পাঠ-৭ অসমৰ নদ-নদী
Download SCERT - Assam Class 7 Social Science Textbook
👉 Click here
অনুশীলনী ঃ
১ । চমু উত্তৰ লিখা —
( ক ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি ?
উত্তৰঃ - ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ'ল চেমা- য়ুং-দুং হিমবাহ।
( খ ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ্য কিমান ?
উত্তৰঃ - ২,৯০৬ কিল'মিটাৰ।
( গ ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ?
উত্তৰঃ - ব্ৰহ্মপুত্ৰৰ উৎস তিব্বত ৰাষ্ট্ৰত আছে।
( ঘ ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?
উত্তৰঃ - উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী V আকৃতিৰ দৰে হয়।
( ঙ ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে ?
উত্তৰ- ব্ৰহ্মপুত্ৰ নৈ তিব্বত,চীন,ভাৰত আৰু বাংলাদেশ ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে
২ । শুদ্ধ উত্তৰটো লিখা
( ক ) গিৰিখাত নিম্নভূমি / মোহনা / উচ্চভূমি অঞ্চলৰ ভূ - আকৃতি ।
উত্তৰঃ - উচ্চভূমি
( খ ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পর্বত / সমভূমি / মালভূমিত দেখা যায় ।
উত্তৰঃ - সমভূমি
( গ ) প্লাৱনভূমিত থকা চৰ - চাপৰি নৈৰ খনন / পৰিবহণ / অৱক্ষেপণৰ ফলত সৃষ্টি হয় ।
উত্তৰঃ - অৱক্ষেপণ
( ঘ ) বৰাক নৈ অসমৰ ২ / ৩ / ৪খন জিলাৰ মাজেৰে বৈ গৈছে ।
উত্তৰঃ - ৩ খন ǀ
৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা
চাংপো একা - বেঁকা গতি পথ
অৰুণাচল প্রদেশ মাজুলী
সর্পিল চিয়াং
কলং তিব্বত
নদী দ্বীপ সুঁতি
উত্তৰঃ -
চাংপো. তিব্বত
অৰুণাচল প্রদেশ. চিয়াং
সর্পিল...................................একা - বেঁকা গতি পথ
কলং....................................সুঁতি
নদী দ্বীপ................................মাজুলী
৪ । চমু টোকা লিখা —
( ক ) নৈৰ উচ্চগতি অংশৰ কাৰ্য
উত্তৰ- নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি ǀ পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আঁহোতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয় ǀএই অংশত নদীয়ে সোঁতত শিল ,বালি,মাটি কঢ়িয়াই আনে ǀ নদীৰ গতিপথ ইংৰাজী v আখৰৰ দৰে হয় ǀ ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয় ǀ
( খ ) নৈৰ মধ্যগতি অংশৰ কার্য ।
উত্তৰ- কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদী গতি ধীৰ হয় ǀ এই অংশত নদীৰ গেদ পৰিবহন ক্ষমতা কম হয় ǀ ফলত পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অনা শিল , বালি, মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে ǀনদীৰ খনন ক্ষমতা কম হয় ǀ মধ্যগতিত নদীখনত পাৰ্শ্বখনন আৰু অৱক্ষেপনৰ ফলত গতিপথ একাবেঁকা হয় যাক নদীৰ সৰ্পিল গতিও বোলে ǀ খৰালি কালত অৱক্ষেপনৰ ফলত চৰ চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে ǀ নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয় ǀ অৱশ্যে বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে ǀ
( গ ) নৈৰ নিম্নগতি অংশৰ কার্য ।
উত্তৰ- নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰৰ পৰেগৈ ǀ নিম্নগতিত নদীৰ গতি অতি ধীৰ হয় ǀনদীখনৰ শাখা প্ৰশাখা বেছি হয় ǀনদীয়ে সোঁতত লৈ যোৱা বালি ,মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে ǀইয়াৰ ফলত অসমীয়া “ব” আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয় ǀ এই দ্বীপবোৰক ব-দ্বীপ বোলে ǀ
( ঘ ) বৰাক নৈৰ গতিপথ ।
উত্তৰ- বৰাক নৈখন মণিপুৰৰ ‘মৰাম’ অঞ্চলৰ পৰা উৎপত্তি হৈ অসমত প্ৰৱেশ কৰি বাংলাদেশ হৈ বংগোপসাগৰত পৰিছেগৈ ǀ নৈখন অসম আৰু মণিপুৰত অতি সৰ্পিল গতিপথেৰে গতি কৰিছে ǀ কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অখংস্য জলাহ দেখা যায় ǀবাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে ǀ
৫ । উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বর্তমান কি কি নামেৰে জনা যায় লিখা ।
উত্তৰ- তিব্বত-চেমা- য়ুং-দুং হিমবাহ (উৎপত্তি স্হল)
তিব্বত- চাংপো
অৰুণাচল প্ৰদেশ (উত্তৰ অংশ)- চিয়াং
অৰুণাচল প্ৰদেশ (পাছিঘাট)- দিহং
অসম-বহ্মপুত্ৰ
বাংলাদেশ-পদ্মা (গংগা নদীৰ লগত মিলি)
৬ । ভাৰতৰ উত্তৰ - পূব অঞ্চলৰ এখন নক্সা মানচিত্র অংকন কৰি ভূ - চিত্ৰাৱলীৰ সহায় লৈ তলত দিয়া অবয়ৱসমূহ বহুওৱা ।
১ । অৰুণাচল হিমালয় ১১ । দিবং
২ । বৰাইল পর্বত ১২ । লোহিত
৩ । কার্বি মালভূমি । ১৩ । পাগলদিয়া
৪ । খাছীয়া - জয়ন্তীয়া পাহাৰ ১৪ । মানাহ
৫ । নগা পাহাৰ ১৫ । দিখৌ
৬ । মণিপুৰ ১৬ । ধনশিৰি
৭ । মিজোৰাম ১৭ | বৰাক
৮ | গাৰোপাহাৰ ১৮ । জাতিংগা উপনৈ
৯ । ব্রহ্মপুত্র ১৯ । ধলেশ্বৰী
১০ । সোৱণশিৰি ২০ । সোণাই
উত্তৰ-
৭ । নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা ।
উত্তৰ- নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে ǀ নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে ǀ যেনে-খাদ্যৰ বাবে ,ধোৱা মেলা,কৃষিকৰ্ম, বিভিন্ন উদ্যোগ ত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয ǀবাৰিষা কালত নদীবোৰে প্ৰতিবছৰে এৰি থৈ যোৱা পলস ৰ পৰা সৃষ্টি হোৱা প্লাৱভূমি সমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী ǀ খৰালি পানী কম হলেও নদ-নদী কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি ǀনদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰটো যথেষ্ঠ লাভবান হয় ǀ নদীকাষৰ পাৰ্শ্বৱতী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হব পাৰে ǀ নদীত উপলব্ধ সৰু ডাঙৰ মাছধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে ǀ উপৰুক্ত সা-সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে ǀ
৮ । বাতৰি কাকত , আলোচনী আদিত প্রকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্র সংগ্রহ কৰি এটি এলবাম প্রস্তুত কৰা ।
৯ । গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা । প্রয়োজনবোধে শিক্ষক আৰু ভূ - চিত্ৰাৱলীৰ সহায় ল ’ বা । ।
উত্তৰ- বুঢ়ীদিহিং, দিখৌ,ভোগদৈ,জাজী,ধনশিৰি,কলং,কপিলী,যমুনা আৰু ভৰলু ǀ







Comments
Post a Comment