পাঠ ২৪ গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
১। চমু উত্তৰ লিখা-
(ক) প্ৰচাৰ মানে কি?
উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায়।
(খ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?
উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ- মুদ্রিত আৰু ইলেকট্রনিক।
মুদ্রিত প্ৰচাৰ মাধ্যম সমূহ হ'ল- বাতৰিকাকত, আলােচনী, কিতাপ আদি।
ইলেকট্রনিক মাধ্যমসমূহ হ'ল- ৰেডিঅ’, টেলিফোন, ম'বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্রিম উপগ্রহ আদি।
(গ) গণমাধ্যম কাক কয়? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবােৰে অতি কম সময়ৰ ভিতৰত বহুলােকৰ মাজত খবৰ বাতৰিসমূহ সম্প্রচাৰ কৰিব পাৰে। সেইবােৰক গণমাধ্যম বুলি কোৱা হয়।
(ঘ) প্রাচীন কালত ব্যৱহৃত দুই প্রকাৰৰ প্ৰচাৰ মাধ্যম কি কি?
উত্তৰঃ ১) অতীজত দুর্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে পাৰ চৰাইৰ ঠেঙত চিঠি বান্ধি দি উৰুৱাই দিছিল।
২) প্রয়ােজনীয় জাননী দিব লগা হ'লে ঢােলপিটি, কাঁহ-ঘণ্টা বজাই প্রজাক গােট খুৱাই জাননী দিছিল।
(ঙ) ছপাশাল পােন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ১৬ শ শতিকাত জার্মানীৰ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।
২। উত্তৰ লিখা-
(ক) প্রচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?
উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ- মুদ্রিত আৰু ইলেকট্রনিক। মুদ্রিত প্ৰচাৰ মাধ্যম সমূহ হ'ল- বাতৰিকাকত, আলােচনী, কিতাপ আদি।
ইলেকট্রনিক মাধ্যমসমূহ হ'ল- ৰেডিঅ’, টেলিফোন, ম'বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্রিম উপগ্রহ আদি। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহৰ ফলত মানুহে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অর্জন কৰিব পাৰিছে৷ তদুপৰি এই মাধ্যমসমূহে মানুহক শিল্প, সাহিত্য চর্চাৰ সুবিধাও প্ৰদান কৰিছে। মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। প্রচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবােৰে অতি কম সময়ৰ ভিতৰত বহুলােকৰ মাজত খবৰ বাতৰিসমূহ সম্প্রচাৰ কৰিব পাৰে। সেইবােৰক গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতুহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। মুদ্রিত আৰু ইলেকট্রনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্র, নাটক, বাটৰ নাট, পুতলা নাচ, গীত-মাত, কবিতা আদিও একো একোটা গণমাধ্যম যিবােৰে মানুহক সহজে আকর্ষিত আৰু অনুপ্রাণিত কৰিব পাৰে। আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যম সমূহে ব্রিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্রিত কৰাত যথেষ্ট অৰিহণা যােগাইছিল।
(খ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়?
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যােগসূত্র হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্রিক শাসন ব্যৱস্থাৰ বুনিয়াদস্বৰূপ। জনমত প্রকাশত প্রচাৰ মাধ্যমেই সদায় আগভাগ লয়। সংবাদপত্র, ৰাজহুৱা সভা-সমিতি, ৰাইজ মেল, নাটক, কথাছবি, সাহিত্য-আলােচনী, শিক্ষানুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগতে বিধানমণ্ডল, ৰাজনৈতিক দল আদিও জনমত গঠনৰ একো একোখন মঞ্চ। চৰকাৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী কাম-কাজত পৰামর্শ, অভিযােগ, মতামত, সমালােচনা আগবঢ়োৱা আদি কার্যসমূহ প্ৰচাৰ দেশ বা জাতিৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্রিক কল্যাণৰ আন্দোলন আৰু জন জাগৰণসমূহৰ সপক্ষে জনসাধাৰণক সােচ্চাৰ কৰাত প্ৰচাৰৰ অর্থে জনসাধাৰণৰ মাধ্যমসমূহেই আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্রৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা গ্রহণ কৰে। নির্বাচনত জনসাধাৰণৰ অংশগ্রহণ, ভােটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্রতিনিধি নির্বাচন আদিৰ দৰে সময় সাপেক্ষ কার্যবােৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূর্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্রৰ ভাবুকিস্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্রাসবাদ, দূর্নীতি, ভ্রষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্বও বহন কৰে প্ৰচাৰ মাধ্যমসমূহে।
৩। খালী ঠাই পূৰ কৰা
(ক) যোগাযোগ ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম।
(খ) মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।
(গ) জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।
(ঘ) কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।
(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয়।
উত্তৰঃ ৰূপকোঁৱৰ।
(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল।
উত্তৰঃ ঢােলৰ।
(গ) মুদ্রিত মাধ্যমসমূহ হ'ল ৰেডিঅ’/ কিতাপ।
উত্তৰঃ কিতাপ।
(ঘ) অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি।
উত্তৰঃ মার্কনি।
(ঙ) ইলেকট্রনিক মাধ্যম হ’ল বাতৰিকাকত / কম্পিউটাৰ।
উত্তৰঃ কম্পিউটাৰ।
।। ধন্যবাদ ।।







Comments
Post a Comment