Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ১১ গুপ্ত সাম্ৰাজ্যৰ উত্থান Class 7 social science

পাঠ ১১   গুপ্ত সাম্ৰাজ্যৰ উত্থান

অনুশীলনীঃ

১। উত্তৰ লিখা-
(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ শ্ৰীগুপ্তই গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল।

(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?
উত্তৰঃ চন্দ্রগুপ্তই প্ৰথমে মহাধিৰাজ উপাধি লৈছিল।

(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?
উত্তৰঃ এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে- হৰিসেন।

(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?
উত্তৰঃ গংগা উপত্য়কাত থকা বন্দৰটোৰ নাম হ'ল- তাম্ৰলিপ্তি।

(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে- পুষ্যবৰ্মণ।


২। ক্রম অনুসৰি লিখা
ফাহিয়ান, শ্রীগুপ্ত, হৰিসেন, পুষ্যবর্মণ, স্কন্দগুপ্ত
উত্তৰঃ শ্রীগুপ্ত, পুষ্যবর্মণ, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত।


৩। শুদ্ধ-অশুদ্ধ নির্ণয় কৰা ।
(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল।
উত্তৰঃ অশুদ্ধ।

(খ) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।
উত্তৰঃ শুদ্ধ।

(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।
উত্তৰঃ অশুদ্ধ।

(ঘ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে'— এই ধাৰণাতো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।
উত্তৰঃ অশুদ্ধ।

(ঙ) কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ।
উত্তৰঃ অশুদ্ধ।


৪। 'ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ - ‘খ’ অংশ
(ক) চ’পৰা -               (ক) এলাহাবাদ প্রশস্তি
(খ) হৰিসেন -            (খ) বৃহৎ সংহিতা
(গ) ভৰত -                (গ) চিকিৎসা শাস্ত্রবিদ
(ঘ) বৰাহমিহিৰ -       (ঘ) বন্দৰ
(ঙ) সুশ্ৰুত -              (ঙ) নাট্যশাস্ত্র


উত্তৰ-  
‘ক’ অংশ.                          ‘খ’ অংশ

ক) চ’পৰা                        ঘ) বন্দৰ
খ) হৰিসেন                      ক) এলাহাবাদ প্রশস্তি
গ) ভৰত                          ঙ) নাট্যশাস্ত্র
ঘ) বৰাহমিহিৰে               খ) বৃহৎ সংহিতা
ঙ) সুশ্ৰুত                        গ) চিকিৎসা শাস্ত্রবিদ

৫। চমুকৈ লিখা—
(ক) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল?
উত্তৰঃ গুপ্ত ৰাজত্ব কালত সোণ আৰু ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ লগতে তাৰ আগত কড়ী মুদ্ৰাৰ প্ৰচলন আছিল।

(খ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্রীবোৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ গুপ্তসকলে ৰপ্তানি কৰা সামগ্রীবোৰ হৈছে-
1) মছলা,
2) হাতী দাঁতেৰে তৈয়াৰী বস্তু,
3) চন্দন কাঠ,
4) মণি-মুকতা,
5) ঔষধি গছ,
6) সুগন্ধি দ্ৰব্য,
7) জীৱজন্তু।

(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল?
উত্তৰঃ
গুপ্ত ৰাজত্বকালৰ বিভিন্ন বৃত্তিধাৰীৰ লোকসকল হৈছে-
1) খেতি বাতিত নিয়োজিত কৃষক, 
2) বেপাৰ বাণিজ্যৰ লগত জড়িত ব্যৱসায়ী, 
3) দেশৰক্ষাৰ কামত নিয়োজিত সামৰিক বাহিনী ,
4) পূজা-পাতল বা উপাসনা ( ব্ৰাহ্মণ, বৌদ্ধ ভিক্ষু)।
5) জ্যোৰ্তিবিদ,
6) চিকিৎসক,
7) দাৰ্শনিক,
8) ভাস্কৰ্য শিল্পী।

(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন উল্লেখ কৰা।
উত্তৰঃ গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন হৈছে- 
1) মেহৰুলিৰ লৌহ স্তম্ভ,
2) দেওগড়ৰ দশাৱতাৰ মন্দিৰ,
3) সাৰনাথৰ ধ্যানমগ্ন বৌদ্ধ,
4) আইহোলৰ দুৰ্গা মন্দিৰ,
5) সাঁচীৰ বিষ্ণু মন্দিৰ।

(ঙ) অজন্তা-ইলোৰা চিত্রাঙ্কনসমূহৰ বৈশিষ্ট্য কি?
উত্তৰঃ গুপ্তযুগৰ শিল্পী আৰু চিত্ৰকৰসকলে বিভিন্ন সময়ত অজন্তা আৰু ইলোৰাৰ গুহা আৰু মন্দিৰ সমূহত অংকন কৰা চিত্ৰই গুপ্তযুগৰ গৰিমা স্মৰণ কৰায়।

(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়?
উত্তৰঃ তেজপুৰৰ দ’ পৰ্বতীয়া, নগাঁওৰ মিকিৰ আতী আৰু বৰগংগা, গুৱাহীটীৰ কামাখ্যা, দুধনৈৰ বৰনদী পাৰা আদিত গুপ্ত স্থাপত্য়-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।


৬। সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ গুপ্তৰজাসকলে সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰাজপৃষ্ঠপোষকতা লাভ কৰা ভাষা-সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মর্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিল। প্রাকৃত’ সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগতে এলাহাবাদ স্তম্ভলিপিৰ যোগেদি এক প্রশস্তি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্রন্থসমূহ এই যুগত পুনৰ মুদ্রিত হৈছিল। দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্ব কালত নগৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, যাক নৱৰত্ন বুলি কোৱা হৈছিল।
 সাহিত্য-সংস্কৃতিৰ দৰেই বিজ্ঞান, জ্যোর্তিবিদ্যা আৰু অংক শাস্ত্রই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোর্তিবিদ্যাৰ কেতবোৰ সিদ্ধান্তই বিশ্ববাসীক চমকৃত কৰিছিল। এই যুগৰ প্রখ্যাত জ্যোতিৰ্বিদ আর্যভট্টই আর্যভট্টীয়’ নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁতো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্রগ্রহণ হয়— এই দুটা তত্ব বৈজ্ঞানিক বাখ্যা আৰ্যাভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি, এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ, স্থানীয়মানৰ ধাৰণা আদি তত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোর্তিশাস্ত্ৰবিদ বৰাহমিহিৰে ‘বৃহৎসংহিতা’ নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। 'চৰক’ আৰু 'সুশ্রুত’ এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল ǀ


Comments

3-popular-180px-course