Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ নং ১২ প্ৰাচীন নগৰীয় সভ্যতা Class 6 SOCIAL SCIENCE

পাঠ নং ১২    প্ৰাচীন নগৰীয় সভ্যতা 

অনুশীলনীঃ

(১) উত্তৰ লিখা-
(ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল?
উত্তৰঃ সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা। 
নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, 
ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, 
হোৱাংহো আৰু ইয়াং - চিকিয়াং নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিল।

(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটইতকৈ বেছি?
উত্তৰঃ সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি।

(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পতেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি?
উত্তৰঃ বেপাৰ-বাণিজ্যৰ উপৰত ভিত্তি কৰি।

(ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা।
উত্তৰঃ সিন্ধু সভ্যতাৰ বেপাৰ-বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। সিন্ধু সভ্যতাত ব্যবহৃত মোহৰ, মণি আদি মেছ'পতেমিয়াত পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পতেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যত নাৱেই প্ৰধান আছিল।

(ঙ) লোথাল আৰু কালিবাগান বৰ্তমান কোন ৰাজ্যত অৱস্থিত?
উত্তৰঃ ৰাজস্থান ৰাজ্যত অন্তৰ্গত।


৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক' - 'খ'

(১) সিন্ধু উপত্যকাৰ সভ্যতাৰ  মানুহে - ইৰাকৰ লগত বেপাৰ-বাণিজ্য কৰিছিল।
(২) মোহৰবোৰ আছিল - চতুৰ্ভুজ, ঘুৰণীয়া আৰু চুঙা আকৃতিৰ 
(৩) সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ - উট আৰু গাধ ৰাখিছিল।
(৪) সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল - শস্য ৰাখিবৰ বাবে।
(৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা - মেছ'পটেমিয়া সভ্যতা । 


৫। সত্যাসত্য বিচাৰ কৰা-
(ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল।
উত্তৰঃ সত্য।

(খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল।
উত্তৰঃ অসত্য।

(গ) সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল।
উত্তৰঃ সত্য ।

(ঘ) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপি ব্যৱহাৰ কৰিছিল।
উত্তৰঃ 

(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী।
উত্তৰঃ সত্য।


৬। সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পলাৰ বিষয়ে লিখা।
উত্তৰঃ সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনা অতি সু চিন্তিত আছিল বুলি ক'ব পাৰি। সিন্ধু নদীৰ উপত্যকাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজআলিবোৰ আহল-বহল আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ এমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল। এই আলিবাটবিলাকে লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ ধেনুভিৰীয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান-বাহনবোৰ সহজতে চলাচল কৰিব পাৰে। ডাঙৰ আলিবাটবিলাকৰ দাঁতিত অট্ৰালিকাবোৰে শোভাবৰ্দ্ধন কৰিছিল। ঘবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল।

৭। হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ ব্য়ৱহাৰ কৰিছিল। সেই সময়ত কুমাৰ, কাৰিকৰ, বাঢ়ৈ আদি শ্ৰেণীৰ লোক আছিল। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন আকাৰ-আকৃতিৰে গঢ়া পাত্ৰসমূহ আকৰ্ষণীয় আছিল।বিভিন্ন ৰং আৰকু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতচুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৰা মাটিৰে বাচন-বৰ্তন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।
    ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। ভগ্নাৱশেষবোৰৰ মাজত কিছুমান এমহলীয়া আৰু কিছুমান দুমহলীয়া ঘৰো পোৱা গৈছে। প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰি ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্য়ৱস্থা আছিল। প্ৰতিটো ঘৰতে একোখনকৈ ডাঙৰ চোতাল আছিল।




Comments

3-popular-180px-course