Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

অংকুৰণ ।। পাঠ- ১ ।। সবাতোকৈ আপোন ।। CLASS 6

পাঠ- ১              সবাতোকৈ আপোন

 

কবিতাৰ লিংক তলত দিয়া হৈছে: 


👉     সবাতোকৈ আপোন কবিতাৰ Link 🔗


বা 


সবাতোকৈ আপোন কবিতাৰ আবৃত্তি তলৰ 👇 ভিডিও চিহ্নত চুই দিয়ক। 


  

পাঠভিত্তিক ক্ৰিয়াকলাপ

১। কোৱা আৰু লিখা ।

ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে ?

উত্তৰ :- কবিয়ে নিজৰ আইক, নিজৰ দেশ খনক আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে ।


খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে ?

উত্তৰ :-  কবিয়ে গাঁও-নগৰ , জান-জুৰিৰ কথা কৈছে ।


গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?

উত্তৰ - নিজৰ মাতৃভাষাৰে ।


ঘ) কবিয়ে জগতখন কাৰ কাৰ যুগেদি চিনি পাবলৈ আশ কৰিছে ?

 উত্তৰ - নিজৰ আই নিজৰ দেশ খন আৰু নিজৰ মাতৃভাষাৰ যুগেদি চিনি পাবলৈ আশা কৰিছে ।


ঙ) সুবিশাল পৃথিৱীত কাৰ স 'তে , কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?


উত্তৰ - সকলোৰে স 'তে হাতে - হাতে ধৰা - ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ।


৪ ) কবিতাটিৰ মূলভাব লিখা :

 উত্তৰ - কবিতাটোত কবিয়ে আই দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে - ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালো ।
আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সৈফালৰ পৰা দেশখন আমাৰ বাবে আপোন 

 
আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভষাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰু 
সেইফালৰ পৰা মাতৃভষা আমাৰ বাবে সবাতোকৈ আপোন ।

৫ ) পাঠৰ পৰা অন্ত্যধ্বনি থকা শব্দবোৰ মিলাই লিখা ।

উত্তৰ - আই - চিনাই
          চহকী - চিনাকী
          সুৰীয়া - কুমলীয়া
          জগত - লগত
          সুখ - দুখ


৭) বাক্য ৰচনা কৰা ।

শুৱনি - পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।

সুৰীয়া - আমাৰ মাতৃভাষা সুৰীয়া নহলেও আমাৰ বাবে সদায় আপোন ।

ধুনীয়া - পঞ্চী দেশিবলৈ ধুনীয়া যদিও পঢ়িৱলৈ নোৱাৰে ।

চহকী - মানুহজন চহকী যদিও অহংকাৰী নহয় ।

কুমলীয়া - ৰহিমে নিজৰ মননৰ ভাব ঋষভৰ আগত কুমলীয়া ভাবে প্ৰকাশ কৰিলে ।

সুবিশাল - সুবিশাল পৃথিৱীত হাতে - হাতে ধৰা -ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ।


৯) তলত দিয়া শব্দবোৰৰ নঞৰ্থক ৰূপবোৰ লিখা ।

হ ' ব - নহ ' ব 

ধোওঁ - নোধোওঁ

শুনা - নুশুনা

কৰোঁ - নকৰোঁ

খেলোঁ - নেখেলোঁ

যাম - নাযাম

দিম - নিদিম

লিখোঁ - নিলিখোঁ

১১) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।

ক) মই মোৰ আইক ভাল পাওঁ ।

খ) মই মোৰ মাতৃভাষাক সন্মান কৰোঁ ।

গ) আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰো ।



১৬) সাঁথৰ ভঙা ।

ক) নাকত বহি                                                  
                 কাণত ধৰে
এনে কি বস্তু
                ভাল পায় নৰে ?

উত্তৰঃ চছমা


খ) ক আইটি টপৰাই , 

     কাঢ়ি নিলে বাঢ়ি যায় ।

উত্তৰঃ সূতা ।


গ) দি মৰিল কোন ?

উত্তৰঃ দধীচি ।


ঘ) নি মৰিল কোন ?

উত্তৰঃ ৰাৱন ।


ঙ) নিদি মৰিল কোন ?

উত্তৰ - দুৰ্যোধন ।


চ) নকৈ মৰিল কোন ?

উত্তৰ - জয়মততী ।



                          ধন্যবাদ🙏
ONLINE SCHOOL EDUCATION- ASSAM




Comments

3-popular-180px-course