Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

অংকুৰণ ৫ পাঠ ১২ আগতে নিজে নিকা হ'

 অংকুৰণ ৫     পাঠ ১২   আগতে নিজে নিকা হ'


আগতে নিজে নিকা হ'

আনক ধোৱাৰ আগতে ভাই

নিজে নিকা হ

নিজৰ হিয়া -মনৰ মলি

            ধুই পখালি ল`

আনক কোৱাৰ আজখিনিতে

             নিজে সঁচা ক`

নিজে সত্যত নিজৰ ৰূপত

দূঢ়তাৰে ৰ

তেহে হব হোৱা,লোৱা,কোৱা,ৰোৱা ঠিক,

জীৱন ভৰাই জমা হব ধন-সোন আত্মিক 

কবি---অম্বিকাগিৰী ৰায়চৌধুৰী


ক্ৰিয়া-কলাপ

(ক) পদ্যটিৰ ৰচক কোন?

উত্তৰঃ পদ্যটিৰ ৰচক হ'ল অম্বিকাগিৰী ৰায়চৌধুৰী।

(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হবলৈ কৈছে?

উত্তৰঃ কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হ'বলৈ কৈছে।

(গ) কবিৰ মতে নিজক নিকা কৰিবলৈ হলে কি কি কৰিব লাগে?

উত্তৰঃ কবিৰ মতে নিজে নিকা হ'বলৈ হ'লে নিজৰ বিয়াৰ মনৰ মলি ধুই পখালি ল'ব লাগে।

(ঘ) কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে?

উত্তৰঃ কবিৰ মতে আনক সচা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সচা ক'ব লাগে।

তলৰ শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ চাই শিকোঁ আহা

নিকা- পৰিস্কাৰ, নিৰ্মল।

পখালি- পানী দ্বাৰা নিকা কৰি, ধুই দি।

দৃঢ়তা- কঠিনতা,অলৰ-অচৰ, গুণ, সংকল্পৱদ্ধতা।

আত্মিক- ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা।

প্ৰশ্নঃ কৰিব মতে জীৱনত কেনেকৈ ধন-সোন জমা কৰিব পাৰি লিখা।

উত্তৰঃ কবিৰ মতে নিজকে নিকা কৰি, নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি, সঁচা ক'ব লাগিব আৰু নিজ সত্য়ত নিজৰ ৰূপত দ়ঢ় হ'ব লাগিব।


পদ্যকেইফাঁকি বুজাই লিখা ।

(ক) নিজৰ হিয়া -মনৰ মলি

ধুই পখালি ল

উত্তৰঃ এই কবিতাফাঁকি মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো শুদ্ধ কৰি ল'বলৈ কোৱা হৈছে।

(খ) আনক কোৱাৰ আগখিনিতে

নিজে সঁচা ক

উত্তৰঃ এই কবিতাফাঁকিত আনকত সচাঁ ক'বলৈ কোৱাৰ আগতে যে নিজে সঁচা ক'ব লাগে সেই কথাকে কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে।

প্ৰশ্নঃ তলৰ শব্দবোৰৰ বিপৰীত অথ বুজোৱা শব্দ লিখা ।

সত্য- অসত্য়

নিজৰ- আনৰ

জমা-খৰচ 

আত্মীয়- অনাত্মীয়

নিকা- লেতেৰা


Comments

3-popular-180px-course