পাঠ ১০ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
১। উত্তৰ দিয়াঃ
(ক) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?
উত্তৰঃ শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল।
(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?
উত্তৰঃ সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল।
(গ) কলিঙ্গ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰঃ কলিঙ্গৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়।
(ঘ) 'ত্ৰিৰাজ্য' বুলিলে কোন কেইখন ৰাজ্যক বুজায়?
উত্তৰ চোল, চেৰা পাণ্ড্যসকলে, ৰাজত্ব কৰা তিনিওখন ৰাজ্যক ত্ৰিৰাজ্য বুলি জনা যায়।
(ঙ) কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কণিষ্কৰ।
২। উত্তৰ লিখাঃ
(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যক সম্পৰ্ক স্থাপন হৈছিল?
উত্তৰঃ সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল।
(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা?
উত্তৰ কণিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম ২ টা ভাগত ভাগ কৰা হৈছিল। আৰু ভাগকেইটা হৈছে - হীনযান আৰু মহাযান।
(গ) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হৈছে - নীতিশিক্ষামূলক আৰু বৰ্ণনাত্মাক।
(ঘ) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম।
উত্তৰঃ কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম- মথুৰা শিল্পকলাৰ আৰু অমৰাৱতী শিল্পকলা।
(ঙ) মৌৰ্যৰ পৰৱতী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।
উত্তৰঃ মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ'ল পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি।
(চ) মৌৰ্যসকলৰ পৰৱৰ্তী গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ মৃৎশিল্পি, কমাৰ, বাঢ়ৈ, শিপিনী আদি।
৩। 'ক' অংশৰ লগত 'খ' অংশ মিলাই চোৱা -
(ক) মহামেঘ বাহন - (ঙ) কলিঙ্গ
(খ) অন্ধ্ৰৰ আন এটা নাম - (ঘ) সাতবাহন
(গ) ইন্দো-গীকসকলৰ বিখ্যাত ৰজা - (ক) মিনাণ্ডাৰ
(ঘ) কণিষ্কৰ দৃষ্টি আকষণ কৰিছিল - (খ) গান্ধাৰ শিল্পই
(ঙ) সংগম সাহিত্য - (গ) তামিল কবি সন্মিলনৰ সাহিত্য আছিল।
৪। শুদ্ধ উত্তৰ বাছি উলিওৱা -
(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে \ সিমুকে \ বাসুদেৱে।
উত্তৰঃ সিমুকে।
(খ) যবন বুলি শুঙ্গ\ ইন্দো-গ্ৰীক\ কান্বসকলক কোৱা হৈছিল।
উত্তৰঃ ইন্দো-গ্ৰীক।
(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধম\বৌদ্ধধম\জৈনধম।
উত্তৰঃ বৌদ্ধধৰ্ম।
(ঘ) গণ্ডোফণিছ কুষাণ \পহ্লৱ / শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
উত্তৰঃ পহ্লৱ।
(ঙ) জাতক হৈছে গল্প / কবিতা / উপন্যাস।
উত্তৰঃ গল্প।
৫। সত্য নে অসত্য বাছি উলিওৱা -
(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।
উত্তৰঃ সত্য।
(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল।
উত্তৰঃ অসত্য।
(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।
উত্তৰঃ অসত্য।
(ঘ) মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
উত্তৰঃ অসত্য।
(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল।
উত্তৰঃ সত্য।
৬। তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা। (৫০ টা শব্দৰ ভিতৰত )
(ক) অৰ্থনীতি, সমাজনীতি, সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কণিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা।
উত্তৰঃ কুষাণ বংশৰ সর্বশ্রেষ্ঠ ৰজা কণিষ্ক এজন সাম্রাজ্য বিজেতা আছিল। ইয়াৰ উপৰি সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ইতিহাসত কণিষ্কই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্য উভয় ক্ষেত্ৰতে কণিষ্কৰ যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। ভাৰতীয় মচলা, জলকীয়া, চন্দন, হাতী-দাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। আনহাতে, ৰোমান সাম্রাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তর্জাতিক বাণিজ্যৰ লেনদেন বৃদ্ধি কৰিবৰ বাবে কণিষ্কই সিন্ধু অঞ্চলত উচ্চ পর্যায়ৰ ৰূপৰ মুদ্রা প্রচলন কৰাইছিল। এইদৰে শৌর্যবীর্য, শিল্পকলা সংস্কৃতিলৈ অৱদান আৰু প্রজাবৎসল স্বভাৱৰ বাবে বহু দিনলৈকে সেইকালৰ ভাৰতবাসীৰ মনত কুষাণসকলৰ স্মৃতি সতেজ হৈ আছিল।
সাহিত্যৰ দিশতো- অশ্বঘোষ, নাগার্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কণিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল। এইযুগৰ চৰক সংহিতা চিকিৎসা বিজ্ঞানৰ এখন উল্লেখযোগ্য পুথি। পতঞ্জলিৰ ‘মহাভাষ্য’ কিতাপখন শব্দ, ভাষা আৰু ব্যাকৰণৰ এখন মূল্যৱান গ্রন্থ। গ্রীক, ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত সম্পূর্ণ ভাৰতীয় শৈলীত গঢ় লৈ উঠা গান্ধাৰ শিল্পই কণিষ্কৰৰ দৃষ্টি আকর্ষণ কৰিছিল। কণিষ্কৰ ৰাজত্ব কালত মথুৰা আৰু অমৰাৱতীৰ শিল্পকলায়ো উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। কণিষ্কই বৌদ্ধধর্ম গ্রহণ কৰিছিল আৰু এই ধৰ্মৰ বহুল প্রসাৰৰ বাবে ব্যৱস্থা গ্রহণ কৰিছিল। তেওঁৰ দিনতে বৌদ্ধ ধর্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়। বৌদ্ধধর্ম গ্রহণ কৰিলেও কণিষ্কই অন্যান্য ধর্মৰ প্রতিও শ্রদ্ধাশীল আছিল।
(খ) মৌয যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা।
উত্তৰঃ মৌর্য যুগৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ দৰেই সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীতো বহুত পৰিৱৰ্তন আহিছিল। তাৰ ভিতৰত কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদিৰ ব্যাপক পৰিৱর্তনেই উল্লেখনীয়।
সমৃদ্ধিশালী গাঁওবোৰেই অর্থনীতি আৰু কলা-সংস্কৃতিৰ মূল ভেটি। গাঁৱৰ সাধাৰণ প্ৰজাসকল কৃষি কর্মৰ লগত জড়িত হৈ থাকে। কৃষি কর্মৰ বাবে আকৌ বিভিন্ন সঁজুলিৰ প্রয়োজন। নতুন সঁজুলিৰ ব্যৱহাৰ, উন্নত ৰোপণ পদ্ধতি আৰু জলসিঞ্চনৰ দ্বাৰা শস্যৰ উৎপাদন বৃদ্ধি পাইছিল। তাৰোপৰি নলা, কুঁৱা, পুখুৰী আৰু কৃত্রিম জলাশয় আদি জলসিঞ্চনৰ বাবে ব্যৱহাৰ হৈছিল।
সেই সময়ত দক্ষিণ আৰু উত্তৰ ভাৰতৰ গাঁওবিলাকত কমেও তিনি শ্রেণীৰ মানুহে বাস কৰিছিল দক্ষিণৰ অঞ্চলৰ সেই তিনি শ্রেণীৰ মানুহ হ'ল— জমিদাৰ, কৃষক, শ্রমিক বা ভৃত্য উত্তৰ ভাৰততে তিনি শ্ৰেণীৰ মানুহে বাস কৰিছিল৷ সেইবােৰ হ’ল বংশানুক্রমে হোৱা গাঁৱৰ মুখিয়াল, নিজ নিজ কৃষি ভূমি থকা সৰু সৰু স্বাধীন কৃষক আৰু ভূমিহীন শ্রমিক। ইয়াৰে গাঁৱৰ মুখিয়ালগৰাকী শক্তিশালী জমিদাৰ আছিল। তেওঁ কেতিয়াবা বিচাৰক আৰু শান্তি ৰক্ষকৰ ভূমিকা পালন কৰিছিল। গাঁৱৰ ৰাজহ আদায়ৰ দায়িত্বও তেঁৱেই লাভ কৰিছিল।
প্ৰায়বোৰ গাঁৱতেই কুমাৰ (মৃৎ শিল্পী), কমাৰ (লোহা), বাঢ়ৈ (কাঠ মিস্ত্রী), শিপিনী আদি বৃত্তিজীৱি লোকে বাস কৰিছিল।







Comments
Post a Comment