পাঠ-১৬ ১৮৫৭ চনৰ বিদ্ৰোহ
১) উত্তৰ লিখা-
(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূর্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হ'ল ?
উত্তৰ- অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ǀ
(খ)কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয়মর্যাদা , উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?
উত্তৰ- লৰ্ড ডেলহাউচি ǀ
(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রথম ছহিদ কোন আছিল ?
উত্তৰ- মংগল পাণ্ডে ǀ
(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?
উত্তৰ- পিয়লি বৰুৱা ǀ
(ঙ) অসমৰ কৃষক বিদ্রোহসমূহ কোনে পৰিচালনা কৰিছিল ?
উত্তৰ- ৰাইজ মেলসমূহে ǀ
২) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ-
ক) ১৮৫৬ চনৰ আইন- সাগৰ যাত্ৰা বাধ্যতামূলক কৰা
খ) ১৮৫৭ চনৰ ২৯ মার্চ- মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্রমণ
গ) ১৮৫৮ চন- ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।
ঘ) ১৮২৮ চন- গোমধৰ কোঁৱৰৰ বিদ্রোহ
ঙ) ১৮৬১ চন- ফুলগুৰি ধেৱা
৩) শুদ্ধ/অশুদ্ধ নির্ণয় কৰা
(ক) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধর্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্রপাত হৈছিল।
উত্তৰ- শুদ্ধ
(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী ।
উত্তৰ- অশুদ্ধ
(গ) ১৮৫৭ চনৰ বিদ্রোহত বাহাদুৰ ছাহ দ্বিতীয় ভাৰতবৰ্ষৰ সম্রাট বুলি ঘোষণা কৰিছিল।
উত্তৰ- শুদ্ধ
(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল ।
উত্তৰ- অশুদ্ধ
(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল।
উত্তৰ- শুদ্ধ
৪) চমু টোকা লিখা-
ক) মণিৰাম দেৱান
উত্তৰ- ১৮৫৭ চনৰ বিদ্রোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামৰা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। মণিৰামৰ এইব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে ǀ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থ ৰক্ষা কৰ্ষিলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্রহণ কৰি অসমতো সশস্ত্র সংগ্রাম প্রস্তুতি চলালে । এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে। অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্রেণীৰ লোকক সংগঠিত কৰাত একো অসুবিধাই নহ'ল । চাৰিং ৰজা কন্দর্পেশ্বৰ সিংহৰ বাসভৱন গোপন আলোচনাৰ কেন্দ্ৰ হৈ পৰিল । কিন্তু আঁচনি মতে কাম নহ'ল। প্রস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্রোহ সম্পর্কীয় কিছুমান নথি-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলক আটক কৰা হ'ল। কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে।
খ) ফুলগুৰি ধেৱা
উত্তৰ- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পূৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায় ভাৱে ন ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল ǀ ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নিৰ্বাঙ কৰাটো দুৰ্বিহঃ হৈ পৰিছিল ǀ এনে এক পৰিস্হিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল ǀ ইয়াক ফুলগুৰি ধেৱা বুলি জনা যায় ǀ এই কৃষক বিদ্ৰোহটো সমাজৰ মুখিয়াল লোকৰ দ্বাৰা গঠিত ৰাইজমেলৰ দ্বাৰা পৰিচালিত হৈছিল ǀ ইংৰাজৰ প্ৰশাসনৰ বিৰোদ্ধে জাতি –ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্ৰোহত অংশ গ্ৰহণ কৰিছিল ǀ
গ) চিপাহী বিদ্ৰোহৰ তৎকালিন কাৰণ
উত্তৰ- তৎকালিন কাৰণ- ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দু অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে ǀ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্রতিবাদ কৰিছিল। ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে ǀ
৫) এচাম ইতিহাসবিদ মতে চিপাহী বিদ্রোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্রথম যুদ্ধ বুলি ক'ব পৰা নাযায়? যুক্তি দর্শোৱা ।
উত্তৰ- কিছু ইতিহাসবিদসকলৰ মতে ১৮৫৭ চনৰ বিদ্রোহক ভাৰতৰ স্বাধীনতাৰ প্রথম যুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰি ।তাৰ কাৰণবোৰ হৈছে-
1) স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল।
2) সমগ্ৰদেশজুৰি এই বিদ্ৰোহ হোৱা নাছিল ǀদক্ষিণ ভাৰতৰ লোকসকলে এই বিদ্রোহত অংশ গ্রহণ কৰা নাছিল।
3) তাৰোপৰি গোৰ্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱিসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল।
৬) লর্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা ? লিখা।
উত্তৰ-
1) লৰ্ড ডেলহাউচিয় ইংৰাজৰ অগ্ৰাসন নীতি কঠোৰ ভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰাজ্য অধিগ্রহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল।
2) এওঁৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদিও কাঢ়ি লোৱা হৈছিল।
3) অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি বৃটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল।
4) তাৰোপৰি মোগল সম্রাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্রততো ডেলহাউচি লিপ্ত হৈছিল। পিচে কোম্পানীৰ উৰ্ধতম মহলৰ হস্তক্ষেপত সি কার্যকৰীনহ’ল। তথাপিও সম্রাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎখাত কৰা হ'ব বুলি ডেলহাউচিয়ে এক তাৎপর্যপূর্ণ ঘোষণা কৰিছিল।
এই সমস্ত ঘটনা-পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল।
৭) চিপাহী বিদ্রোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি ? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ- চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হৈছে-
1) অৰ্থনৈতিক নীতি- অতিমাত্ৰা ৰাজহ সংগ্ৰহ, কৃষকৰ ওপৰত অত্যাধিক ঋণৰ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত,মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক লোকসকলৰ তীব্ৰ আৰ্থিক সংকট ǀ
2) ৰাজনৈতিক নীতি-লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিৰ দ্বাৰা দেশীয়ৰাজ্য অধিগ্ৰহণ,এচাৰ দেশীয় ৰজাৰ ৰাজকীয় মৰ্যদা ,পদবী,পেঞ্চন কৰ্তন ইত্যাদি ǀ
3) সামৰিক নীতি- দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত দৰমহা নোপোৱা,অতিৰিক্ত ভাট্টা নিদিয়া,পদোন্নতি নিদিয়া ইত্যাদি
4) ধৰ্মীয় নীতি- খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দ্ৰুত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথাৰ বিলোপ সাধন,ধৰ্মান্তৰিত লোকৰ সম্পত্তি বাজেয়প্ত কৰণ আদি কাৰক বোৰে ভাৰতীয়লোকক ইংৰাজৰ বিৰোধী কৰি তুলিছিল ǀ
5) তৎকালিন কাৰণ- ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দু অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে ǀ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্রতিবাদ কৰিছিল। ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে ǀ
৮) চিপাহী বিদ্রোহৰ নেতাসকলৰ ফটো সংগ্রহ কৰি এটা এলবাম প্রস্তুত কৰা।
উত্তৰ-
৯) ভাৰতৰ এখন মানচিত্র অংকণ কৰি চিপাহী বিদ্রোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুওৱা ।।
উত্তৰ-







Comments
Post a Comment