Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ১৩ বৈদিক সভ্যতা Class 8 SOCIAL SCIENCE

পাঠ ১৩  বৈদিক সভ্যতা


অনুশীলনীঃ

(১) উত্তৰ লিখা-

(ক) ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল?
উত্তৰঃ ভাৰতৰ উত্তৰ-পশ্চিক দিশৰ পৰা আহি সপ্তসিন্ধুৰ উপত্যকালৈ প্ৰবেশ কৰিছিল।

(খ) আৰ্যসকলৰ পূৰ্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল?
উত্তৰঃ মধ্য এছিয়াৰ কৃষ্ণসাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূ-ভাগৰ অধিবাসী আছিল।

(গ) সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য দেখুওৱা।
উত্তৰঃ সিন্ধু উপত্য়কাৰ সভ্য়তা আৰু বৈদিক সভ্য়তাৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য় হ'ল- 
১) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ লোকসকল কৃষিজীৱী আছিল।
    আনহাতে বৈদিক উপত্য়কা সভ্য়তাৰ লোকসকল আদিতে পশুপালক আছিল।
২) সিন্ধু উপত্য়কাৰ লোকসকলে লোৰ ব্য়ৱহাৰ জনা নাছিল।
    আনহাতে বৈদিক সভ্য়তাৰ লোকসকলে লোৰ ব্য়ৱহাৰ জানিছিল।

(ঘ) চাৰিখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ?
উত্তৰঃ ঋকবেদ।

(ঙ) আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢি গৈছিল?
উত্তৰঃ বসতি বিস্তাৰ আৰু কৃষি কৰ্ম কৰিবলৈ গংগা উপত্যকালৈ আগবাঢ়ি গৈছিল ।

(চ) বৈদিক যুগৰ দুগৰাকী বিদূষী নাৰীৰ নাম লিখা?
উত্তৰঃ লুপামুদ্ৰা, বিশ্ববাৰা।

(ছ) আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল?
উত্তৰঃ ইন্দো-ইউৰূপিয় ভাষিক গোষ্ঠীৰ মানুহ আছিল ।

(জ) আৰ্যসকলে কিহক প্ৰধান সম্পদ হিছাপে গণ্য কৰিছিল?
উত্তৰঃ গৰু ।

(ঝ) আৰ্যসকলে ভাৰতত কোনবিধ ঘৰচীয়া জন্তৰ প্ৰচলন কৰিছিল?
উত্তৰঃ গৰু।

(২) শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-

(ক) বৈদিক যুগৰ আনুমানিক সময়সীমা খৃঃ পৃঃ ১৫০০ ৰ পৰা খৃঃ পৃঃ ১০০০ ৰ ভিতৰত পৰে।
উত্তৰঃ অশুদ্ধ।

(খ) ঋক বৈদিক যুগতে চাৰিখন বেদ ৰচনা কৰা হৈছিল ।
উত্তৰঃ অশুদ্ধ।

(গ) আযসকলৰ দিনত লোৰ প্ৰচলন আছিল ।

উত্তৰঃ শুদ্ধ।

(ঘ) সপ্তসিন্ধুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) আৰ্যসকলৰ সময়ত সমাজত নাৰীৰ স্থান নিম্ন আছিল।

উত্তৰঃ অশুদ্ধ।

।। ধন্যবাদ ।।

Comments

3-popular-180px-course