জনমভূমি
কবি-নলিনীবালা দেবী
মেলিলোঁ প্রথম চকু তোমাৰ কোলাতে আই,
জনমৰ আদিম পুৱাত,
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত।
চেনেহৰ শীতলী কোলাত,
ভাগৰুৱা আত্মাই শেষৰ জিৰণি লয়
জিৰাবহি তোমাৰ ছাঁয়াত।
পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি
বাহ ল’ম ওখ বিৰিখত,
পুৱতীৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।
আকাশৰ তৰা হৈ ৰ’ লাগি চাই ৰ’ম
সেউজীয়া শুৱণী জেউতি,
জোনাকত মিল হৈ বিমান-পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।
হিমালয় পর্বত শুকুলা টিঙত গৈ
ফুলি ৰ’ম মানসী বিলত,
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।
নদী হৈ পখালিম দুখনি চৰণ নিতে
মাটি হৈ মিলিম বুকুত,
সোনোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
তোমাৰ ই ধূলি-বালি, তোমাৰ আকাশ-বায়ু
আই মোৰ সৰগৰ বাস,
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীর্থৰ প্রবাস।
অ’ মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ,
ক’ত পাম এনে প্রীতি সৰল প্রাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।
দুখীয়াৰ ভগা পঁজা একেখনি তীর্থ তাত,
একোখনি পূণ্যৰ আশ্রম,
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ
লওঁ যেন পুণৰ জনম।







https://youtu.be/AyYVApxauNk
ReplyDelete