Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ২ : জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8 SOCIAL SCIENCE

পাঠ ২  : জনসংখ্যা বৃদ্ধি আৰু বিতৰণ


অনুশীলনী 
১) শুদ্ধ উত্তৰটো লিখা

ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ? 
১) নিৰক্ষীয় অঞ্চল  
২) উত্তৰ মেৰু  
৩) পূৱ এছিয়া  
৪) আফ্ৰিকাৰ ছাহাৰা মৰুভূমি
উত্তৰঃ ৩) পূৱ এছিয়া 

খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক ? 
১) ইউৰোপ ‌
২) আফ্ৰিকা 
৩) এছিয়া 
৪) অষ্ট্ৰেলিয়া
উত্তৰঃ ৩) এছিয়া 

গ) ২০১১ চনত অসমৰ জনসংখ্যা কিমান আছিল ?
১) ২.২৪ কোটি  
২) ৩.১২ কোটি  
৩) ২.৩৫ কোটি  
৪) ২.৪৬ কোটি
উত্তৰঃ ৩.১২ কোটি 

ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই?
১) এছিয়া  
২) দক্ষিণ আমেৰিকা  
৩) কুমেৰু বা এন্টাৰ্কটিকা  
৪) ইউৰোপ
উত্তৰঃ কুমেৰু বা এন্টাৰ্কটিকা

২) খালী ঠাই পূৰণ কৰাঃ
ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।

গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব ।

ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।

চমুটোকা লিখাঃ

ক) মানৱ সম্পদৰ উন্নয়নঃ সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকেই মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আনহাতে যিখিনি মানুহৰ তেনে দক্ষতাৰ অভাৱ তেনে মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ বুলি ক'ৱ নোৱাৰি । সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতেই হ’ল মানুহৰ বুদ্ধি – বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা । এনেবোৰ গুণৰ বাবেই মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় ।
   আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ফ্ৰান্স, জাপান, চীন, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, কানাডা আদি পৃথিৱীৰ তুলনামূলকভাৱে আগবঢ়া দেশ । এইসমূহ দেশত কাৰিকৰী বিদ্যাত পাৰদৰ্শী, উন্নত শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যা আন দেশৰ তুলনাত বহুত বেছি । এই উচ্চ দক্ষতা সম্পন্ন লোকসকল দেশৰ অমূল্য মানৱ সম্পদ । প্ৰাকৃতিক সম্পদত চহকী হ’লেও মানৱ সম্পদত দুৰ্বল দেশ এখনে অৰ্থনৈতিক বা ঔদ্যোগিক দিশত আগবাঢ়িব নোৱাৰাটো স্বাভাৱিক । 
 
  আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ । ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । কাৰণ প্ৰধানকৈ মানৱ সম্পদৰ বিকাশৰ ওপৰতে দেশ একোখনৰ উন্নতি নিৰ্ভৰ কৰে।
খ) জনসংখ্যাৰ থুপীকৰণঃ
ঠাই বিশেষে জনসংখ্যাৰ বিতৰণ ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায় । অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী, উপত্যকাকেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী, উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী । তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে । মাছ ধৰা বৃত্তি আৰু কম খৰছী যাতায়তৰ সুবিধা থকাৰ বাবে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ ঘটা বুলি ক’ব পাৰি । জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ ভিত্তিত পৃথিৱীত ৪টা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি । সেইবোৰ হ’ল – পূৱ এছিয়া, দক্ষিণ – পূৱ এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ – পূৱ উপকূলীয় অঞ্চল। 
      সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰাচুৰ্য আদি ঘন বসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়ত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা – সুবিধা আদিয়েও জনসংখ্যা কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায় । 
      জনসংখ্যাৰ থূপীকৰণে একোটা অঞ্চলত মানুহৰ কাম – কাজত আহুকালৰ সৃষ্টি কৰে । এনে আহুকালৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয় । 
গ) জনসংখ্যাৰ বিস্ফোৰণঃ বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই । কিন্তু পৰবৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ – আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে । ইয়াৰ ফলত উনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হবলৈ ধৰে । জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে । 
   বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যাৰ বিস্ফোৰণ । ইয়াৰ ফলতেই পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰিও খাদ্যসংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰৰ উদ্ভৱ হৈছে । অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতা সমস্যাৰ সৃষ্টি কৰে । 

৪) জনপ্ৰব্ৰজনৰ কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ? 
উত্তৰঃ কৰ্মসূত্ৰে বা আন কোনো কাৰণত এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ স্থায়ীভাৱে অথবা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে । 
  জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল – সাধাৰণতে যুদ্ধ – বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্যসংকট, ৰাজনৈতিক সংকট, আদি কাৰণত মানুহে এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষাগ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন – যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। মূম্বাই, গুজৰাট, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদিৰ ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ দেশখনৰ বিভিন্ন ৰাজ্যৰ পৰা কৰ্ম সংস্থাপন বিচাৰি মানুহে প্ৰব্ৰজন কৰিছে। এনেদৰে কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিছে। 
   জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল – জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায় । ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে । ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা – সংস্কৃতিৰ সংকটে দেখা দিব পাৰে। 

ক্ৰিয়াকলাপৰ প্ৰশ্নউত্তৰ (পৃষ্ঠা নং ১৪) 
১) জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা লিখা?
উঃ- জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিবৰ্তনকে বুজায়।

২) জনসংখ্যাৰ গুণগত বিকাশ বুলিলে কি বুজা ?
উত্তৰঃ জনসংখ্যাৰ বিকাশ মানে হ’ল মানৱ সম্পদৰ বিকাশ। 

৩) জনসংখ্যাৰ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে? 
উত্তৰঃ দেশ এখনত অভাৱনীয় জনসংখ্যাৰ বৃদ্ধি হ’লে খাদ্যৰ নাটনি, খোৱাপানীৰ সমস্যা, মূল্যবৃদ্ধি, বাসস্থানৰ সমস্যা, শিক্ষা, স্বাস্থ্য, আদি সকলো দিশতেই নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ’বলৈ ধৰে। ইয়াৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰতো মানুহৰ হেঁচা বৃদ্ধি পায়। ফলত পৰিবেশ বিনষ্ট হোৱাৰ লগতে ভবিষ্যতৰ কাৰণে সম্পদৰ নাটনি হোৱাটো নিশ্চিত হৈ পৰে। 


ক্ৰিয়াকলাপ (পৃষ্ঠা নং ১৫) 
১) জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা? 
উত্তৰঃ জনসংখ্যাৰ বিতৰণ বুলিলে অঞ্চল বিশেষে গঢ়ি উঠা বসতিকে বুজা যায়। 

২) জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় উল্লেখ কৰা। 
উত্তৰঃ জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত পৰিবেশৰ কেতবোৰ কাৰকে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। তেনে কাৰকবোৰৰ ভিতৰত পৰ্য্যাপ্ত পৰিমাণৰ অৱস্থিত, স্থলভাগৰ গঠন বা আকৃতি, ঠাইখনৰ জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা আদিয়ে প্ৰধান। এইবোৰৰ লগতে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, ঔদ্যোগিক বিকাশ, নগৰীকৰণ আদিয়েও জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলায়। তদুপৰি দেশৰ শাসন প্ৰণালী, ধৰ্ম নিৰপেক্ষ নীতি আদিয়েও জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়। 

ক্ৰিয়াকলাপ (পৃষ্ঠা নং ১৬)
১) জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ বুলিলে কি বুজা? উদাহৰণৰ সৈতে লিখা। 
উত্তৰঃ যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যা কেন্দ্ৰীভৱন বা থূপীকৰণ ঘটা বুলি ক’ব পাৰি। সাধাৰণতে নদী উপত্যকা অঞ্চলত এনে থুপীকৃত জনসংখ্যা দেখা যায়।

২) সাধাৰণতে কি কি সুবিধাৰ ভিত্তিত জনবসতিৰ থুপীকৰণ ঘটে ?  
উত্তৰঃ শিক্ষা, চিকিৎসা, উন্নত যাতায়ত ব্যৱস্থা, পানী যোগান, বজাৰ আদিৰ সুবিধাৰ ভিত্তিত জনবসতিৰ থুপীকৰণ ঘটে। 

৩) ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যা সমূহ দূৰ কৰাৰ‌ কাৰণে কেনেধৰণৰ বিকল্প ব্যৱস্থা লোৱা হৈছে উল্লেখ কৰা ? 
উত্তৰঃ ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যা সমূহ সমাধানৰ বাবে লোৱা বিকল্প ব্যৱস্থা সমূহ হৈছে – উন্নত দেশসমূহত ঠাইৰ অভাৱত বাসগৃহ, চৰকাৰী কাৰ্যালয় আদিৰ বাবে উচ্চ অট্টালিকা নিৰ্মাণ কৰিছে। তেনেদৰে মাটিৰ তলেৰে সুৰঙ্গ পথ নিৰ্মাণ কৰি পৰিবহনৰ ব্যৱস্থা কৰিছে। 



ক্ৰিয়াকলাপ (পৃষ্ঠা নং ১৮)

১) জনপ্ৰব্ৰজন বুলিলে কি বুজা? কেনেধৰণৰ কাৰণত জনপ্ৰব্ৰজন ঘটে লিখা? 
উত্তৰঃ কৰ্মসূত্ৰে বা আন কোনো কাৰণত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ স্থায়ীভাৱে অথবা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে।
   সাধাৰণতে যুদ্ধ – বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্যসংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষাগ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন নিৰ্বাহ, আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা নিৰ্মাণ কাৰ্য্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাওঁ অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। 
২) প্ৰব্ৰজনৰ উৎসস্থান আৰু লক্ষ্যস্থান বুলিলে কি বুজা?
উত্তৰঃ প্ৰব্ৰজনকাৰী সকলে যি ঠাইৰ পৰা প্ৰব্ৰজন কৰে সেই ঠাইক উৎসস্থান আৰু যিখন নতুন ঠাইত গৈ বসতি কৰিবলৈ লয় সেই ঠাইক লক্ষ্যস্থান বুলি কোৱা হয়। 

ক্ৰিয়াকলাপ (পৃষ্ঠা ১৯)
১) জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজা ? 
উত্তৰঃ জনসংখ্যাৰ ক্ষিপ্ৰ গতিত হোৱা বৃদ্ধিকে জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয়। 

২) জনসংখ্যাৰ বিস্ফোৰণ ফলত সৃষ্টি হোৱা সমস্যা বোৰ কি কি? 
উত্তৰঃ বৰ্তমানে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে জনসংখ্যাৰ বিস্ফোৰণ । ইয়াৰ ফলতেই পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰিও খাদ্যসংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদ উন্নয়নতো সমস্যাৰ সৃষ্টি কৰে। 

৩) কি কি গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক’ব পাৰি? 
উত্তৰঃ বুদ্ধি, বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এইকেইটা গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক’ব পাৰি। 


৪) সুদক্ষ মানৱ সম্পদৰ অভাৱে দেশ এখনক কি কি দিশত দুৰ্বল কৰে? 
উত্তৰঃ প্ৰাকৃতিক সম্পদত চহকী হ’লেও মানৱ সম্পদত দুৰ্বল দেশ এখন অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশত দুৰ্বল হৈ পৰে।

৫) আনবোৰ সম্পদতকৈ মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ হিচাপে আখ্যা দিয়া হৈছে কিয় ? 
উত্তৰঃ সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতেই হ’ল মানুহৰ বুদ্ধি, বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবেই মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি আখ্যা দিয়া হৈছে । 

ক্ৰিয়াকলাপ (পৃষ্ঠা নং ২০)
১) আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা? 
উত্তৰঃ আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

২) আমাৰ দেশত মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা লিখা ? 
উত্তৰঃ বৰ্তমান বিশ্বয়নৰ যুগত গোটেই পৃথিৱীতে মুক্ত বাণিজ্য হৈ উঠিছে । বহুজাতিক বাণিজ্যিক গোষ্ঠীবোৰে কাৰিকৰী দিশত পাৰদৰ্শী ব্যক্তিসকলক নিযুক্তি দি পৃথিৱীত বাণিজ্যিক প্ৰসাৰ ঘটাইছে । এনেধৰণৰ নিযুক্তি লাভৰ কাৰণে আমাৰ দেশৰ মানুহৰ মাজত অন্য দেশলৈ যোৱাৰ প্ৰৱণতা বাঢ়িছে । ফলত আমাৰ দেশৰ মানৱ সম্পদ সমূহৰ অভাৱ ঘটিবলৈ ধৰিছে ।




Comments

3-popular-180px-course