পাঠ ১২ বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
১) চমু উত্তৰ লিখা-
(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্রতিষ্ঠা হৈছিল ?
উত্তৰ-১৫৯৯ খ্ৰীষ্টাব্দত ǀ
খ) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
উত্তৰ-ভাস্কো-ডা-গামা ǀ
(গ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথম দুর্গটো সাজে?
উত্তৰ- পুলিকট ǀ
ঘ) দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?
উত্তৰ- ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী
ঙ) পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?
উত্তৰ- বিভাজন আৰু শাসন ǀ
২। ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ- কলম্বাছ-আমেৰিকা
উইলিয়াম হকিন্স-ইংৰাজ কটকী
ভাস্কো-ডা-গামা-পর্তুগীজ নাৱিক
দ্বিতীয় চালৰ্ছ-পর্তুগীজ ৰাজকুমাৰী
পুলিকট-ওলণ্ডাজ
৩। খালী ঠাই পূৰ কৰা-
ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্রীষ্টাব্দত ৰাণী প্রথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ
দেশৰ লগত ব্যৱসায়- বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
খ) বাণিজ্যবাদৰ দ্বাৰা দেশৰ অর্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্রণাধীন কৰা হয় ।
গ) ১৬৬১ খ্রীষ্টাব্দত দ্বিতীয় চার্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।
ঘ) ১৭১৫ খ্রীষ্টাব্দত মোগল সম্রাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/অনুমতি প্রদান কৰে ।
ঙ) ইংৰাজ সকল সাগৰীয় নৌবাহিনীৰে শক্তিশালী আছিল ।
৪। সত্য/অসত্য বিচাৰ কৰা
ক) ১৮ শতিকাত মোগল সাম্রাজ্য শক্তিশালী আছিল।
উত্তৰ- অশুদ্ধ
খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল।
উত্তৰ- অশুদ্ধ
গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্রীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।
উত্তৰ- অশুদ্ধ
ঘ) ভাৰতীয় কৃষকসকলৰ পৰা জোৰ-জুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্রৱর্তনৰ ফলত ভাৰতীয় কৃষকসকল ঋণগ্রস্ততাত ভুগিছিল ।
উত্তৰ- শুদ্ধ
ও) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।
উত্তৰ- শুদ্ধ
৫। দলত আলোচনা কৰি টোকা প্রস্তুত কৰা-
ক) ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ ।
উত্তৰ- ভাৰতৰ ইতিহাসত ইউৰোপীয় সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূর্ণ ঘটনা । ইউৰোপত ভাৰত প্ৰচুৰ ধন-সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল । তাৰোপৰি প্রাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা-বেপাৰৰ সম্পর্ক আছিল। ভাৰতৰ মছলা, বস্ত্র, ৰেছম, ধাতৱ দ্রব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল । উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্যে ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল ǀ
খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পর্ক কি?
উত্তৰ- বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অর্থনৈতিক কার্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্রণ কৰাকে বুজায়।
বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত গভীৰ সম্পর্ক আছে ǀ ইউৰোপৰ ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায় ǀ ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অর্থনীতি বাণিজ্যবাদে নিয়ন্ত্রণ কৰিছিল । সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখনে বৈদেশিক বেহা-বেপাৰত সর্বাধিক গুৰুত্ব প্রদান কৰিছিল। সুচল, সমতাপূর্ণ বেহা-বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিছিল । ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰাত গুৰুত্ব দি আমদানী কৰিবলৈ অনিচ্ছুক হ’ল । যদি কোনোৱেই আমদানী নকৰে ৰপ্তানী কৰাতো অসুবিধা হব ? এইবোৰৰ ফলত ইউৰোপত বাণিজ্যই সঘনাই বিভিন্ন প্রতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল আৰু ই উপনিৱেশ সম্প্ৰসাৰণত অনুপ্ৰেৰণা যোগাইছিল ।
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে বাণিজ্যবাদ সম্প্ৰসাৰণৰ ফলত যি বজাৰ ব্যৱস্হাৰ সৃষ্টি হ’ল তাক বৰ্তাই ৰাখিবলৈ উপনিবেশবাদৰ জন্ম হয় ǀ উপনিবেশিকতাবাদৰ ফলত সৃষ্টি হোৱা বজাৰ ব্যৱস্হাত গ্ৰাহকে নিৰ্দিষ্ট বিক্ৰেতাৰ পৰা সামগ্ৰী কনিবলৈ বাধ্য হয় ǀ
গ) ভাৰতৰ সামাজিক আৰু অর্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ ।
উত্তৰ-
1) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ,ধপাত, তামোল আদিৰ দৰে সামগ্রীত একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যবসায় চলাবলৈ আৰম্ভ কৰিছিল । ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল।
2) কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্রী কৰিবলৈ জোৰ-জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল ‘গোমোস্থাসকলেও শিপিনীসকলক কোম্পানীৰ প্রয়োজন মতে সামগ্রী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নির্দেশ মানিবলৈ অপাৰগ হলে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্রী অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্রী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্রমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল।
3) ইষ্ট ইণ্ডিয়া কোম্পানী কর্তৃপক্ষই বংগ, বিহাৰ, উৰিষ্যাৰ দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে— চিৰস্থায়ী বন্দবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল। মাটিৰ খাজনা ৰায়তৱাৰী আৰু মহলদাৰী ব্যৱস্থাত অধিক বৃদ্ধি হৈছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল। এই ব্যৱস্থাই সমাজত জমিদাৰ, সুদখোৰ মহাজন আদি নতুন শ্ৰেণীৰ সৃষ্টি কৰিছিল।
4) ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। ৰাজহ আদায়ৰ কঠোৰ পদ্ধতিয়ে কৃষকসকলক কৰ পৰিশোধৰ বাবে মহাজনৰ পৰা টকা ধাৰে ল'বলৈ বাধ্য কৰাইছিল। ধাৰ পৰিশোধ কৰিব নোৱাৰিলে সেই কৃষকৰ মাটি কোম্পানীয়ে বাজেয়াপ্ত কৰিছিল। এইদৰে গাঁও অঞ্চলত ঋণগ্রস্ততা বাঢ়িছিল আৰু ভাৰতীয় কৃষক সক ল দৰিদ্র সীমাৰেখাৰ তললৈ অৱনমিত হৈছিল।
৬। ভাৰতৰ এখন মানচিত্র অঙ্কন কৰি পর্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা ।
উত্তৰঃ
৭। ইংৰাজসকলে ভাৰতত প্ৰৱেশ কৰাৰ পূর্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ-
↠ মৃৎ শিল্প- এই শিল্পৰ লগত জড়িত লোকসকলক কুমাৰ বোলা হয় ǀ তেওঁলোকে মাটিৰে বাচন, মানুহ আৰু দেৱ দেৱীৰ প্ৰতিমূৰ্তি বা অন্য সা সামগ্ৰী আদি নিৰ্মাণ কৰি উলিয়াইছিল ǀ
↠ ধাতু শিল্প- এই বিধ শিল্পত লো,কাঁহ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা সা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল ǀ লো ৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ,কাঁহৰ সা-সামগ্ৰী তৈয়াৰ কৰাসকলক কঁহাৰ বোলা হয় ǀ
↠বয়ন শিল্প- এই শিল্পত সূঁতা আৰু ৰেচম ৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয় ǀ
৮। ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক্ নিৰ্ণয়কাৰী ভূমিকা লৈছিল’— উক্তিটোৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰ- শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক্ নিৰ্ণয়কাৰী ভূমিকা লৈছিল ǀ এই সময়ছোৱাত ভাৰতবৰ্ষত দুটা পৰিবৰ্তন হৈছিল ǀ ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পট পৰিবৰ্তন আৰু আৰ্থসামাজিক দিশৰ পৰিবৰ্তন ǀ
এই সময়ছোৱাত পর্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীৰ ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু সেইবোৰৰ মাজত ভাৰতত বাণিজ্য বিস্তাৰৰ প্ৰতিযোগিতা চলে ǀ ভাৰতবৰ্ষৰ মোগল শাসন ব্যৱস্হাত দেখা দিয়া ৰাজনৈতিক অস্হিৰতাই তেওঁলোকক উপনিবেশবাদ বা সাম্ৰাজ্য স্হাপনৰ দিশত অগ্ৰসৰ হবলৈ সুবিধা দিয়ে ǀ এসময়ত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ৬৩% অঞ্চল আৰু ৭৮% জনসংখ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে ǀ
বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত উৎপাদিত কেঁচামাল সমূহ ইংলেণ্ডলৈ পঠিয়াই তাত উৎপাদিত সা-সামগ্ৰী ভাৰতত বিক্ৰী কৰিছিল ǀইয়াৰ ফলত ভাৰতবৰ্ষৰ সেই সময়ৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পসমূহ চৰম বিপদত পৰিছিল আৰু সেই বোৰ ধ্বংসৰ দিশে গতি কৰিছিল ǀ তাৰোপৰি মাটি বাৰীৰ ক্ষেত্ৰত চিৰস্তায়ী বন্দবস্ত, ৰায়তবাৰী ব্যৱস্হা, মহলদাৰী ব্যৱস্হা আদিবোৰ প্ৰৱৰ্তন কৰি সমাজত মহাজন ,সুদখোৰ জমিদাৰ আদি শ্ৰেণী লোকৰ সৃষ্টি কৰিছিল ǀ ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লগে লগে দুখীয়া খেতিয়কসকলৰ অৱস্হা সংকটজনক হৈ পৰিছিল ǀঋণ পৰিশোধ কৰিব নোৱৰাসকলৰ খেতিৰ মাটি,ধন সম্পত্তি আধি বাজেয়প্ত কৰা হৈছিল ǀ







Comments
Post a Comment