পাঠ ১৩ প্ৰাক ঐতিহাসিক অসম
১। উত্তৰ লিখাঃ
(ক) নৰকাসুৰ কোন আছিল?
উত্তৰঃ নৰকাসুৰ কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা আছিল।
(খ)বর্মণ বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা হৈছে- পুষ্য বৰ্মণ।
(গ) হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল?
উত্তৰঃ হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল।
(ঘ) অভিনৱ গুপ্ত কোন আছিল?
উত্তৰঃ অভিনৱ গুপ্ত এজন পণ্ডিত আছিল।
(ঙ) পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল?
উত্তৰঃ পুৰণি কামৰূপৰ ৰাজ্য ৪ টা ভাগত বিভক্ত আছিল।
(চ) দানৱ বংশীয় প্রথম ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম আছিল- মহীৰঙ্গ দানৱ।
২। শুদ্ধ / অশুদ্ধ বিচাৰ কৰাঃ
(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য।
উত্তৰঃ শুদ্ধ।
(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ।
উত্তৰঃ অশুদ্ধ।
(গ) বর্মণ বংশৰ আদি ৰজা হ’ল পুষ্য বর্মণ।
উত্তৰ- শুদ্ধ।
(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা।
উত্তৰঃ শুদ্ধ।
(ঙ) ইৎচিঙে চি - উ - কি পুথিখন ৰচনা কৰিছিল।
উত্তৰঃ অশুদ্ধ।
৩। ক্রমানুসাৰে সজোৱা-
বর্মণ বংশ , দানৱ বংশ , পাল বংশ , শালস্তম্ভ বংশ , ভৌম বংশ
৪। কোন, কাৰ সমসাময়িক আঁচ টানি মিলােৱা-
কুমাৰ ভাস্কৰ বৰ্মণ------------- হৰ্ষবৰ্ধন
সমুদ্রগুপ্ত -------------------------- পুষ্যবৰ্ণ নৰকাসুৰ - - - - - - - - - - - - - - বাণ ৰজা নৰকাসুৰ ভগদত্ত ----------------------------- দুৰ্যোধন শংকাৰাচার্য - - - - - - - - - - - - -অভিনৱগুপ্ত
৫। চমু টোকা লিখা-
(ক) হৰিহৰ যুদ্ধ
উত্তৰঃ পৌৰাণিক সাহিত্যসমূহৰ মতে কামৰূপত নৰকাসুৰ, ভগদত্ত আদি প্ৰৱল প্ৰতাপী ৰজাসকলে এটা সময়ত ৰাজত্ব কৰিছিল। এই পুথিসমূহত উল্লেখ আছে যে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত বাণ নামৰ আন এজন পৰাক্ৰমী ৰজাই শােণিতপুৰত ৰাজত্ব কৰিছিল। শােণিতপুৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত আছিল বৰ্তমানৰ। তেজপুৰকে অতীতত শােণিতপুৰ বােলা হৈছিল। বাণ ৰজা শিৱভক্ত আছিল এটি আখ্যান মতে বাণ ৰজাৰ জীয়েক ঊষা পৰম সুন্দৰী আছিল। উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গন্ধর্ব বিবাহ কৰাইছিল। এই কার্যত বাণ ৰজা ক্ষুন্ন হৈ অনিৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে। এই যুদ্ধত শ্রীকৃষ্ণই অনিৰুদ্ধৰ হৈ আৰু ভগৱান শিৱই বাণ ৰজাৰ হৈ যুদ্ধত অৱতীর্ণ হয়। সেয়েহে এই যুদ্ধক হৰিহৰ যুদ্ধ বােলা হয়। এইযুদ্ধত বাণ ৰজা পৰাস্ত হৈছিল।
(খ) শালস্তম্ভ বংশ
উত্তৰঃ পুৰণি অসমত ( কামৰূপ ) বৰ্মণ বংশৰ পাছত কামৰূত ৩০০ বছৰ ৰাজত্ব কৰা এটা উল্লেখযোগ্য বংশ হৈছে শালস্তম্ভ বংশ। শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল। তেওঁ লিখনিত সেই সময়ত কামৰূপৰ বিস্তৃত কথা উল্লেখ আছে। শালস্তম্ভ ৰাজত্বকালত কামৰূপ ৰাজ্যখন শক্তিশালী ৰাজ্য হিছাপে স্বীকৃতি পাইছিল আৰু আৰু বংশটো সকলো ৰজাই বিদ্বান লোকসকলক সমাদৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে তান্ত্ৰিক ধৰ্মকো গুৰুত্ব সহকাৰে লৈছিল। উল্লেখ আছে যে শালস্তম্ভ ৰাজবংশৰ ৰাজাসকলে বিভিন্ন মঠ-মন্দিৰ নিৰ্মাণ আৰু প্ৰজাৰহিতকৰ কাম-কাজ কৰছিল। শালস্তম্ভ ৰজাসকলৰ এনেবোৰ কাৰ্যই অসমীয়া সভ্যতা-সংস্কৃতিৰ শ্ৰীবৃিদ্ধত যথেষ্ট সহায়ক হৈছিল।
(গ) পালবংশ
উত্তৰঃ শালস্তম্ভসকলৰ পাছত পাল নামৰ আন এটি ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা বুলি জনা যায়। এওঁলোকৰ ৰাজ্যৰ ৰাজধানী দুৰ্জ্জয়নগৰ আছিল বুলি উল্লেখ পোৱা যায়। এই নগৰখন ৰজা ৰত্নপালে প্ৰাগজ্যোতিষপুৰত নতুনকৈ স্থাপন কৰিছিল। এওঁলোকে কামৰূপৰত দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজ ভাগলৈ শাসন কৰিছিল। পালসকলৰ ৰাজত্ব কালত কামৰূপ ৰাজ্যৰ পশ্চিম সীমাই উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰ পৰা জানিবলৈ পোৱা যায়। পাল ৰাজবংশৰ নিজে বিদ্যানুৰাগী আছিল আৰু ব্ৰাহ্মণসকলক ভুমিদান কৰি ৰাজ্যখনত জ্ঞান চৰ্চাৰ এক পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিছিল। পালবংশ লোকসকলে বেপাৰ-বাণিজ্যত তেওঁলোকে গুৰুত্ব দিছিল।
(ঘ) কুণ্ডিল ৰাজ্য
উত্তৰঃ প্রাগৈতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত আন এখন ৰাজ্য আছিল। সেই ৰাজ্যখনৰ নাম আছিল কুণ্ডিল বা বিদর্ভ। এই ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ। এতিয়া শদিয়া অঞ্চলেই তেতিয়াৰ কুণ্ডিল নগৰ।
(ঙ) কামৰূপৰ আৰ্থ- সামাজিক অৱস্থা।
উত্তৰঃ পুৰণি কামৰূপৰ অধিবাসীসকল খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল। খেতি মূলত জুম প্রথাৰে কৰা হৈছিল। ইয়াৰ মাটি দ’ আৰু সাৰুৱা আছিল সেয়ে বিভিন্ন ধৰণৰ শস্য যেনে— ধান, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, নানা বিধ ফল-মূল, শাক-পাচলি উৎপন্ন হৈছিল। হিউৱেন চাঙৰ চি ইউ কি’ত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল যেনে— কঁঠাল, নাৰিকল, আম, তামােল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পােৱা যায়। এই ৰাজ্যৰ পাহাৰীয়া অঞ্চলত বাস কৰা নানা জাতি-জনগােষ্ঠীয়ে তেওঁলােকৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ বাহিৰলৈ ৰপ্তানি কৰিছিল। ইয়াৰ ভিতৰত প্রধান আছিল তেজপাত।
৬। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা ।
(ক) আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য।
উত্তৰঃ আখ্য়ান বা কিংবদন্তিসমূহক আমি ইতিহাস বুলিব নোৱাৰোঁ। কিয়নো বাস্তৱত এইবোৰ কাহিনীৰ প্ৰমাণ বিচাৰি পোৱা টান। আখ্য়ান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য় হ'ল-
আখ্য়ান কেৱল ধৰ্ম পুথিতহে পোৱা যায়। আনহাতে দেৱ-দেৱীৰ মহিমাৰ কথা উল্লেখ থকা কাহিনীবোৰকে কিংবদন্তি বোলে। ইয়াত কল্পনাৰ ৰহণ থাকে।কিন্তু ইতিহাসত কল্পনাৰ ৰহণ নাথাকে। ইতিহাস প্ৰকৃত ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াত কোনো এটা জাতিৰ অতীতৰ ঘটনা প্ৰৱাহ, কলা-সংস্কৃতি, আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু ৰজা-প্ৰজা সকলোৰে কথা উল্লেখ থাকে।
(খ) ভাস্কৰ বৰ্মণ আৰু হর্ষবর্ধনৰ সম্পর্ক।
উত্তৰঃ
(গ) পুৰণি কামৰূপ অধিবাসীসকলৰ খাদ্য আৰু সাজপাৰ।
উত্তৰঃ পুৰণি কামৰূপ অধিবাসী সকলৰ প্ৰধান আহাৰ আছিল ভাত। তেতিয়াৰ দিনত মানুহে লোণৰ অভাৱত কলগছৰ পৰা তৈয়াৰী খাৰ (কলাখাৰ) খাইছিল। তদুপৰি গাখীৰৰ পৰা তৈয়াৰী বিবিধ খাদ্য়, নানা বিধ পাচলি, ফল-মূল, মাছ, মাংসও এওঁলোকৰ খাদ্য় তালিকাত অন্তৰ্ভুক্ত আছিল। দৈন্দিন জীৱনত ইয়াৰ অধিবাসীসকলে মূলতঃ কপাহী কাপোৰ পৰিধান কৰিছিল।পাট কাপোৰ ধনী মানুহখিনিয়ে ব্য়ৱহাৰ কৰিছিল।







Comments
Post a Comment