পাঠ ৩ : অষ্টম শ্ৰেণী/ সমাজ বিজ্ঞান/ভূগোল বিজ্ঞানৰ খণ্ড/ বসতি
১ । খালী ঠাই পূৰ কৰাঃ
(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে ।
(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা - সুবিধা ভোগ কৰে ।
(গ) আলিবাট , ৰে'লপথ , নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে ।
(ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ ’ ল ২৫,৫৯০ খন ।
২ । শুদ্ধ উত্তৰটো বাছি উলিওৱা —
( ক ) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ - বাণিজ্য / উদ্যোগ / কৃষি ।
( খ ) গ্রাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যা ঘনত্ব কম / অধিক / সমান ।
( গ ) ভাৰতৰ প্রায় ৭০ / ৮০ / ৬০ শতাংশ লোকে গাঁৱত বাস কৰে ।
( ঘ ) কোনো ঠাইত থুপ খাই থকা বসতিয়েই হ’ল ৰৈখিক / কেন্দ্রীভূত / পাতল বসতি ।
৩ । উত্তৰ লিখা - ( ৪টা বা ৫টা বাক্যৰ ভিতৰত )
( ক ) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা ?
কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে লগে স্হায়ীভাৱে বাস কৰিবলৈ ললে ǀ বিশেষকৈ মাটি চহোৱা,শস্যৰ চোৱা চিতা কৰা ৰ স্বাৰ্থত মানুহে স্হায়ীভাৱে থাকিবলগীয়া হয় ǀ খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্হায়ীভাৱে থাকিবলগীয়া হয়
( খ ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা ।
গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হল- কৃষি ǀ বসতি পাতল আৰু বিস্তৃত ǀ ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয় ǀ এলেকাটোত যাতায়তৰ ব্যৱস্হা সুচল নহয় ǀ অঞ্চলটোত যান বাহনৰ সংখ্যা কম ǀব্যৱসায় বাণিজ্যৰ সুবিধা কম ǀ গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম ǀ
( গ ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা ।
কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা –সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে ǀএনে বসতিক কেন্দ্রীভূত বসতি বোলে ǀ কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি ফঠা অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ কেন্দ্রীভূত বসতি সৃষ্টি হয় ।
( ঘ ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা ।
পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে ǀ এই উদ্যোগবিলাক যথেষ্ঠ মানুহ জড়িত হৈ থাকে ǀ কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে ǀ এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড- বেংক,ডাক,বীমা,শিক্ষানুস্হান, চিকিৎসালয়ত বহুতো লোকে সংস্হাপন পাই থাকে ǀ যাতায়ত আৰু যোগাযোগ ব্যৱস্হাৰ লগতে চৰকাৰী চাকৰীত জড়িত হৈ বহুতে সংস্হাপন বিচাৰি পাইছে ǀ
( ঙ ) গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলোচনা কৰা
সাধাৰণতে বেপাৰ বাণিজ্যই গাওঁ আৰু নগৰৰ মাজৰ সম্পৰ্ক নিৰূপণ কৰে ǀ সেৱামূলক কাৰ্যও এই সম্পৰ্ক গঢ় দিয়ে ǀগাওঁবাসীয়ে নগৰৰ নিবাসীক কৃষিজাত সামগ্ৰীৰ যোগান ধৰে আৰু নগৰৰ পৰা ঔদ্যোগিক আৰু অন্য সেৱা গাওঁ অঞ্চলে লাভ কৰে ǀ বেংক,ডাক,বীমা ,শিক্ষা দীক্ষা আদিৰ যোগেদিও গাওঁ আৰু নগৰৰ মাজত সম্পৰ্ক গঢ় লৈ উঠে ǀ
৪ । চমুটোকা লিখাঃ
( ক ) ৰৈখিক বসতি
বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে ǀ যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতিয়েই হৈছে ৰৈখিক বসতি ǀ
( খ ) বর্গক্ষেত্রাকাৰ বসতি
গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি ও এক ধৰণৰ বসতিৰ সৃষ্টি হয় ǀ অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে ǀএই বসতি সাধাৰণতে বর্গক্ষেত্রাকাৰ হয় আৰু দুই বা তাতোধিক পথৰ সংযোস্হলৰ আশে পাশে দেখা যায় ǀ এইবোৰক বর্গক্ষেত্রাকাৰ বসতি বোলে ǀ
( গ) উচ্চভূমিৰ বসতি ।
উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায় ǀ এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয় ǀ তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায় ǀ
৫ । পার্থক্য লিখা –
( ক ) গ্রাম্য বসতি আৰু পৌৰ বসতি ।
( খ ) ৰৈখিক বসতি আৰু কেন্দ্রীভূত বসতি ।
বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে ǀ যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতিয়েই হৈছে ৰৈখিক বসতি ǀ
কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা –সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে ǀএনে বসতিক কেন্দ্রীভূত বসতি বোলে ǀ
( গ ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি ।
উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায় ǀ এনে অঞ্চল পাহাৰে আৱৰা ,স্হলভাগ থিয় , শিলাময় আৰু ওখোৰা মোখোৰা হোৱাৰ বাবে বসতি পাতল হয় ǀ তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায় ǀ নিম্নভূমিত সমভূমি এলেকা বেছি ǀ এই অঞ্চলবোৰত যাতায়ত, খেতিবাতি,বাণিজ্য আদিৰ বাবে পৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে জনবসতি ঘন হোৱা দেখা যায় ǀ নিম্নভূমি এলেকাত কেন্দ্ৰীভূত,ৰৈখিক,বৰ্গক্ষেত্ৰাকাৰ ৰূপত বসতি দেখা যায় ǀ
উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে ǀ নিম্নভূমিত এই খেতি কৰা নহয় ǀ
উচ্চভূমিত মানুহে চাংঘৰ সজা জীৱ জন্তু পোহিবলৈ ǀ নিম্নভূমিত মানুহে চাংঘৰ সাজে পোহনীয়া জীৱজন্তু,সা সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে ǀ







Comments
Post a Comment