Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-৮ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Class 8 SOCIAL SCIENCE

পাঠ-৮  ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ


১) চমু উত্তৰ দিয়া

(ক) স্কেল বা মাপনী বুলিলে কি বুজা ?
উত্তৰ-মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকে স্কেল বা মাপনী বোলে ǀ 


(খ) ভৌগোলিক তথ্য ব্যৱস্হা বুলিলে কি বুজা ?
উত্তৰ- যিটো ব্যৱস্হাই তথ্যসংগ্ৰহ,পৰীক্ষণ,বিশ্লেষণ,প্ৰদৰ্শন আধি কাৰ্য পৃথিৱীৰ বিভিন্ন স্হানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্হা বোলে ǀ


২) শুদ্ধ উত্তৰটোত √ চিন দিয়া

ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছল-
(১)ইৰাট’স্হনিচে 
(২) ট’লেমিয়ে
(৩)কাৰ্লৰিটাৰে
উত্তৰ-(২) ট’লেমিয়ে  

খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল-
(১) নিৰূপক ভগ্নাংশ
(২) ৰৈখিক স্কেল
(৩) ভাষাৰ স্কেল
উত্তৰ- (১) নিৰূপক ভগ্নাংশ

গ)আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে-
(১) মিছৰত
(২) মেছ’প’টেনিয়ামত
(৩) চীনত
উত্তৰ- (২) মেছ’প’টেনিয়ামত

৩) বহলাই লিখা-
মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ সম্বন্ধে এটি টোকা লিখা ǀ 
উত্তৰ- মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ আৰম্ভণিৰে পৰা মানচিত্ৰ বনোৱাৰ বাবে চেষ্টা চলাই আহিছে ǀ আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে -মেছ’প’টেনিয়াম (বৰ্তমানৰ ইৰাকত) ǀ এই মানচিত্ৰ টোৰাকোটা ফলকত অংকিত কৰা হৈছিল ǀ মিছৰত এনে মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল ǀ তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল ǀখ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰা হৈছিল ǀ তেওঁলোকে পাটৰ কাপোৰত নদ-নদী, পাহাৰ পৰ্বত,ৰাস্তাঘাট দেখুৱাই মানচিত্ৰ অংকন কৰিছিল ǀ
 প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে (খ্ৰীষ্টপূৰ্ব ৯০-১৬৮) মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল ǀদ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্হান নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছিল ǀ
 
 ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন আনে ǀলাহে লাহে সম্পদৰ বিতৰণ,ব্যৱহাৰ আদি তথ্য দেখুৱাই ঠায়ে ঠায়ে বিষয়ভিত্তিক মানচিত্ৰ তৈয়াৰ কৰা হয় 
খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ পৰাই ভাৰতত মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ǀ ভাৰবৰ্ষৰ প্ৰাচীন ৰজা মহাৰজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল ǀআমাৰ দেশত ইংৰাজসকলে প্ৰথমে বিজ্ঞানসন্মতভাৱে মানচিত্ৰ অংকন ৰ কৌশল অৱলম্বন কৰিছিল ǀ ১৯ শতিকাৰ আৰম্ভণিতে চাৰ্ভেয়ৰ উলিয়াম লেমটনে বিজ্ঞানসন্মত মানচিত্ৰ অংকন কৰিছিল ǀ সম্প্ৰতি দূৰ সংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুত মানচিত্ৰ অংকন কৰিব পৰা যায় ǀ



Comments

3-popular-180px-course