Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

নিয়ৰ - চন্দ্ৰকুমাৰ আগৰৱালা ।। NIYOR Poem Recitation ।। কবিতা আবৃত্তি

নিয়ৰ
কবি: চন্দ্ৰকুমাৰ আগৰৱালা



মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা

নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি
 কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি

ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গ’ল মণি
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এইকণি
ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থৈছে সানি
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী
নিয়ৰ কলিৰে শোভে ফুলজুপি
চাইছো ভাবতে ভাহি
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি।।




Comments

3-popular-180px-course