Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

খৰিকটীয়া আৰু জল-দেৱতাৰ সাধু

খৰিকটীয়া আৰু জল-দেৱতাৰ  সাধু

বহুত দিন আগৰ কথা, এখন গাওঁত এজন খৰিকটীয়া আছিল ৷ সি দিনৰ দিনটো হাবিত খৰি কাটি, সেই খৰি আনি বজাৰত বিক্ৰী কৰি ঘৰখন পোহপাল দি আছিল ৷ এদিনাখন খৰিকটীয়াই এখন নৈৰ পাৰৰ এখন হাবিত খৰি কাটি থাকোঁতে হঠাৎ তেওঁৰ হাতৰ পৰা কুঠাৰখন পানীত পৰিল ৷ সেই কুঠাৰখনেই খৰিকটীয়াৰ পৰিয়ালটোৰ একমাত্ৰ জীৱিকাৰ উপায় আছিল ৷ কুঠাৰখন পানীত পৰাত তেওঁ উপায়বিহীন হৈ নৈৰ পাৰতে বহি কান্দিবলৈ ধৰিলে ৷ খৰিকটীয়াই এনেদৰে কান্দি থাকোঁতেই এজন জল দেৱতা পানীৰ পৰা সোণৰ কুঠাৰ এখন হাতত লৈ উঠি আহি খৰিকটীয়াৰ সন্মুখত থিয় হ’ল – জল-দেৱতাই সুধিলে – “হে খৰিকটীয়া এই খনেই তোমাৰ হেৰুৱা কুঠাৰ নেকি ?”খৰিকটীয়া জনে  জল-দেৱতাৰ হাতত থকা সোণৰ কুঠাৰখনৰ ফালে চাই ক’লে – “হে! জল-দেৱতা এই খন মোৰ কুঠাৰ নহয় ৷”

উত্তৰটো শুনি জল-দেৱতাই পানীত বুৰ মাৰি এইবাৰ এখন ৰূপৰ কুঠাৰ লৈ উঠি আহি খৰিকটীয়াক দেখুৱালে ৷ খৰিকটীয়াই এইখনো তেওঁৰ নহয় বুলি ক’লে ৷ এইবাৰ জল-দেৱতাই পুনৰ পানীত বুৰ মাৰি খৰিকটীয়াৰ আচল কুঠাৰখন আনি দেখুৱালে ৷ খৰিকটীয়াই নিজৰ কুঠাৰখন দেখি নিজৰ চকুলো ৰখাব নোৱাৰিলে আৰু তেওঁ ভঙা ভঙা মাতেৰে ক’লে "হয়, এইখনেই মোৰ কুঠাৰ" ৷খৰিকটীয়াৰ এই সাধুতাত জল-দেৱতা সন্তুষ্ট হৈ তিনিওখন কুঠাৰেই তেওঁক দি দিলে ৷

খৰিকটীয়াই হাবিৰ পৰা আহি তেওঁৰ লগত ঘটা ঘটনাটো গাওঁৰ মানুহৰ আগত প্ৰকাশ কৰাত আন এজন মানুহে নৈখনৰ পাৰত আহি নিজৰ লগত অনা  কুঠাৰখন ইচ্ছাকৃতভাৱে পানীত পেলাই কান্দিবলৈ ধৰিলে ৷তেতিয়া জল-দেৱতাই আগৰ দৰেই এখন সোণৰ কুঠাৰ হাতত লৈ উঠি আহি দেখুৱালে ৷ খৰিকটীয়াজনে সেইখনেই তাৰ কুঠাৰ বুলি ক’লে ৷ খৰিকটীয়াজনৰ এই মিঁছা কথাত জল-দেৱতাৰ খঙ উঠিল আৰু তেওঁ কুঠাৰখনৰ সৈতে পানীত বুৰ মাৰিলে আৰু উঠি নাহিল ৷ ফলত বেচেৰাই নিজৰ কুঠাৰখনো হেৰুৱাবলগীয়া হ’ল ৷

সাধুটোৰ পৰা আমি কি শিকিলোঁ ... "আনৰ বস্তুৰ প্ৰতি লোভ কৰিলে নিজৰ খিনিও হেৰুৱাব লগীয়া হয়। "



Comments

3-popular-180px-course