Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ-১ প্ৰাকৃতিক সম্পদ Class 8 SOCIAL SCIENCE

পাঠ-১  প্ৰাকৃতিক সম্পদ

১ । চমু উত্তৰ লিখা — 
(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা । 
উত্তৰ-
ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)
খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ )

(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা) 
উত্তৰ-ক) খেতিপথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলদ্ধ হলে তাৰ আশে পাশে জন বসতি ঘন হয়।
 খ) কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলদ্ধ হলে তাৰ আশে পাশে জন বসতি ঘন হয়।

(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দর্শোৱা। 
উত্তৰ-  
ক) কৃষিত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ
খ) খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে 

(ঘ) বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। 
উত্তৰ-  
ক) ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে 
খ) ভূ-তল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে 

২ । শুদ্ধ উত্তৰত √চিন দিয়া- 
(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে? 
   (১) অবাবতে পানীৰ টেপ খুলি থলে, 
   (২) ভূ - গর্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে, 
   (৩) বৰষুণৰ পানী জমা কৰি থলে। 
উত্তৰ- (৩) বৰষুণৰ পানী জমা কৰি থলে। 

(খ) নির্মল পানী পাবলৈ হ'লে — 
 (১) আবর্জনাবোৰ নৈত পেলাব লাগে , 
 (২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে , 
 (৩) পানীৰ উৎস প্রদূষিত নাহোৱাকৈ ৰাখিব লাগে। 

উত্তৰ- (৩) পানীৰ উৎস প্রদূষিত নাহোৱাকৈ ৰাখিব লাগে। 
(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে — 
(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে, 
(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, 
(৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হলে।
উত্তৰ- (১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে, 

৩ । ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। ( ৮০টা মান শব্দৰ ভিতৰত ) 
উত্তৰ- পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ মাটি। এই মাটি বা ভূমিয়ে হৈছে জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন,বস্ত্ৰ, বাসস্হান আৰু ইন্ধনৰ মূলতে হৈছে ভূমি। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্হিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰত নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি,শিল্প,উদ্যোগ,যাতায়ত আৰু যোগাযোগ ব্যৱস্হা গঢ়লৈ উঠিছে। মানুহৰ সভ্যতা,সংস্কৃতি ,অৰ্থনীতি আদিৰ ক্ষেত্ৰত মাটিৰ ভূমিকা সৰ্বাধিকয়। এই মাটি বা ভূমি অসীম নহয়, সেয়েহে ই বৰ মূল্যবান সম্পদ ।
 গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিবেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয় ।

 নগৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰো অধিক প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্হান,উদ্যোগ,ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি,ওচৰৰ বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। 
৪ । তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে ? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগুত কৰা । 
উত্তৰ- 
*ওপৰত দেখুওৱা দৰে তোমালোকে নিজে তালিকা প্ৰস্তুত কৰি তাৰ আলমত নিজৰ বাখ্যা আগবঢ়াব পাৰিবা
৫ । বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত ?
উত্তৰ- 
 বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি, লতা,বাঁহ,বেত,ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে। অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, চুনামী, ভূমিস্খলন, বানপানী আদি দুর্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে ।প্ৰকৃতিৰ বুকুৰ জৈৱ সম্পদসমূহৰ সংৰক্ষণ বর্তমান সময়ত অতি প্রয়োজনীয় হৈ পৰিছে । কিন্তু বর্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে বনজ সম্পদলৈ নামি অহা এনে সংকটৰ কাৰণে সংৰক্ষণৰ প্রতি আমাৰ সকলোৰে দায়িত্ব আৰু সচেতনতা বাঢ়িব লাগিব । ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ উপৰি ব্যক্তিগতভাবে আমি অৰণ্য আৰু বনজ সম্পদসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্রহণ কৰা উচিত ।

 পৃথিৱীৰ উপৰিভাগৰ দুই–তৃতীয়াংশ পানীৰে আৱৰা। তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ ǀ তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ ৭০ শতাংশই সহজে পাব পৰা অৱস্হাত নাই ǀসেয়েহে জলসম্পদ অতি মূল্যৱান ǀ এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন,পৰিবহন,উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয় ǀ বিদ্যুত শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয় ǀ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে ǀ কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই ǀ তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হবলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিছে ǀ পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জল সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব ǀ যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয়, তাক পৰিহাৰ কৰিব লাগিব ; প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত ,পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত।
৬ । শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে? 
উত্তৰ- 
 শিল্পউদ্যোগ ,কৃষি, পৰিবহন, যোগাযোগ ,প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি। পৰম্পৰাগত (কয়লা, খাৰুৱা তেল, প্ৰকৃতিক গেছ, খৰি আদি) আৰু অপৰম্পৰাগত (বায়ুশক্তি,সৌৰশক্তি আদি১)। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায় গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হলেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব।
 আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি লবলগীয়া হয় ǀযিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ,সময়,শ্ৰম,প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহলে যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব।

৭ । চমু টোকা লিখা — 

(ক) বন্যপ্রাণী 
 হাবিত বাস কৰা সৰু-বৰ জীৱ জন্তু, চৰাই-চিৰিকতি, সৰীসৃপ, উভচৰ প্ৰাণী, কীট-পতংগ ইত্যাদিবোৰক বন্যপ্রাণী বুলিব পাৰি। সকলো বন্যপ্রাণীয়ে প্ৰাকৃতিক সম্পদ ।বন্যপ্রাণীৰ উপস্হিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহ গতিবিধি লাহে লাহে বৃদ্ধি পাই ফলত অৰণ্যত থকা বন্যপ্রাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। বহু ঠাইত চৰকাৰেও বন্যপ্ৰাণীবোৰ সংৰক্ষণৰ বাবে বিষষ ব্যৱস্হা হাতত লৈছে।কৰিছে।

(খ) জীৱাষ্ম ইন্ধন 
 জীৱাষ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰতক্ষ্য বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাষ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। এইবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ যায়।

(গ) মৰুকৰণ 
 প্রাকৃতিক বা মানৱ জনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাৱৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্রব্য, জলসিঞ্চন আদি প্রয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূ-তল জল নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে। মৰুভূমিৰ দাতিকাষৰীয়া অঞ্চলত বননি ধ্বংস আৰু অধিক পশুচাৰণেও মৰুভূমিৰ প্রসাৰ ঘটাব পাৰে ।

(ঘ) সৌৰশক্তি
 সূর্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্রত্যেক দিনেই সূর্যৰ তাপ আৰু পোহৰ পাই থাকো। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুত শক্তিৰ সহায়ত সৌৰ চৌকা (Solar Cooker), সৌৰ হিটাৰ (solar heater) আদি চলোৱা হয় ǀ সৌৰ কোষৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি ঘড়ী, বেটাৰী, বিদ্যুত সংযোগ নথকা গাঁৱত বিজুলী চাকিৰ যোগান,ধৰাৰ উপৰিও এই শক্তিক মহাকাশ যান ,উপগ্ৰহ আদিতো ব্যৱহাৰ কৰা হয়।
 
(ঙ) ভূমিস্খলন 
 ভূমিস্খলন হৈছে- প্ৰাকৃতিক কাৰণত বা মানৱ সৃষ্টি কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ,ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূ-খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা, গছ-গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হয়।
৮। পার্থক্য দেখুওৱা — 

(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ 
 গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিবেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।
 নগৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰো অধিক প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্হান,উদ্যোগ,ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি,ওচৰৰ বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়।

(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।  
 অতীজৰে পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাষ্ম ইন্ধনবোৰেই হল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাষ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃ্ষ্টি কৰিব নোৱাৰি। এইবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ যায়।
 সৌৰশক্তি, জলশক্তি,বতাহশক্তি, জোৱাৰৰ শক্তি আদি নবীকৰণযোগ্য শক্তি অপৰম্পৰাগত শক্তিৰ অন্তৰ্গত। অৰ্থাৎ এই শক্তি ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। এই শক্তিৰ ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মাত্ৰা কম।

৯ । তোমালোকৰ ওচৰে - পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা ।
উত্তৰ- 
বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি, লতা,বাঁহ,বেত,ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে। অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, চুনামী, ভূমিস্খলন, বানপানী আদি দুর্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে। প্ৰকৃতিৰ বুকুৰ জৈৱ সম্পদসমূহৰ সংৰক্ষণ বর্তমান সময়ত অতি প্রয়োজনীয় হৈ পৰিছে। আজি দেখা গৈছে- বর্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে , জধে মধে গছ কটা কাৰ্যই পৰিবেশক বাৰুকৈয়ে ক্ষতিগ্ৰস্হ কৰিছে। এইবোৰৰ পৰিবৰ্তে ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপনক উৎসাহিত কৰিব লাগিব। প্ৰদূষণৰ উপাদান বোৰ আৰম্ভণিতে নাইকিয়া কৰিব পাৰিলে বনজ সম্পদ বিকশিত হবলৈ সুবিধা পাব। সকলোতকৈ ডাঙৰ কথা , বনজ সম্পদলৈ নামি অহা এনে সংকটৰ কাৰণে সংৰক্ষণৰ প্রতি আমাৰ সকলোৰে দায়িত্ব আৰু সচেতনতা বাঢ়িব লাগিব। ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ উপৰি ব্যক্তিগতভাবে আমি অৰণ্য আৰু বনজ সম্পদসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্রহণ কৰা উচিত।



Comments

3-popular-180px-course