Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ ১২ গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Class 7 social science

পাঠ ১২  গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ  


১। উত্তৰ দিয়াঃ
(ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত?
উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত।

(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম কি?
উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম হল বাণভট্ট।

(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?
উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল।

(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰঃ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল ৰাজাৰাজ।

(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মান কৰাইছিল?
উত্তৰঃ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাছিল। 

২।খালী ঠাই পূৰোৱা–
(ক) বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰবৰ্মণ।

(খ)হৰ্ষবৰ্ধন ৰ আন এটি নাম আছিল শিলাদিত্য।

(গ) পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। 

(ঘ) এলিফেন্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়।

(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা– 
(ক) গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ / হুণসকলৰ / তুৰ্কী-আফগানসকলৰ আক্ৰমণৰ ফলত।
উত্তৰঃ হুণসকলৰ। 
(খ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ / ১/৫ / ১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল 
উত্তৰঃ ১/৬।
(গ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ।
উত্তৰঃ কনৌজ।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।
উত্তৰঃ কাঞ্চীপুৰম।
(ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক।
উত্তৰঃ দান্তিদূৰ্গ।
৪। চমু উত্তৰ লিখা- 
(ক) গুপ্ত সম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি?
উত্তৰঃ মধ্য এছিয়াৰপৰা অহা হুণসকলৰ আক্ৰমণৰ ফলত এই সাম্ৰাজ্যৰ পতন হোৱা বুলি কোৱা হয়।

(খ) থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? 
উত্তৰঃ থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল- কনৌজ।

(গ) পল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা কি কি?
উত্তৰঃপল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা হ'ল- সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ বিকাশ আৰু শৈৱ সাহিত্যৰ বিকাশ। 

(ঘ) ৰাষ্ট্ৰকূট সকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰকূট সকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল।

(ঙ)কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাৰ পথ মুকলি হৈছিল। 
উত্তৰঃ প্ৰথম পৰান্তক ৰজাৰ দিনত পঞ্চায়তীৰাজ ব্যৱস্থাৰ পথ মুকলি হৈছিল।

৫। ৫০টা মান শব্দৰ ভিতৰত লিখা।
(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি।
উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাওঁ আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল।

(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা 
উত্তৰঃ হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰছিল। কৃষকসকলে উৎপাদিত শস্য়ৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও কৰ শোধাইছিল।

(গ) মহাৱলীপুৰম মন্দিৰৰ শীল্পৰীতি
উত্তৰঃ মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়।

(ঘ) ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি
উত্তৰঃ দাক্ষিণাত্যৰ পশ্চম উপকূলত বৰ্তমানৰ গুজৰাটৰ ওচৰত ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিত।

(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য 
উত্তৰঃ চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ ্ৰ্অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা-সেৱা,চোৱা-চিতা, কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থসামাজিক, সাংস্কৃতিক জীৱন চহকী কৰি তুলিছিল।
৬। তলত উল্লেখ কৰা ৰাজ্যসমহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা। 
গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য , কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য, চাণ্ডেল্য।
উত্তৰঃ
উত্তৰ ভাৰত                  

থানেশ্বৰ, মালৱ, কনৌজ, ৰাজপুতনা

 দক্ষিণ ভাৰত

চোল, পাণ্ড্য, ৰাষ্ট্ৰকূট, গৌড়, কলিঙ্গ, চালুক্য



Comments

3-popular-180px-course