Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-৪ বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Class 8 SOCIAL SCIENCE

পাঠ-৪   বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন


১ । উত্তৰ লিখাঃ 
( ক ) বসতিক কেই ভাগত ভাগ কৰা হয় ? 
উত্তৰঃ ২ টা ভাগত ǀ
( খ ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত ? 
উত্তৰঃ ৭৫% লোক ǀ

( গ ) নগৰৰ কেন্দ্রীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত ? 
উত্তৰঃ ব্যৱসায় বাণিজ্যৰ লগত জড়িত ǀ

( ঘ ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?
উত্তৰঃ ৩টা ভাগত ǀ 
( ঙ ) লোকপিয়ল বিভাগে নির্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে ?
উত্তৰঃ ৫৫০০ জন ǀ
( চ ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি ? 
উত্তৰঃ গুৱাহাটী ǀ

২ । শুদ্ধ / অশুদ্ধ লিখাঃ

( ক ) নগৰীয়া বসতিতকৈ গ্রাম্য বসতিত জনসংখ্যা ঘনত্ব অধিক । 
উত্তৰঃ অশুদ্ধ

( খ ) গ্রাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ।
উত্তৰঃ অশুদ্ধ

( গ ) নতুন দিল্লী এখন প্রশাসনিক নগৰ । 
উত্তৰঃ শুদ্ধ

( ঘ ) আগ্রা এখন নদীৰ পাৰত অৱস্থিত নগৰ । 
উত্তৰঃ শুদ্ধ

( ঙ ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত । 
উত্তৰঃ শুদ্ধ

৩ । চমুকৈ উত্তৰ লিখাঃ

(ক) গ্রাম্য অঞ্চলৰ বৃত্তি ।
উত্তৰঃ গ্ৰাম্যাঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি ǀ গাঁৱৰ আৱাসীসকলে ধান ,মাহ, সৰিয়হ,মৰাপাটআৰু ঋতু অনুযায়ী বিভিন্ন শাক-পাছলিৰ খেতি কৰে ǀ ইয়াৰ উপৰিও গ্ৰাম্যাঞ্চলৰ লোকসকলে মাছ ধৰা ,মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু-সুৰা ব্যৱসায় আৰু কিছু সংখ্যক চৰকাৰী চাকৰিতো নিয়োজিত হৈ থাকে ǀ

(খ) নগৰীয়া বসতিৰ সা - সুবিধা । 
উত্তৰঃ নগৰীয়া বসতি অঞ্চলত শিক্ষা ,স্বাস্হ্য আু আৱাসৰ সুব্যৱস্হাসমূহ পোৱা যায় ǀ দেখা যায় নগৰবোৰত শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান থাকে, পৰিকল্পিত ঘৰ দুৱাৰ, দোকান সজাৰ ব্যৱস্হা থাকে,যাতায়তৰ সুবিধা থাকে, উন্নত চিকিৎসা সেৱা পোৱা যায়,বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্হাসমূহ উপলব্ধ ǀ

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি ? 
উত্তৰঃ নগৰীয়া বসতি অঞ্চলত শিক্ষা ,স্বাস্হ্য আু আৱাসৰ সু-ব্যৱস্হাসমূহ পোৱা যায় ǀ দেখা যায় নগৰবোৰত শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান থাকে, পৰিকল্পিত ঘৰ দুৱাৰ, দোকান সজাৰ ব্যৱস্হা থাকে,যাতায়তৰ সুবিধা থাকে, উন্নত চিকিৎসা সেৱা পোৱা যায়,বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্হাসমূহ উপলব্ধ । উক্ত সুবিধাবোৰ থকাৰ বাবে নগৰত বসতি ঘন হয় ǀ

( ঘ ) মেগা’পলিছ কাক বোলে ?
উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলত ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগা’পলিছ বোলে ǀ


৪ । নগৰৰ সা - সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা ।
উত্তৰঃ 
নগৰৰ সুবিধাসমূহ

১. শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়

২. উন্নত চিকিৎসা সেৱা পোৱা যায়

৩. যাতায়তৰ সুবিধা থাকে ǀ

৪. বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্হাসমূহ উপলব্ধ ǀ

৫. পৰিকল্পিত ঘৰ দুৱাৰ, দোকান সজাৰ ব্যৱস্হা থাকে ǀ

৬. নিয়োগৰ সুবিধা বেছি ǀ

৭. বেংক,পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য

নগৰৰ অসুবিধাসমূহ
১. বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়

২. গাড়ী ,মটৰৰ পৰা ওলোৱা ধোৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ

৩. আৱৰ্জনা নিষ্কাষণৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়

৪. কৃত্ৰিম বানপানীৰ সমস্যা

৫. খেলপথাৰ,উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ

৬. যান-যটৰ সমস্যা

৭. দ্ৰুত জনসংখ্যা বৃদ্ধি,নগৰীকৰণৰ সমস্যা

৮. ঘৰ,উদ্যোগ,বাট-পথ,দোকান,অনুষ্ঠান-প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনি

৫ । ভূ - চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা । 
উত্তৰ- 
ক্ৰমিক নং         নগৰ                                 জিলা

৬ । তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অহর্তা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত | জড়িত তাৰ জৰীপ কৰি এখন প্রতিবেদন প্রস্তুত কৰা ।
উত্তৰঃ 

Comments

3-popular-180px-course