Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

উদ্যোগ - পাঠ-১২ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

Class 5     ।।   আমি আৰু আমাৰ পৰিবেশ

উদ্যোগ - পাঠ-১২

১। চমুকৈ লিখা- 

(ক) কেঁচামাল বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলা হয়।

(খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ কিয় প্ৰয়োজন?

উত্তৰঃ উৎপাদিত সামগ্ৰীসমূহ আৰু কেঁচামালৰ আমদানি আৰু ৰপ্তানিৰ বাবে উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ প্ৰয়োজন।

(গ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা।

উত্তৰঃ উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় কাৰকসমূহ হৈছে- কেঁচামাল, যাতায়ত আৰু পৰিবহন ব্যৱস্থা, দক্ষ শ্ৰমিক উন্নত যন্ত্ৰ-পাতি, মূলধন আৰু শক্তি।

(ঘ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন?

উত্তৰঃ লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ হ'ল- আকৰিক লো, কয়লা আৰু চূণশিল।

(ঙ) পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়?

উত্তৰঃ পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়।

২। খালী ঠাই পূৰ কৰা-

(ক) মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ।

(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক ৰাজ্যত উৎপন্ন হয়।

(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কুঁহিয়াৰ।

৩। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-

(ক) সকলো ঠাইতে এৰী আৰু মুগা কাপোৰ উৎপন্ন হয়।

উত্তৰঃ কেৱল অসমতেই এৰী আৰু মুগাৰ কাপোৰ উৎপন্ন হয়।

(খ) ঘাঁহ আৰু কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ উৎপন্ন কৰা হয়। 

উত্তৰঃ শুদ্ধ।

(গ) উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীৰ চাহিদা দেশ-বিদেশৰ বজাৰত থাকিব লাগিব।

উত্তৰঃ শুদ্ধ।

(ঘ) মুম্বাইৰ পিছত গুজৰাট ভাৰতৰ এটা উল্লেখযোগ্য় কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ।

উত্তৰঃ মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য় কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ।

৪। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা- 

'ক' - 'খ'

তেল শোধনাগাৰ - নুমলীগড়।

গেছ প্লাণ্ট - কঁঠালগুৰি।

কাগজ উদ্যোগ - জাগীৰোড।

মৰাপাট উদ্যোগ - শিলঘাট।

সাৰ উদ্যোগ - নামৰূপ।

৫। পৰ্যাপ্ত পৰিমাণে কেঁচামাল নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে তাৰ সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ পৰ্যাপ্ত পৰিমাণে কেঁচামাল নাথাকিলেও ঔদ্যোগীকৰণ সম্ভৱ হৈছে। উদাহৰণস্বৰূপে, জাপান এখন সৰু দেশষ আৰু ইয়াত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ। তথাপিও এই দেশ শিল্প উদ্যোগত আগবঢ়া। ইয়াৰ প্ৰধান কাৰণ হৈছে উপকূল অঞ্চলত থকা জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উৎপাদিত সামগ্ৰী আন দেশলৈ ৰপ্তানি কৰাৰ যথেষ্ট সুবিধা আছে। এইবোৰ কাৰণত জাপানত লো-আকৰ কম থকা স্বত্বেও তীখা উৎপাদনত পৃথিৱীৰ ভিতৰত আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে।

৬। অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই কাৰণসমূহ বুজাই লিখা।

উত্তৰঃ অসমত বৃহৎ উদ্যোগ গঢ়ি নুঠাৰ প্ৰধান কাৰণ হ'ল ইয়াত উদ্যোগ এটা গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত পৰিমাণৰ মূলধন, বৃহৎ স্থানীয় বজাৰ, দক্ষ শ্ৰমিক, উন্নত যাতায়ত ব্যৱস্থা আদিৰ অভাৱ।

৭। উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখা।

উত্তৰঃ আমি আমাৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ। এই সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ গঢ়ি উঠা উৎপাদন কেন্দ্ৰসমূহকে উদ্যোগ বোলা হয়।

    ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম হ'ল- বস্ত্ৰ উদ্যোগ, লো-তীখা উদ্যোগ, চেনি উদ্যোগ আৰু কাগজ উদ্যোগ।


৮। চমুটোকা লিখা-

চেনি উদ্যোগ, কাগজ উদ্যোগ, কপাহী উদ্যোগ, ৰেচম উদ্যোগ, লো-তীখা উদ্যোগ।

উত্তৰঃ 

চেনি উদ্যোগঃ চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কুঁহিয়াৰ। এই উদ্যোগৰ বাবে উন্নত যন্ত্ৰ-পাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক। ভাৰতত ২০০ ৰো অধিক চেনি উদ্যোগ আছে। বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনি উৎপাদন কৰা হয়।

কাগজ উদ্যোগঃ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। আজিকালি সৰল, দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাটৰ আৱৰ্জনাৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ভাৰতত প্ৰায় ৩২টা কাগজ উদ্যোগ আছে।

কপাহী উদ্যোগঃ বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ। এই কেন্দ্ৰ কপাহ উৎপন্ন হোৱা অঞ্চলবোৰৰ মাজত অৱস্থিত।

ৰেচম উদ্য়োগঃ ৰেচম কাপোৰ উৎপাদনত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে ভাৰতে এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। কৰ্ণাটক ৰাজ্য়তে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ তৈয়াৰ কৰা হয়। 

লো-তীখা উদ্যোগঃ লো-তীখা উদ্য়োগ ভাৰতৰ অন্য়তম বৃহৎ উদ্য়োগ। এই উদ্য়োগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণশিলৰ আৱশ্য়ক। এই উদ্য়োগৰ বাবে প্ৰধানকৈ বৃহৎ পৰিমাণৰ মূলধন, উন্নত পৰিৱহন ব্য়ৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্য়া আৰু ছত্তিশগড়ৰ বৃহৎ অঞ্চলটো লো-তীখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে।


 🙏



Comments

3-popular-180px-course