Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

অংকুৰণ ৫ পাঠ- ৮ ৰঙৰ ৰহস্য

 অংকুৰণ ৫   পাঠ-  ৮.    ৰঙৰ ৰহস্য 

উত্তৰ দিয়া।

(ক) আদিম মানুহে ক'ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল?

উত্তৰঃ- আদিম মানুহে গুহাত বাস কৰিছিল।

   তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল।

(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰং কেইটা কি কি?

উত্তৰঃ- সূৰ্যৰ পোহৰত সাতটা ৰং থাকে। সেই ৰং কেইটা হ'ল বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। 

(গ) আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি?

উত্তৰঃ-  কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি নেদেখো কাৰণ তাত পোহৰ নাথাকে।

(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? 

উত্তৰঃ-  সূৰ্যৰ পোহৰত সাতটা ৰং থাকে। এই সাতটা ৰং মিলিয়েই বগা ৰং সৃষ্টি হয়।

(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰণীবোৰ কি কি?

উত্তৰঃ-  ৰং দেখা পোৱা প্ৰণীবোৰ হ'ল গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাংওটাং।

প্ৰশ্নঃ কাৰ কি ৰং মিলোৱা।

উত্তৰঃ 

আকাশখন -   নীলা

গছৰ পাত -   সেউজীয়া 

গাখীৰ -    বগা

সৰিয়হৰ ফুল -  হালধীয়া

চুলিটাৰি -   ক'লা

বেঙেনা -   বেঙুনীয়া


প্ৰশ্নঃ খালী ঠাই পূৰ কৰা-

(ক) ঘঁৰিয়ালে বোলে সকলো বস্তুৰে ৰং --- দেখে।

উত্তৰঃ মটীয়াহে।

(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি --- দেখোঁ।

উত্তৰঃ ৰঙা।

(গ) ৰঙৰ ৰহস্য় ভেদ কৰা বিজ্ঞানীজনৰ নাম ---।

উত্তৰঃ ছাৰ আইজাক নিউটন।


প্ৰশ্নঃ সচাঁ নে মিছা লিখা।

(ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল।

উত্তৰঃ সচাঁ।

(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া।

উত্তৰঃ মিছা।

(গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে।

উত্তৰঃ সচাঁ।

(ঘ) কিছুমান চৰায়েও আমাৰ দৰে ৰং চিনি পায়।

উত্তৰঃ সচাঁ।

(ঙ) মানুহে অতি বেঙুনীয়া ৰংটোও দেখে।

উত্তৰঃ মিছা।


তলত আঁচ দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা।

উত্তৰঃ

নিশ্চয়- শ্চ = শ + চ                         

অস্ত- স্ত = স + ত                     

একাদিক্ৰমে- ক্ৰ = ক + ৰ                            

অৱিষ্কাৰ- ষ্ক = ষ + ক                        

পেঞ্চিল- ঞ্চ = ঞ + চ                       

বিজ্ঞানী- জ্ঞ = জ + ঞ                     

চিম্পাঞ্জী- ম্প = ম + প                      

বায়ুমণ্ডল- ণ্ড = ণ + ড

প্ৰশ্নঃ তলত অৰ্থৰে সৈতে শব্দ দিয়া হৈছে। সেই শব্দবোৰেৰে বাক্য সাজা।

ৰং(আনন্দ,ধেমালি)ঃ ব'হাগ বিহু হৈছে ৰঙৰ উতসৱ।

ৰং(বৰণ)ঃ মৌ-মাখিয়ে ৰঙা ৰং ধৰিব নোৱাৰে।

বহুৰঙী(কেইবা ৰঙৰ)ঃ ৰামধেনু বহুৰঙী।

ৰঙীন(ৰংযুক্ত)ঃ আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আকিছিল।

ৰঙিল(ৰং বোলোৱা)ঃ ৰাজে ৰঙিল ছবি আঁকে। 

ৰঙীলি(ৰঙিয়াল তিৰোতা)ঃ ৰীণা এগৰাকী ৰঙিলী তিৰোতা।

ৰঙালী(আনন্দপূৰ্ণ, ধেমেলীয়া, বহাগ বিহু)ঃ বহাগ বিহুৰ আন এটা নাম ৰঙালী বিহু।

ৰঙিয়াল(আমোদী, ৰং লগোৱা, আনন্দময়)ঃ ৰাজ এজন ৰঙিয়াল যুৱক।

ৰঙচুৱা(অলপ ৰঙা বৰণৰ)ঃ সূৰ্য উদয়ৰ সময়ত সূৰ্যটো ৰঙচুৱা হয়।

ৰঙচঙীয়া(বিবিধ ধৰণৰ সাজ-সজ্জা)ঃ মাম্পীয়ে ৰঙচঙীয়া কাপোৰ পিন্ধি ভাল পায়।

ৰং-ধেমালি(আমোদ-প্ৰমোদ, মনৰ আনন্দৰ কাৰণে কৰা ধেমালি)ঃ বহাগ বিহুত সকলোৱে একেলগে লগ হৈ ৰং-ধেমালি কৰে।

ৰং-ৰহইছ(হাঁহি-ধেমালি,ৰগৰ)ঃ ল'ৰা-ছোৱালিবোৰে ৰং-ৰহইছ কৰি আছে।


এতিয়া তলত দিয়া ৰংবোৰ মিহলাই চোৱা।

(ক) ৰঙা + নীলা = ---

উত্তৰঃ বেঙুনীয়া।

(খ) ৰঙা + হালধীয়া = ---

উত্তৰঃ সুমথিৰা।

(গ) হালধীয়া + নীলা = ---

উত্তৰঃ সেউজীয়া।

(ঘ) ৰঙা + নীলা + হালধীয়া = ---

উত্তৰঃ মটীয়া।


তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা।

উত্তৰঃ

 বগা ৰঙা ক'লা নীলা হালধীয়া সেউজীয়া 

গাখীৰ তেজ চুলি নীল পাটমাদৈ ঘাঁহ 

কাগজ বেলি কাওৰী আকাশ নাৰ্জীফুল গছৰ পাত 

কণী জৱা কুলি চিয়াহী হালধী ভাটৌ 

বগলী শিমলুফুল উকনি সাগৰ কৰবী ফুল ঢেকীয়া 

কপাহ বিলাহী ৰাতি অপৰাজিতা ফুল বেলি ফুল নাচপতি 

প্ৰশ্নঃ VIBGYOR-অৰ দৰে সাতোৰঙৰ প্ৰথম আখৰবোৰেৰে অসমীয়া শব্দ এটা গঠন কৰা।

উত্তৰঃ বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। প্ৰথম আখৰ কেইটাৰে গঠিত শব্দটো হৈছে- বেঘনীসেহাসুৰ।


Comments

3-popular-180px-course