Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

আমাৰ সামাজিক সমস্যা - পাঠ-৯ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

 পাঠ ৯.   আমাৰ সামাজিক সমস্যা

১। উত্তৰ লিখা-

(ক) সামাজিক সমস্যা বুলিলে কি বুজা?

উত্তৰঃ সমাজ জীৱনত প্ৰভাৱ পেলাই সমাজ জীৱন নষ্ট কৰা সমস্যাবোৰক সামাজিক সমস্যা বোলে।

(খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়?

উত্তৰঃ সচেতনতা, সহযোগিতা, পাৰস্পৰিক বুজা পৰা, আন্তৰিকতা, বিশ্বাস আদি গুণৰ প্ৰয়োজন।

(গ) সামাজিক সমস্য়াবোৰ কি কি?

উত্তৰঃ অন্ধবিশ্বাস, দৰিদ্ৰতা, নিৰক্ষৰতা, শিশুশ্ৰমিক, ডাইনীহত্যা, বিশ্বাসহীনতা যৌতুক প্ৰথা, লিংগ বৈষম্য আদি।

(ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰে কাৰকে অৰিহনা যোগায়?

উত্তৰঃ ভেদা-ভেদ, উচ্ছ-নীচ ভাৱ, আন্তৰিকতাৰ অভাৱ বিশ্বাসহীনতা আদিয়ে সমস্যা সৃষ্টিত অৰিহনা যোগায়।

২। খালী ঠাই পূৰ কৰা-

(ক) আমি সকলোৱে সমাজ পাতি বাস কৰো।

(খ) অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা।

(গ) সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়।

(ঘ) ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ'লে কোনো সমস্যাৰ সমাধান নহয়।

(ঙ) লিখা-পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে।

৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক' - 'খ'

অন্ধবিশ্বাসত কোনো - বৈজ্ঞানিক ভিত্তি নাই।

পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে - শিশু শ্ৰমিকৰ সৃষ্টি হয়।

অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্ৰমিক আদি - সামাজিক সমস্যা।

মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা - ডাইনী বিশ্বাস।

৪। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা- 

(ক) গাওঁ পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

উত্তৰঃ গাওঁ পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

(খ) কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।

উত্তৰঃ কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।

(গ) লিংগ-বৈষম্য হ'ল সমাজৰ এটা সমস্যা।

উত্তৰঃ লিংগ-বৈষম্য হ'ল সমাজৰ এটা সমস্যা।

(ঘ) নিৰক্ষৰতাই সমাজৰ পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব পাৰে।

উত্তৰঃ নিৰক্ষৰতাই সমাজৰ পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব নোৱাৰে।

(ঙ) টকা-পইচাৰ অভাৱ হ'লে ল'ৰা-ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে।

উত্তৰঃ টকা-পইচাৰ অভাৱ হ'লে ল'ৰা-ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে।

৫। চমুটোকা লিখা-

(ক) অন্ধবিশ্বাস (খ) কু-সংস্কাৰ আৰু (গ) যৌতুক

উত্তৰঃ 

অন্ধবিশ্বাসঃ বৰ্তমানসময়ত অন্ধবিশ্বাস সমাজৰ এটা জটিল সমস্যা। কোনো এটা কথা ভালদৰে চালি-জাৰি নোহোৱাকৈ সচা বুলি বিশ্বাস কৰাটোকে অন্ধবিশ্বাস বোলে। এইবিলাকৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। সাধাৰণতে অশিক্ষিত লোকৰ মাজত অন্ধবিশ্বাসে দেখা দিয়ে। অন্ধবিশ্বাসৰ ফলত সমাজত ডাঙৰ সমস্যাৰ সৃষ্টি হয়।

কু-সংস্কাৰঃ অন্ধবিশ্বাসৰ কু-সংস্কাৰ আন এক সামাজিক সমস্যা। এনেধৰণৰ সমস্যাবিলাকে সমাজৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। বৰ্তমান সময়ত চলা এটা কু-সংস্কাৰ হৈছে- সাপে খুটিলে বেজ আনি চিকিৎসা কৰা, বেমাৰ আজাৰ হ'লে বেজ মাতি মন্ত্ৰৰ দ্বাৰা জৰা-ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি। এনে ভুল চিকিৎসাৰ ফলত বহু মানুহ উপযুক্ত চিকিৎসাৰ অভাৱত অকালতে কৰুণভাৱে মৃত্যু মুখত পৰে। এনেধৰণৰ কু-সংস্কাৰৰ পৰা মুক্ত হ'বলৈ সমাজৰ প্ৰত্যেকজন মানুহৰ সজাগতাৰ প্ৰয়োজন।

যৌতুকঃ বৰ্তমান সময়ত যৌতুক হৈছে সমাজৰ এটা ডাঙৰ ব্যাধি। বিয়া দিয়া ন কইনাৰ লগত ঘৰৰ পৰা ছোৱালীজনীয়ে চলিব পৰাকৈ কিছুমান বয়বস্তু নতুন ঘৰখনলৈ দি পঠোৱা হয়। ই এটা সামাজিক নিয়ম। কিন্তু কেতিয়াবা দৰা ঘৰৰ পৰা অধিক বস্তু দাবী কৰি কইনাজনীৰ লগতে কইনাঘৰৰ মানুহখিনিক হাৰাশাস্তি কৰা হয়। দাবী অনুযায়ী বস্তু দিব নোৱাৰিলে ছোৱালীজনীয়ে নিৰ্যাতন ভুগিবলগীয়া হয়। বহু সময়ত অকথ্য নিৰ্যাতনৰ ফলত ছোৱালীবিলাকে মৃত্যুবৰণ কৰিবলগীয়া হয়।ছোৱালীবিলাক উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে সমাজৰ সকলো শ্ৰেণীৰ লোক সজাগ হ'লে এই প্ৰথা নিশ্চয় নিৰ্মূল হ'ব।

৬। সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা?

উত্তৰঃ সমাজ থাকিলে সমস্যা থাকিবই। ৰাইজৰ একতা, পাৰস্পৰিক সহযোগিতা আদি খাকিলে সমাজৰ স্থানীয় সমস্যা কিছুমান চৰকাৰৰ অনুদান নোহোৱাকৈ সমাধান কৰিব পাৰি। উদাহৰণস্বৰূপে পাঠৰ অন্তৰ্গত সপোন পুৰী গাৱঁৰ ৰাইজৰ কথা ক'ব পাৰি। তেওঁলোকৰ অলপ বৰষুণ পৰিলেই অহা-যোৱা কৰিবলৈ অনুপযোগী হোৱা ৰাস্তাটো পঞ্চায়তৰ ধনলৈ আশা নকৰি ৰাইজে একগোট হৈ শ্ৰম দান কৰি মজবুত কৰিবলৈ সিদ্ধান্ত লৈছে। গতিকে এনেধৰণৰ স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈ সমাধান কৰিব পাৰে।



।। ধন্যবাদ।। 

Comments

3-popular-180px-course