Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ - ১ অসম আমাৰ ৰূপহী ।। পঞ্চম শ্রেণী ।। অংকুৰণ

পঞ্চম শ্রেণী  ।।  অংকুৰণ

পাঠ ১      অসম আমাৰ ৰূপহী
  
Video Link 






                               
ক্রিয়াকলাপ              

ক – পাঠভিত্তিক ক্রিয়া
● গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা ।
● গীতটি একক আৰু দলীয়ভাৱে (সমবেত সংগীত হিচাপে) গোৱা ।

উত্তৰ দিয়া ।
(ক) ডঃ ভূপেন হাজৰিকাই “আই” বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ ডঃ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে।

(খ) ডঃ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰঃ ডঃ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে।

(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?
উত্তৰঃ শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় ।

(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?
উত্তৰঃ পাহাৰ-ভৈয়াম মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে।

(ঙ) ড° ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে।

(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে কোনখন দেশক বুজাইছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে অসম দেশক বুজাইছে।

(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন কতো কি নোপোৱাৰ কথা কৈছে?
উত্তৰঃ গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে ।


প্ৰশ্ন। ড ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ।
উত্তৰঃ ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি লিখিছিল। ভাৰতৰ পূৱ দিশত সূর্য উঠা দেশ বুলি কৈছে। অসম খনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। ড° ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি কতো নেপাওঁ বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে তাঁতত বিহুৱান বয় আৰু মাঘ মাহত কৃষকে নিজ হাতেৰে সোণগুটি চপাই আনে। শৰত নিশাত তৰাৰে আইৰ কেশ সজায় বুলি কৈছে। অসম দেশৰ মধুৰ ভাষা মৰম বোৰে পাহাৰ-ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। ড° ভূপেন হাজৰিকা দেৱে অসমৰ প্ৰাণ স্বৰূপ লুইত খনক প্ৰণাম জনাইছে। ড° ভূপেন হাজৰিকাই জন্ম লৈছে আৰু এই খন অসম দেশতেই মৃত্যু হয় যাতে তাৰেই কামনা কৰিছে।

দলত আলাচনা কৰি বহলাই লিখা ।
(ক) ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি?
উত্তৰঃ বাৰিষা আকাশত দেখা পোৱা সাতটা ৰঙৰ সমাবেশক ৰামধেনু বালে।
         ৰামধেনু দৰে পাহাৰ-ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলাপ্ৰীতিৰ কথা কৈছে।

(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্রণিপাত জনাইছে? 
উত্তৰঃ লৌহিত্য মানে লুইত খন।
             লুইত খন অসমৰ প্ৰাণ স্বৰূপ, সেই বাবে গীতিকাৰে প্ৰণিপাত জনাইছে।

গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা ।
উত্তৰঃ ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ খন হ'ল অসম। অসম খন ৰূপহী, ইয়াৰ গুণৰ শেষ নাই। অসমত অলেশ দিবস ৰাতি, গোটেই জীৱন বিছাৰিলেও ইয়াৰ নিচিনা ৰসাল মাটি নাপাই। অসমৰ পৰিবেশ চিৰ সেউজীয়া। ব'হাগ মাহত আই মহুৰা হৈ ঘূৰে আৰু মাঘ মাহত সোণৰ হাতেৰে লখিমী আদৰে। শৰৎ কালত আইৰ কেশ তৰাৰে সজায়। পাহাৰৰ পৰা ভৈয়ামলৈ একে কৰা ৰামধেনুৰ দৰে মানুহৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়িছে। লৌহিতৰ বহল পাৰক প্ৰণিপাত কৰিছে। জন্ম ললোঁ ইয়াতে ইয়াতে যেন মৰো।

উত্তৰ দিয়া।
(ক) গীতটিত 'ম' আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে ।'ৰ' আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে ?
উত্তৰঃ-গীতটিত 'ম' আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে ।'ৰ' আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে।

(খ) গীতটিত 'া'-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই ?
উত্তৰঃ- গীতটিত 'া'-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত ৃ চিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই।


(গ) গীতটিত থকা 'ৰ' আৰু 'ৰে' - ৰে শেষ হোৱা শব্দবোৰ লিখা। 
     
'ৰ'-ৰে শেষ হোৱা

আমাৰ, দেশৰ, তোমাৰ
দিশৰ, সোণৰ, ৰূপৰ
ভাষাৰ
মধুৰ
পাহাৰ
ৰূপৰ 

'ৰে'-ৰে শেষ হোৱা

 

 

ঘূ

ৰে

 


ৰা

ৰে

 


মা

ৰে

 

হা

তে

ৰে

 



ৰে

 



ৰে

 


মা

ৰে

 

ভা



ৰে

 

লৌ

হি

ত্য

ৰে




বো

ৰে


                                                   

প্ৰশ্নঃ গীতটিৰ পৰা স্বৰচিহ্ন (-কাৰ) যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন (-কাৰ) যোগ হৈছে ভাঙি দেখুওৱা।
                                     
যেনে-ৰূপহী - ৰূ - ৰ্ূ ৰ+ ঊ - কাৰ
গুণৰো- ৰো ৰ+ ও- কাৰ
দেশ- দে দ+ এ- কাৰ  
জীবন- জী জ+ ঈ- কাৰ
চিৰ- চি চ+ ই - কাৰ
ৰাতি - ৰা ৰ+ আ- কাৰ
সেতু - তু ত+ উ- কাৰ
লৌহিত্য়ৰ- লৌ ল+ ঔ- কাৰ 
                                 

প্ৰশ্নঃ গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৱে দুটাকৈ নতুন শব্দ লিখা।
      যেনে- বিনন্দীয়া - ন্দ - ন+দ আনন্দ, সুন্দৰ
উত্তৰঃ 
পূৰ্ব - ৰ্ব - ৰ + ব গৰ্ব, পৰ্ব
সূৰ্য - ৰ্য - ৰ + য নটসূৰ্য, 
লৌহিত্য - ত্য় - ত + য় সত্য়, দৈত্য়
প্ৰণিপাত - প্ৰ - প + ৰ প্ৰতি, প্ৰমাণ
জন্ম - ন্ম - ন + ম সন্মান, 

● উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা।

(ক) উদাহৰণ -- ৰূপহ –ৰূপহী, কাঁহ—কাঁহী।
কপাহ - কপাহী
চেনেহ - চেনেহী
বাঁহ - বাঁহী

(খ) উদাহৰণ --- ৰস—ৰসাল,
নোম - নোমাল  
জীপ - জীপাল
তেজ - তেজাল
কোব - কোবাল
   
(গ) উদাহৰণ --- সোণ—সোণোৱালী।
ৰং - ৰঙালী
জোন - জোনালী
ৰূপ - ৰূপালী
ভোগ - ভোগালী

(ঘ) উদাহৰণ- বিনন্দ—বিনন্দীয়া,
চহৰ - চহৰীয়া        
দুখ - দুখীয়া
নিয়ম - নিয়মীয়া
নগৰ - নগৰীয়া


● দলগত ভাবে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক) লিখা।
   উদাহৰণ---- সূৰ্য—বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি।
পদুম- পদ্ম, কমল, 
ঘৰ - গৃহ, ভৱন, আলয়, আৱাস, নিলয়
আকাশ - স্বগ, গগন
বায়ু - বতাহ, পৱন, শূণ্য়, অম্বৰ, নিলীমা
পৃথিৱী - ধৰণি, ধৰিত্ৰী, ধৰা, বসুমতি, মেদিনী, 
                                                       
● তলৰ শব্দ বোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ বোৰ গীতটিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা।
যেনে ― আৰম্ভণি ― শেষ।
বিচ্ছেদ ― মিলন
নিৰস ― ৰসাল
কুৰুপা ― ৰূপা
ঠেক ― বহল
অনাদৰ ― আদৰ
জীওঁ ----- মৰোঁ
পশ্চিম ― পূৱ

● তলৰ অংশ দুটা আঁচ টানি মিলোৱা।
যি চিত্ৰ আঁকে - চিত্ৰকৰ
যি ৰসেৰে পৰিপূৰ্ণ - ৰসাল
যি সোণৰ নিচিনা বৰণ - সোণালী
যি গীত লিখে - গীতিকাৰ

● তলৰ দিয়া শব্দবোৰ খটুৱাই বাক্য ৰচনা কৰা। 
অলেখঃ ৰাতি আকাশত অলেখ তৰা ওলায়। 
আদৰঃ ঘৰত আলহি আহিলে আদৰ-সাদৰ কৰা হয়।
পৰিৱেশঃ আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ।
সমাৱেশঃ সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল ।
বিনন্দীয়াঃ অসমৰ সেউজ পৰিবেশ চিৰ বিনন্দীয়া।









Thank You


Comments

3-popular-180px-course