পাঠ - ৫ পানী ।। চতুৰ্থ শ্ৰেণী ।। বিষয় - অসমীয়া ।। পাঠ্যপুথি - অংকুৰণ ।। পাঠভিত্তিক ক্ৰিয়াকলাপ Class 4 Assamese Question Answers
পাঠ - ৫ পানী
চতুৰ্থ শ্ৰেণী
বিষয় - অসমীয়া
পাঠ্যপুথি - অংকুৰণ
পাঠভিত্তিক ক্ৰিয়াকলাপ
উত্তৰ দিয়া ।
👉 নৈ-বিল, জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক'ত ক' ত থাকে?
উত্তৰ : মাটিৰ তলত, জীৱৰ দেহত, পুখুৰী, সাগৰ-মহাসাগৰ, আদত থাকে।
উত্তৰ দিয়া ।
ক) আমি পানী কত কত পাওঁ?
উত্তৰ : আমি পানী নদ-নদী, জান-জুৰি, নলী-নাদ, পুখুৰী আদিত পাওঁ।
খ) পানী কি কি অৱস্থাত থাকে?
উত্তৰ : পানী গোটা, জুলীয়া আৰু ভাপ অৱস্থাত থাকে।
গ) পানী উতলিলে কেনে শব্দ হয়?
উত্তৰ : পানী উতলিলে বক্ বক্ শব্দ হয়।
ঘ) পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়?
উত্তৰ : পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়।
👉 মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। - পাঠটিত পানীয়ে কি কি আকাৰ লোৱা কথা কৈছে?
উত্তৰ : পাঠটিত পানীয়ে প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লোৱা কথা কৈছে।
তলৰ শব্দবোৰৰ অৰ্থ লিখা।
আকাৰ - গঠন
সূক্ষ্ম - সৰু
ছিদ্ৰ - বিন্ধা
অবিৰাম - বিৰামহীন
সুৰুঙা - বিন্ধা বা ফুটা
ধৰা - পৃথিৱী
উত্তৰ দিয়া ।
ক) পানী ভাপ হৈ ক'লৈ যায়?
উত্তৰ - পানী ভাপ হৈ আকাশলৈ যায়।
খ) পানী বৰষুণ হৈ ক'লৈ নামি আহে?
উত্তৰ - পানী বৰষুণ হৈ ধৰালৈ নামি আহে।
বাক্য ৰচনা কৰা :
অবিৰাম - নদীত পানী অবিৰাম বৈ থাকে।
জান-জুৰি - জান-জুৰিত পানী পোৱা যায়।
কুলু- কুলু - পাহাৰৰপৰা পানী বৈ আহিলে কুলু কুলু শব্দ হয়।
সুৰুঙা - পানী সুৰুঙাৰে অতি সহজে উলাই যাব পাৰে।
ছিদ্ৰ - পানী ছিদ্ৰৰে উলাই আছে ।







Comments
Post a Comment