Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

অংকুৰণ পাঠ- ১ ।। অষ্টম শ্ৰেণী

পাঠ- ১      নিয়ৰ           কবি- চন্দ্রকুমাৰ আগৰৱালা

কবিতাটোৰ আবৃত্তি তলত  দিয়া হৈছে।




নিয়ৰ
কবি- চন্দ্ৰকুমাৰ আগৰৱালা

মুকুতা মনিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা,
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা ।
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহিনিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।
ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰৈ গল মণি,
ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ
ৰল চিন এইকণি,
পুৱাৰ হেঙুলি বেলিটিলৈ চাই 
এটুপি চকু পানী ।
নিয়ৰ কালিৰে শোভে ফুল জুপি
চাইছো ভাবতে ভাহি,
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি । 


। উত্তৰ দিয়া।

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে ?
উত্তৰ : মুকুতা মনিটি বুলি কবিয়ে নিয়ৰ কণাবোৰক বুজাইছে।

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে ?
উত্তৰ: নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰ : নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি  সাঁচি থোৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গল ?
উত্তৰ : ফুলনিত মণি ছিগি ৰৈ গল।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰ : কবিয়ে নিশাৰ তৰা এটি সৰি থকাৰ কথা কৈছে।
.
৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা ।
উত্তৰ : প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান 'নিয়ৰ' ক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰ ভাৱে উপস্থাপন কৰিছে।

      প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল - - 'নিয়ৰ'। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক।কবিয়ে 'নিয়ৰ' ক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একেটা মনি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানীৰ লগত তুলনা কৰিছে।

৪। শব্দৰ -সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অথ লিখা ।     

উত্তৰ : শব্দ - - - - - - - অৰ্থ
ফটিক-----স্বচ্ছ, নিৰ্মল, পৰিস্কাৰ।

শোভে----শুৱনি কৰি তোলা

হেঙুলি - - - হেঙুল বৰণীয়া

নিজম - - - - নিমাও মাও

নিচুক - - - - কান্দোন সামৰি স্থিৰ হ

৫। প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা ।

'' নিজম আকাশৰ নিচুক কথাটি 

              হিয়াত থৈছে সাঁচি 

কোন কাহানিৰ সপোন দেখিছে 

             কোনে হাঁহিছিল নাচি ।''

উত্তৰ ঃ “নিজম আকাশৰ নিচুক কথাটি
 হিয়াত থৈছে সাচিঁ,
কোন কাহানিৰ সপোণ দেখিছে
কোনে হাঁহিছিল নাচি”।

উদ্ধৃত কবিতাফাঁকি  কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
      ৰাতিপুৱা ৰদৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কপ্লনা প্ৰবণ কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ লগত তুলনা কৰিছে। নিস্তব্ধ আকাশত কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচোনত ছিগি পৰা মুকুতা মনিটিয়েই যেন নিয়ৰ।

৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দৰবোৰ লিখা ।
                     
                      উদাহৰণ- ধোৱা- যোৱা 

উত্তৰ :
ধোৱা - থোৱা
সাচিঁ - নাচি
মনি - কণি
ভাহি - পাহি
খ - ভাষা অধ্য়য়ন (ব্য়াৱহাৰিক ব্য়াকৰন )

৭ / উল্লিখিত শব্দবোৰৰ সমাথক শব্দ লিখা ।

উত্তৰ :
টোপনি ---নিদ্ৰা, ঘুমতি
বেলি - - - সূৰ্য্য, ৰবি
পানী - - -জল
ফুল---পুষ্প
নিশা - - - ৰাতি
সপোণ - - - সামাজিক
আকাশ - - - গগণ
চকু---নয়ন

৮/ বিপৰীত অথ শব্দ লিখা ।

উত্তৰ :
ছিগা - - - জোৰা
পুৱা - - - গধূলি
নিজম - - - কোলাহল
সৰগ---নৰক
দিন - - - ৰাতি
হাঁহি - - - কান্দোন

৯/ বাক্য ৰচনা কৰা ।

উত্তৰ :
মুকুতা :   এইবাৰ দিপালীয়ে এডাল মুকুতাৰ মালা মাকক উপহাৰ দিছে।

পাহি : প্ৰচণ্ড ৰদত ফুলৰ পাহিবোৰ লেৰেলি গৈছে।

শোভে: ফুলনিখনক ৰঙা গোলাপ জোপাই আৰু শোভা বঢ়াইছে।

নিচুক : নিজম আকাশৰ নিচুক কথাটি তৰাবোৰে যেন হিয়াত সাঁচি থৈছে।

ফুলজুপি: ফুলবোৰৰ ভৰত ফুলজুপি হালি পৰিছে।

ফটিক: নিজৰাটোৰ পানীখিনি একদম ফটিক।
                      

জানাে আহা

 মুকুতা মণিটি পাহিত জিলিকে
                ফটিক পানীত ধােৱা ,
 নিশাৰ তৰা এটি সৰিয়েহে আছে ।
                      সৰগত টোপনি যােৱা ।
          ওপৰৰ পদ্যফাকিত থকা মুকুতা , মণি , ফটিক , পানী , নিশা , সৰগ আদি শব্দকেইটি মূল |
 সংস্কৃত ভাষাৰ পৰা অহা । তাৰে ভিতৰত মণি আৰ নিশা শব্দ দুটিৰ ৰূপ অলপাে সালসলনি । নােহােৱাকে সংস্কৃতৰ দৰে হুবহু একে আছে . কিন্ত মুকুতা , ফটিক , তৰা , সৰগ আদি শব্দ সংস্কৃত মূল ৰূপ মুক্তা , স্ফটিক , তাৰা , স্বর্গ আদি শব্দবােৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে । এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে । সংস্কৃতমূলীয় শব্দবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগগাৱা হয় । সেই ভাগ তিনিটা হল – 
( ১ ) তৎসম ( 2 ) অর্ধতৎসম আৰু ( ৩ ) তদ্ভৱ । 
। ( ১ ) তৎসম ঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে , সেইবােৰক তৎসম শব্দ বােলা হয় । তৎসম শব্দৰ ৰূপ ( বানান ) এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবােৰৰ উচ্চাৰণ কিছু সলনি হৈছে ।

 তৎসম শব্দৰ উদাহৰণ — 

সংস্কৃত ৰূপ । অসমীয়া তৎসম ৰূপ 
আকাশ । আকাশ ।
 অশ্ব | অশ্ব বংশ । 
 বংশ বংশ বর্ণ । হ্রস্ব । হ্রস্ব ।             
 দীর্ঘ দীর্ঘ       
 জীৱন জীৱন । 
( ২ ) অর্ধতৎসম ঃ যিবােৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সােমাই শব্দবােৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোতেও অসমীয়া উচ্চাৰণতে লিখা হয় , সেইবােৰেই অর্ধতৎসম শব্দ                                                                                                          
অর্ধতৎসম শব্দৰ উদাহৰণ —

( ৩ ) তদ্ভৱ ঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্রাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সােমাইছে , সেইবােৰক তদ্ভৱ শব্দ বুলি কোৱা হয় । 

তদ্ভৱ শব্দৰ উদাহৰণ —

সংস্কৃত ৰূপ 

অসমীয়া তদ্ভৱ ৰূপ 

কর্ম

কাম

হস্ত

হাত

সর্প 

সাপ 

কর্ণ

কাণ 

অদ্য

আজি

দন্ত

দাত



সংস্কৃতৰইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে । তাৰে । | কিছুমান তৎসম শব্দৰ দৰে পােনে পােনে অর্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে । সৰল হৈ সােমাইছে । সেইবােৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে । যেনে - 

ইংৰাজী শব্দ

অসমীয়া ৰূপ

স্কুল

স্কুল

ইঞ্জিন

ইঞ্জিন

ডক্তৰ

ডাক্তৰ

গ্লাচ

গিলাচ

জেইল

জেল

গোডাউন

গুদাম

বক্স

বাকচ


কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যােগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্রত্যয় যােগ কৰিও নতুন শব্দ গঠন কৰা হয় । এনেবােৰ শব্দক মিশ্র শব্দ বােলা হয় । 

উদাহৰণ — 
          ইংৰাজী শব্দ + অসমীয়া শব্দ - অসমীয়া ৰূপ 
                হেড + পণ্ডিত ⇒ হেডপণ্ডিত 
                মটৰ + গাড়ী = মটৰগাড়ী । 
              ডাক্তৰ + খানা → ডাক্তৰখানা
              ভােট + অধিকাৰ = ভােটাধিকাৰ
         ইংৰাজী শব্দ + অসমীয়া প্রত্যয় = অসমীয়া ৰূপ 
              স্কুল + ঈয়া ⇒ স্কুলীয়া 
           কলেজ + ঈয়া ⇒ কলেজীয়া 
            মাষ্টৰ + অনী ⇒ মাষ্টৰনী 
          ডাক্তৰ + অনী = ডাক্তৰনী

১০ । নিয়ৰ ' কবিতাটিত থকা তৎসম আৰু তদ্ভব শব্দবােৰ বাছি উলিয়াই লিখা । তুমি জনা তৎসম আৰু তদ্ভব শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা । 
তৎসম - - - - - - - - - - তদ্ভৱ
মুক্তা - - - - - - - - - - - -মুকুতা
স্ফটিক - - - - - - - - - ফটিক
তাৰা - - - - - - - - - - - তৰা
স্বৰ্গ-------------------সৰগ

মণি - - - - - - - - - - - - মনি

১১ । দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা 

শিক্ষা সম্বন্ধীয় । স্কেল
খেল সম্বন্ধীয় । ক্রিকেট 
যানবাহন । স্কুটাৰ 
পােছাক-পাতি । ফ্রক
আচবাব । টেবুল
বাচন - বৰ্তন । কাপ

১২ । এটা শব্দত প্ৰকাশ কৰা ।
( ক ) যি আনৰ উন্নতি দেখিব নােৱাৰে ।
( খ ) একে মাকৰ সন্তান
( গ ) যাৰ ঘৰ - বাৰী নাই
( ঘ ) যিজনে ভাল - বেয়া বিচাৰ কৰিব নােৱাৰে
( ঙ ) যি আগেয়ে হােৱা নাই

ক) যি আনৰ উন্নতি দেখিব নোৱাৰে - - - চকুচৰহা বা পৰশ্ৰীকাতৰ বা হিংসাকুৰীয়া
খ) একে মাকৰ সন্তান----সহোদৰ
গ) যাৰ ঘৰ বাৰী নাই - - - অঘৰী
ঘ) যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে - - - অবিবেচক
ঙ) যি আগেয়ে হোৱা নাই - - - অভূতপূৰ্ব


১৩ । নিয়ৰ ’ কবিতাটিত পােৱা তৰা , আকাশ , পানী , কথা , হিয়া , সপােন , চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবােৰেৰে বাক্য ৰচনা কৰা । 

তৰা-নৰা ছিঙি - ( বৰকৈ বেগাই , ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায় )
আকাশত চাং পতা - ( অস্বাভাৱিক কল্পনা কৰা )
পানী তলৰ কাঁইট - ( নেদেখা বিপদ , অজ্ঞাত শত্রু )
কথা চহকী - ( বেছিকৈ কথা কোৱা লােক )
হিয়াৰ আমঠু - ( অতি আদৰৰ )
অলীক সপােন - ( অমূলক কল্পনা )
চকু চৰহা - ( লােকৰ ভাল দেখিব নােৱৰা )

উত্তৰ : তৰা-নৰা ছিঙি :( বৰকৈ বেগাই) = ৰমেনে হঠাতে সন্মুখতে মাষ্টৰক দেখি তৰা- নৰা ছিঙি দৌৰ দিলে।

আকাশত চাং পতা : ( অস্বাভাৱিক কপ্লনা কৰা) = কঠোৰ পৰিশ্ৰম নকৰাকৈ আকাশত চাং পাতি লাভ নাই।

পানীৰ তলৰ কাঁইট :( নেদেখা বিপদ, অজ্ঞাত শত্ৰু) =ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।

কথা চহকী :( বেছিকৈ কথা কোৱা লোক) =কথা চহকী লোক প্ৰায়েই অপ্ৰিয় হোৱা দেখা যায়।

হিয়াৰ আমঠু :(অতি আদৰৰ) = প্ৰত্যেক সন্তানেই মাকৰ বাবে হিয়াৰ আমঠু।

অলীক সপোণ :( অমূলক কপ্লনা) = অলীক সপোনৰ দ্বাৰা সময়ৰ অপ- ব্যবহাৰ হয়।

চকু- চৰহা:( লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোকক কোনেও ভাল নাপায়।



ধন্যবাদ


            

Comments

3-popular-180px-course