Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ১১ আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস ( নৱ প্ৰস্তৰ যুগ ) Class 6 SOCIAL SCIENCE

পাঠ ১১  আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস ( নৱ প্ৰস্তৰ যুগ )


১। উত্তৰ লিখা- 
(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল?
উত্তৰঃ সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল।

(খ) আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য় কৰিছিল?
উত্তৰঃ আদিম মানুহে কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল-মূল দিয়া গছ-গছনিবোৰ ক'ত বেছিকৈ গজে ফল-মূলৰ গছত এইবোৰ লক্ষ্য় কৰিছিল।

(গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সজুলি তৈয়াৰ কৰিছিল?
উত্তৰঃ খেতি কৰাৰ বাবে আদিম মানুহে শিলেৰে সজুলি তৈয়াৰ কৰি লৈছিল।

(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল?
উত্তৰঃ আদিম মানুহে মঙহ, গাখীৰ আদি খাদ্য় পোৱাৰ উপৰি কিছুমান জ্তুক কৃষি আৰু যাতায়তৰ কামত ব্য়ৱহাৰ কৰিবৰ বাবে জীৱ-জন্তু পুহিছিল।

(ঙ) চকাৰ ব্য়ৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল?
উত্তৰঃ চকাৰ ব্য়ৱহাৰে আদিম মানুহক এঠাইৰ পৰা আন ঠাইলৈ খোজ-কাঢ়ি যোৱাৰ কষ্ট দূৰ কৰাৰ লগতে গধুৰ বোজা কঢ়িয়াবৰ বাবেও চকা ব্য়ৱহাৰ কৰা হ'ল। তদুপৰি মাটিৰ বাচন গঢ়িবলৈও চকাৰ ব্য়ৱহাৰ কৰিবলৈ ধৰিলে।

(চ) গাঁৱত দলবদ্ধভাৱে বাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হ'ল? 
উত্তৰঃ গাঁৱত দলবদ্ধভাৱে বাস কৰাৰ পৰা আদিম মানুহৰ নিৰাপত্তা আৰু সহায়-সহযোগিতা নিশ্চিত হ'ল।

(ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্য়ৱহাৰ কৰিছিল?
উত্তৰঃ আদিম মানুহে ৰন্ধা-বঢ়া আৰু খাদ্য় মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্য়ৱহাৰ কৰিছিল।


Comments

3-popular-180px-course