Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-৫ সাগৰ -মহাসাগৰ Class 8 SOCIAL SCIENCE

পাঠ-৫ সাগৰ -মহাসাগৰ



১ । তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা । 

( ক ) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি ?
উত্তৰ- পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্যতাৰ বাবে মহাসাগৰীয় সোঁতৰ সৃষ্টি হয় ǀ

( খ ) গৰম পানীৰ সোঁত বুলিলে কি বুজা ?
উত্তৰ- নিৰক্ষীয় অঞ্চলত সূৰ্যৰ ৰশ্মি থিয়কৈ পৰে বাবে সেই অঞ্চলৰ পানী সহজতে গৰম হৈ প্ৰসাৰিত হয় ǀআনহাতে শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয় ǀ সেয়েহে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয় ǀ ইয়াকে গৰম পানীৰ সোঁত বোলে ǀ

( গ ) সাগৰীয় জীৱবোৰ কেইপ্রকাৰ ? কিহৰ ভিত্তিত এইবোৰক শ্রেণী বিভক্ত কৰা হৈছে ?
উত্তৰ- মহাসাগৰৰ জীৱবোৰক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি-

    ১) প্লেংকটন বা প্লৱক, 

    ২) বেনথ’জ

    ৩) নেকটন

প্লৱক বোৰ দুই প্ৰকাৰৰ- প্ৰাণী প্লৱক আৰু উদ্ভিদ প্লৱক

 প্ৰাণী প্লাৱকবোৰ অতি ক্ষুদ্ৰকায় জীৱ ǀ ইঁহতৰ বেছিভাগেই সাগৰীয় প্ৰাণীৰ খাদ্য ǀউদ্ভিদ প্লৱক ৰ বেছিভাগেই হৈছে- ডায়েটম প্ৰজাতিৰ শেলুৱৈ জাতীয় উদ্ভিদ

 বেনথ’জ শ্ৰেণীৰ জীৱবোৰে সূৰ্যৰ ৰশ্মি সোমাব পৰা অগভীৰ পানীত বাস কৰে ǀ বিভিন্ন প্ৰজাতিৰ ঘাঁহ-বন জাতীয় উদ্ভিদ,স্পঞ্জ, প্ৰবাল, অয়ষ্টাৰ; কেঁকোৰা আৰু শামুক ইত্যাদি বোৰ এই শ্ৰেণীত পৰে ǀ

            নেকটন বোৰ হৈছে পানীত সাঁতুৰি ফুৰা বিভিন্ন সাগৰীয় জীৱ, যেনে-বিভিন্ন প্ৰজাতিৰ মাছ,তিমি , ডলফিন ইত্যাদি
( ঘ ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে ? 
উত্তৰ- সাগৰৰ যিবোৰ অংশত উদ্ভিদ প্লৱকবোৰ প্ৰচুৰ পৰিমাণে থাকে ,তাতেই মৎস্যক্ষেত্ৰ গঢ়ি উঠে ǀ

২ । কাৰণ দৰ্শোৱা —

( ক ) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় ।         
উত্তৰ- বাসন্তী জোৱাৰ সময়ত অৰ্থাৎ পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ,পৃথিৱী আৰু সৃৰ্যপ্ৰায় একেডাল ৰেখাত পৰে ǀ এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ ওপৰলৈ উঠে ǀ আনহাতে নাটনি জোৱাৰৰ সময়ত অৰ্থাৎ সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী , চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্হান কৰে ǀ এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰ আকৰ্ষণ প্ৰৱল নোহোৱাৰ বাবে জোৱাৰৰ ঢৌ সিমান ওপৰলৈ নুঠে বা শক্তিশালী নহয় ǀ

( খ ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় । 
উত্তৰ- সাগৰ জৈৱ সম্পদৰে ভৰপূৰ ǀ এইবিলাকৰ জীৱবোৰৰ ভিতৰত সাগৰীয় মাছো এবিধ ǀ ই মানুহৰ প্ৰিয় আৰু পুষ্টিকৰ খাদ্য ǀখাদ্যৰ কাৰণে সাগৰৰ হেৰিং চাৰডিন ,কড, টুনা, চাইমন ,মেকেৰেল,হেদক আদি মাছক বেছিকৈ ধৰা হয় ǀ খাদ্যৰ ওপৰিও এইবোৰ সাগৰীয় প্ৰাণীৰ ব্যৱহাৰিক মূল্যও আছে ǀ যেনে –ক’ড মাছৰ তেল ভিটামিন সমৃদ্ধ বাবে ই বৰ মূল্যবান , হাংগৰ আদি ডাঠ ছালৰ সাগৰীয় জীৱৰ ছালৰ পৰা জোতা , বেগ আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰা হয় ǀসেইয়েহে এই সাগৰীয় মাছবোৰৰ চাহিদা পৃথিৱীৰ সকলো ঠাইতে আছে ǀ তদুপৰি ধৰাৰ পিছত এইবোৰ শীতলীকৰণ ব্যৱস্হাৰে টিনৰ ভিতৰত সংৰক্ষণ কৰি দুৰ দুৰণিৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা হয় ǀ সেইয়েহে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় ǀ

( গ ) জাপানত সঘনাই ছুনামি হয় ।
উত্তৰ- জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয়বলয়ত অৱস্হিত ǀ এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ এলেকা ǀ মহাসাগৰৰ তলিত হোৱা ভূমিকম্প,আগ্নেয়গিৰি উদ্গিৰণৰ বাবে জাপানৰ উপকূলীয় অঞ্লত প্ৰচণ্ড ঢৌৰ বা ছুনামিৰ সৃষ্টি হয় ǀ ইয়াৰ লগতে প্ৰশান্ত মহাসাগৰত সঘনাই সৃষ্টি হোৱা সাগৰীয় ধুমুহাইও জাপানৰ উপকূলীয় পাৰ্শ্বৱৰ্তী অঞ্লত ছুনামিৰ সৃষ্টি কৰে ǀ

( ঘ ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট ।
উত্তৰ- মহাসাগৰত চলা পৰিবহন ব্যৱস্হাক জাহাজ পৰিবহণ ব্যৱস্থা বুলি জনা যায় ǀ ই আটাইতকৈ সহজ আু কম খৰচী পৰিবহন ব্যৱস্হা ǀ জলপথবোৰ প্ৰাকৃতিক ঘাইপথ ǀ এই পথবোৰ প্ৰাকৃতিক হোৱাৰ বাবে এই ক্ষেত্ৰত কোনো অৰ্থ ব্যয়কৰা নহয় ǀপানীৰ স্বাভাৱিক ধৰ্মৰ বাবেই জাহাজবোৰে গধুৰ আৰু বৃহৎ পৰিমাণৰ মালবস্তু সহজে পৰিবহন কৰিব পাৰে ǀ পানীৰ ওপৰেৰে গতি কৰা জাহাজবোৰত সাধাৰণতে শক্তি আৰু ইন্ধনৰ খৰচো তুলনামূলকভাৱে কম ǀ চাৰিওপিনে মুক্ত আৰু সমান বাবে স্হলপথত থকা কিছুমান বাধা জলপথত নাথাকে ǀ তথাপি ঠাইভেদে জাহাজবোৰে কুঁৱলী, শৈলশিৰা, ধুমুহা হিমপ্লাৱনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে ǀ সেয়েহে জাহাজবোৰে সদায় নিৰ্দিষ্ট গতিপথেৰে গতি কৰে ǀ

৩ । শুদ্ধ উত্তৰটোত চিন দিয়া ।

(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় — 

( ক ) মেৰু অঞ্চলত 

( খ ) নিৰক্ষীয় অঞ্চলত

( গ ) এটাও নহয় । 

উত্তৰ-(খ) নিৰক্ষীয় অঞ্চলত

(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা - নমা কৰাকে — 

(ক) সাগৰীয় সোঁত 

(খ) জোৱাৰ - ভাটা

(গ) টৌ বোলে । 

উত্তৰ-(খ) জোৱাৰ - ভাটা
(৩) ছুনামি শব্দৰ অৰ্থ হ'ল — | 

(ক) ভূমিকম্প

(খ) সাগৰৰ ঢৌ 

(গ) পোতাশ্রয়ৰ ঢৌ । 

উত্তৰ- (খ) সাগৰৰ ঢৌ

(৪) সাঁতুৰিব পৰা সাগৰীয় প্রাণীবোৰ 

(ক) নেকটন ।

(খ) বেনথ ’ জ

(গ) প্লেংকটন শ্ৰেণীৰ ।  

উত্তৰ- (ক) নেকটন ।

৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা-

ক ) ডায়েটম

খ ) নিৰক্ষীয় অঞ্চলত

গ ) সাধাৰণ নিমখ

ঘ ) সপ্তমী আৰু অষ্টমী তিথিত

ঙ ) মৎস্য ক্ষেত্ৰবোৰ

ক ) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।

খ ) নাটনি জোৱাৰ হয় । 

গ ) এবিধ উদ্ভিদ প্লেংকটন ।

ঘ ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।

ঙ ) পানীৰ ঘনত্ব কম হয় ।

উত্তৰ- 
ক) ডায়েটম ... গ) এবিধ উদ্ভিদ প্লেংকটন ।

খ) নিৰক্ষীয় অঞ্চলত...ঙ) পানীৰ ঘনত্ব কম হয় ।

গ) সাধাৰণ নিমখ ...ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।

ঘ) সপ্তমী আৰু অষ্টমী তিথিত... খ) নাটনি জোৱাৰ হয় ।

ঙ) মৎস্য ক্ষেত্ৰবোৰ...ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।


Comments

3-popular-180px-course