পাঠ-৬ ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্হা
১) চমু উত্তৰ লিখা-
(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা ǀ
উত্তৰ- লো তীখাৰ উদ্যোগ
(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা ǀ
উত্তৰ- খাৰুৱা তেল
(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা ǀ
উত্তৰ- মহাৰাষ্ট্ৰ
(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহন সেৱা বিধৰ নাম লিখা ǀ
উত্তৰ- ৰেল পৰিবহন সেৱা
(ঙ) অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম লিখা ǀ
উত্তৰ- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ (বৰঝাৰ)
২) শুদ্ধ উত্তৰটো লিখা-
(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্হান পৃথিৱীৰ ভিতৰত-
(ক) তৃতীয়
(খ) দ্বিতীয়
(গ) প্ৰথম
উত্তৰ- (গ) প্ৰথম
(খ) ভাৰতত প্ৰথমে ৰে’ল চলিছিল-
(ক) ১৮৩৫ চনত
(খ) ১৯৩৫ চনত
(গ) ১৮৫৩ চনত
উত্তৰ- (গ) ১৮৫৩ চনত
(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল-
ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ ,
(খ) ২নং ৰাষ্ট্ৰীয় ঘাইপথ,
(গ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ- (গ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে-
(ক) অসম,
(খ) কেৰেলা ,
(গ) অন্ধ্ৰপ্ৰদেশ
উত্তৰ- (খ) কেৰেলা
৩) উত্তৰ লিখা-
(ক) ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে ?
উত্তৰ- ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহহৈছে-
➡️ উত্তৰ পূৱ উপদ্বীপীয় বলয়- ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ
➡️মধ্য বলয়- ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ
➡️ দক্ষিণ বলয়- কৰ্ণাটক মালভূমি আৰু তামিলনাডু
➡️দক্ষিণ পশ্চিম বলয়-কৰ্ণাটক আৰু গোৱা
➡️উত্তৰ পশ্চিম বলয়-আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্হান আৰু গুজৰাট
➡️উত্তৰ পূৱ তৈল বলয়- অসমৰ বহ্মপুত্ৰ উপত্যকা
হয়, অসমৰ বহ্মপুত্ৰ উপত্যকা উত্তৰ পূৱ তৈল বলয়ত অন্তৰ্ভুক্ত হৈ আছে ǀ
(খ) ভাৰতৰ পাঁচটা প্ৰধান লো তীখা উদ্যোগৰ নাম লিখা ǀ
উত্তৰ- ভাৰতৰ পাঁচটা প্ৰধান লো তীখা উদ্যোগ হৈছে-
➡️জামছেদপুৰ টাটা তীখা উদ্যোগ
➡️বাৰ্ণপুৰ তীখা উদ্যোগ
➡️ভদ্ৰাৱতী তীখা উদ্যোগ
➡️ভিলাই তীখা উদ্যোগ
➡️ৰুৰকেল্লা তীখা উদ্যোগ
(গ) মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে ?
উত্তৰ- মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ǀ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় ǀ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানী কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবেমুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে ǀ
৪) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্হল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিবৰ্তন আনিছে লিখা ǀ
উত্তৰ- অতীজত মানুহে এঠাইৰ পৰা আনঠাইলৈ খোজ কাঢ়ি অথবা হাতী,ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল ǀ জলভাগত নাৱেৰে মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিল ǀ পুৰণি যাতায়ত আৰু পৰিবহন ব্যৱস্হাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল ǀ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্হল, জল আৰু বায়ু পৰিবহন যথেষ্ঠ সুচল হৈ পৰিছে ǀ দুৰ্গম অঞ্চলবোৰ স্হলপথেৰে যোগাযোগ সম্ভৱ হৈছে ǀ কম খৰচী জলপৰিবহনৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলো অহা যোৱা কৰিব পাৰিছে ǀ বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তঃত উপলব্ধ হৈছে ǀ অৱশ্যে ই আন পৰিবহন ব্যৱস্হাৰ তুলনাত আৰামদায়ক যদিও খৰচী ǀ
ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্হল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে ǀ আধুনিক যুগৰ জি পি এচ, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহনৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি ǀ
স্হল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তিসম্বলিত যানবাহন বোৰে আগতকৈ কম পৰিমাণে পৰিবেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাষণ কৰে ǀ
৫) পৰিবহন ব্যৱস্হা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ ǀ কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা ǀ
উত্তৰ-
১) পৰিবহন ব্যৱস্হাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয় ǀ
২) পৰিবহন ব্যৱস্হাৰ লগত লাখ লাখ লোক প্ৰতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে ǀ উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহন সেৱাতে ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে ǀ
৩)পৰিবহন ব্যৱস্হাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে ǀ ৰেলসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে ǀ উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত ৰেল পৰিবহন ব্যৱস্হাৰ পৰা দেশত ১০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল ǀ
৬)ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা
ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম লিখা ǀ
উত্তৰ- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰঙ, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাওঁ, বঙ্গাইগাঁও, ধুৱুৰী, কোকৰাঝাৰ ইত্যাদি ǀ
খ) ৰেলপথে সংযোগ নকৰা উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা ǀ
উত্তৰ- নাগালেণ্ড,মণিপুৰ,মিজোৰাম আৰু মেঘালয়
গ) বহ্মপুত্ৰ উত্তৰ পাৰে ধেমাজী জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম লিখা ǀ
উত্তৰ- মোকংচেলেক







Comments
Post a Comment