্রত্যুত্তৰ দিবলৈ এই বচনফাকি প্রয়ােগ কৰা হয় । বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত কৌতুক - প্রিয় কেইজনমানে তেখেতক ডাক্তৰ সাজি তেখেতৰ ওচৰলৈ ৰােগীক চিকিৎসাৰ বাবে পঠিয়াইছিল । তেওঁলােকে জানিছিল যে কাকতি প্রকৃত চিকিৎসক নহয় । কাকতিয়েও , তেখেতে যে ৰােগী চিকিৎসা কৰিব পাৰে , সেই কথা হােমিওপেথিক চিকিৎসা বিদ্যা শিকি লৈ কৰি দেখুৱালে আৰু চকু - চৰহাসকলক যথাযােগ্য উত্তৰ দিলে । তেতিয়া সেই কৌতুক - প্রিয় মানুহকেইজনে তবধ মানিলে । এনেদৰে কাকতিয়ে জোকৰ মুখত চূণ দিলে ।


উত্তৰ লিখা।
(ক) ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো ১৮৯৮ চনৰ জুলাই মাহৰ ২০ তাৰিখ।

(খ) তেখেতে কেতিয়াৰ পৰা সাহিত্য় চৰ্চা কৰিছিল?
উত্তৰঃ তেখেতে ছাত্ৰজীৱনৰ পৰাই সাহিত্য় চৰ্চা কৰিছিল।

(গ)তেখেতে কোনটো বিষয়ত এম. এ. পাছ কৰিছিল?
উত্তৰঃ তেখেতে সংস্কৃত বিষয়ত এম. এ. পাছ কৰিছিল।

(ঘ) তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা।
উত্তৰঃ তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হ'ল শ্ৰীহৰ্ষৰ নৈষধ চৰিত, যশস্তিলক আৰু সেতুবন্ধ।

(ঙ) তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল?
উত্তৰঃ তেখেতে বাঁহী আলোচনী, চেতনা, আৱাহন আদি আলোচনীত প্ৰবন্ধ লিখিছিল।


প্ৰশ্নঃ 'মহাভাৰত' শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা।

উদাহৰণ - ম - মহা, মৰত, মত

হাঃ হাঁহ, হাঁহি, হাঁহা
ভাঃ ভাত, ভাৰত, ভাগৱত
ৰঃ ৰথ, ৰ'দ, ৰজা
তঃ তপত, তমস্কাৰ, তপস্য়া





Thank You



Comments

3-popular-180px-course