১। উত্তৰ লিখা-
(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্য়সমূহৰ নাম হ'ল- (১) অসম (২) অৰুণাচল প্ৰদেশ (৩) মেঘালয় (৪) মিজোৰাম (৫) নাগালেণ্ড (৬) মণিপুৰ আৰু (৭) ত্ৰিপুৰা।
(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ'ল- আদি,নিচি, আপাটানি, মনপা, চেমা, খাচী, গাৰো, কুকি, ত্ৰিপা, ৰিথাং, আও, ৰাংখল, জয়ন্তীয়া ইত্য়াদি।
(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?
উত্তৰঃ সাতখন ৰাজ্য়ৰে গঠিত হোৱাৰ বাবে উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কোৱা হয়।
(ঘ) ব্ৰ্ৰ্ৰহ্মপুত্ৰ নৈৰ ৪খন উপনৈৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ ৪খন উপনৈৰ নাম হ'ল- লোহিত, সোৱনশিৰি, বুঢ়ীদিহিং আৰু দিখৌ।
(ঙ) মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰৰ নাম লিখা।
উত্তৰঃ মণিপুৰ ৰাজ্য়ত থকা দুখন পাহাৰৰ নাম হ'ল- পাটকাই আৰু বৰাইল।
২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-
'ক' - 'খ'
অৰুণাচল প্ৰদেশ - ইটানগৰ
মিজোৰাম - আইজল
নাগালেণ্ড - ক'হিমা
ত্ৰিপুৰা - আগৰতলা
মণিপুৰ - ইম্ফল
৩। খালী ঠাই পূৰ কৰা-
(ক) মাজুলী পৃথিৱীৰ ভিতৰতে ডাঙৰ নদী দ্বীপ।
(খ) মণিপুৰ ৰাজ্য়ৰ লকটক হ্ৰদ প্ৰাকৃতিক ভাৱে হোৱা এক বৃহৎ হ্ৰদ।
(গ) ছিলং এখন স্বাস্থ্য়কৰ ঠাই।
(ঘ) অৰুণাচল প্ৰদেশৰ টাৱাং, ব'মদিলা, পৰশুৰাম কুণ্ড আদি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই।
(ঙ) প্ৰায় সমগ্ৰ মিজোৰাম ৰাজ্যখনেই পাহাৰীয়া অঞ্চল।
৪। তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-
(ক) বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।
উত্তৰঃ বৰ্তমান নাগালেণ্ড আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।
(খ) কাৰ্বি আংলং জিলা সমতলভূমিৰে গঠিত।
উত্তৰঃ কাৰ্বি আংলং জিলা পাহাৰেৰে গঠিত।
(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত।
উত্তৰঃ অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত।
(ঘ) ত্ৰিপুৰা ৰাজ্য খন সমতল ভূমিৰে আবৃত।
উত্তৰঃ শুদ্ধ।
(ঙ) মণিপুৰৰ সোঁমাজৰ অংশ পাৰায় পাহাৰীয়া।
উত্তৰঃ শুদ্ধ।
৫।ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য সমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষনীয় লিখা।
উত্তৰঃ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য়সমূহ বহুতো আকৰ্ষণীয় আৰু প্ৰাকতিক ঐতিহ্যৰে ভৰপূৰ। উত্তৰ-পূব অঞ্চল বিভিন্ন নদ-নদী, হ্ৰদ, অভয়াৰণ্য়, নদী-দ্বীপ আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত। এনেধৰণৰ অনেক বৈশিষ্টৰে ভৰি থকাৰ বাবে উত্তৰ-পূবৰ ৰাজ্য়সমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়।
৬। কোন কেইখন ৰাজ্যক একেলগে 'উত্তৰ-পূব ভাৰত' বুলি কোৱা হয়?
উত্তৰঃ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ৰাজ্য়ক একেলগে 'উত্তৰ-পূব ভাৰত' বুলি কোৱা হয়।







Comments
Post a Comment