পাঠ-১৪ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰ সমূহ
১। উত্তৰ দিয়া-
ক) লর্ড কর্ণাৱালিছৰ কার্যবিধিখনক কি বুলি জনা যায় ?
উত্তৰ- কর্ণাৱালিছ সংহিতা ǀ
খ) ভাৰতত চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ-লর্ড কর্ণাৱালিছ ǀ
গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্রা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ-লর্ড হেষ্টিংছ ǀ
ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্রেৰণ পত্র কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?
উত্তৰ- লর্ড ডেলহাউচি ǀ
৫) ভাৰতত প্রথম মহিলাৰ আত্মজীবনীখন কোনে লিখিছিল ?
উত্তৰ- ৰাজসুন্দৰী দেৱী ǀ
২। 'ক' অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ-
বাজা ৰামমোহন ৰায় -ব্রাহ্ম সমাজ
ৰামকৃষ্ণ পৰমহংসদেৱ -ৰামকৃষ্ণ মিছন।
ছাৰ ছৈয়দ আহমদ খান -আলিগড় আন্দোলন
গোবিন্দ ৰাণাডে -প্রার্থনা সমাজ
দয়ানন্দ সৰস্বতী -আর্য সমাজ
৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা —
ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্রতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্রাট গৰাকী আছিল
ফাখছিয়াৰ/বাহাদুৰ ছাহ দ্বিতীয়।
উত্তৰ- ফাৰুখছিয়াৰ
খ) ১৭৮১ খ্রীষ্টাব্দত ৱাৰেণ হেষ্টিংছে/লর্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।
উত্তৰ- ৱাৰেণ হেষ্টিংছে
গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্রহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী
গঠন কৰিছিল।
উত্তৰ- কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/
(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল।
উত্তৰ- ছাৰ ছৈয়দ আহমেদ খান
ঙ) সত্যৰথ প্রকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমােহন ৰায়।
উত্তৰ- দয়ানন্দ সৰস্বতী
৪। চমু টোকা লিখা—
(ক) ৰাজা ৰামমোহন ৰায়
উত্তৰ- বংগদেশৰ এজন বিখ্যাত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায় ǀ তেওঁ মূর্তি পূজা বিৰোধী আৰু জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়িবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে ১৮২৮খ্রীষ্টাব্দত ব্রাহ্মসভা নামৰ অনুষ্ঠান পাতে আৰু পিছলৈ ১৮৩০ খ্রীষ্টাব্দত ই ব্রাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয় । পৰৱৰ্তী সময়ত কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰ নাথ ঠাকুৰ তেওঁৰ সহযোগী হৈছিল । সতীদাহ প্রথা, কন্যা শিশু হত্যা আদি সমাজৰ কু-নিয়মবোৰ আঁতৰোৱাত ৰামমোহন ৰায়ে লর্ড উইলিয়াম বেন্টিংকক যথেষ্ট সহায় কৰিছিল । স্ত্রী শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব প্রদান কৰিছিল। অপ্রাপ্তবয়স্ক বিধবাকপুনৰ বিয়া দিয়াটো ব্রাহ্ম সমাজে এটা প্রধান দায়িত্ব বুলি ধৰিছিল। এনে সংস্কামূলক কামবোৰ কৰি যাওঁতে ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় হিন্দু সমাজত আন এটা ডাঙৰ দোষ দেখিছিল। সেই সময়ত যিসকল ভাৰতীয়ই খৃষ্টানসকলৰ সৈতে খোৱা-বোৱা কৰিছিল বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈছিল তেনে লোকসকলক হিন্দু সমাজে পতিত বুলি ঘোষণা কৰি সমাজৰ পৰা বহিষ্কাৰ কৰিছিল। এই সকল লোকে উচ্চ শিক্ষাৰে শিক্ষিত হৈও সমাজত এনে ধৰণৰ কলঙ্কৰ ভয়ত খৃষ্টান ধর্ম দীক্ষিত হ'ব লগা হৈছিল। ৰাজা ৰামমোহন ৰায়ে এনে অৱস্থাৰ প্রতি লক্ষ্য ৰাখি এইসকল শিক্ষিত লোকক তেওঁ প্রতিষ্ঠা কৰা ব্রাহ্ম ধৰ্মত দীক্ষা দি হিন্দু ধর্মৰে ভিতৰুৱা কৰি ৰাখিছিল।
(খ) ছাৰ ছৈয়দ আহমেদ খান
উত্তৰ- ছাৰ ছৈয়দ আহমেদ খান আলিগড় আন্দোলন ৰ মুখ্য পৃষ্ঠপোষক আছিল ǀ ১৮শ শতিকাৰ শেষৰ ফালে প্রাশ্চাত্য শিক্ষাৰ পোহৰে ইছলামধর্মী লোকসকলকে অনুপ্রাণিত কৰিছিল। ছাৰ ছৈয়দ আহমদ খানে উত্তৰ ভাৰতৰ মুছলমানসকলক ইংৰাজী ভাষা আৰু নতুন ভাবধাৰাৰ প্ৰতি আগ্রহান্বিত কৰি তোলে । ১৮৭৭ চনত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ৰ মুছলমান ছাত্র- ছাত্রীসকলৰ বাবে ‘এংলো অৰিয়েণ্টেল কলেজ’ নামে এখন কলেজ স্থাপন কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যালয় হয়গৈ। লাহে লাহে মুছলমানসকলৰ মাজতো সমাজ আৰু ধৰ্ম সংস্কাৰৰ মনোভাব গা কৰি উঠে। ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকৰ সমাজত প্ৰচলিত পর্দা প্রথা, বহু বিবাহ, বাল্য বিবাহ আদি প্রথাসমূহত বাধা আৰোপ কৰি জাগৰণৰ সৃষ্টি কৰিছিল ǀ
(গ) স্বামী বিবেকানন্দ
উত্তৰ- কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ পূজাৰী তথা আধ্যাত্মিক গুৰু ৰামকৃষ্ণ পৰমহংসৰ শিষ্য ǀ স্বামী বিবেকানন্দই পৰমহংসৰ মতবাদসমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল। পৰবৰ্তী সময়ত ১৮৯৭ খ্রীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্রতিষ্ঠা কৰি পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল।
(ঘ) দয়ানন্দ সৰস্বতী
উত্তৰ-স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ ǀ তেওঁ আৰ্যসমাজৰ প্ৰতিষ্ঠাপক আৰু প্ৰখ্যাত সমাজ সংস্কাৰক ǀ তেওঁ ঈশ্বৰত বিশ্বাসী আছিল আৰু মূর্তি পূজাৰ বিৰোধিতা কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা আৰ্যসমাজ নামৰ অনুষ্ঠানটোৱে জাতিভেদ প্রথা নামানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্রা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ অনুকৰণত হিন্দু ধর্মলেও ধর্মান্তকৰণৰ ব্যৱস্থা কৰিছিল যাক ‘শুদ্ধি’ বুলি কোৱা হৈছিল ǀ তেওঁ সমাজ সংস্কাৰৰ সৈতে সংগতি ৰাখি লিখা গ্রন্থখনৰ নাম আছিল সত্যৰথ প্রকাশ।
(ঙ) দেবেন্দ্র নাথ ঠাকুৰ
উত্তৰ- দেবেন্দ্র নাথ ঠাকুৰ কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পিতৃ আছিল ǀ তেওঁ এজন সমাজ সচেতন ব্যক্তি হিচাপেও পৰিচিত আছিল ǀ ১৮শ শতিকাত বংগদেশত হৈ থকা সমাজ সংস্কাৰ আন্দোলনবোৰত তেওঁ ৰাজা ৰাম মোহন ৰায়ৰ সহযোগী আছিল ǀৰাজা ৰাম মোহন ৰায়ৰ লগ সহযোগত তেওঁ সতীদাহ প্রথা, কন্যা শিশু হত্যা আদি সমাজৰ কু-নিয়মবোৰ আঁতৰোৱাত যথেষ্ট সহায় কৰিছিল । স্ত্রী শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব প্রদান কৰিছিল।
৫। ৫০ 'টা শব্দৰ ভিতৰত উত্তৰ লিখা—
(ক) চিৰস্থায়ী বন্দবস্তু কোনে প্রবর্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি ?
উত্তৰ- লর্ড কর্ণৱালিছে তেওঁৰ ৰাজত্ব কালত পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ ঠাইত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল।
চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰসকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে বিচৰা নির্দিষ্ট ধন বা ৰাজহ দিব নোৱাৰিলে সেই জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল। এই ব্যৱস্থাই জমিদাৰ শ্রেণীক ক্ষমতাশালী কৰিছিল যদিও কৃষকসকলে যথেষ্ট পৰিমাণৰ দুর্ভোগ ভুগিবলগীয়া হৈছিল।
(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?
উত্তৰ- ইংৰাজসকলৰ শাসনৰ সময়ত বিচাৰ ব্যৱস্থাটো কিছু সালসলনি কৰা হৈছিল। পূর্বৱর্তী ভাৰতীয় সাম্রাজ্যবো ৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন- কানুন চলিছিল। তাৰ পৰিৱর্তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্র ভাৰততে এক ধৰণৰ আইন-আদালত স্থাপন কৰি দিছিল। লর্ড কর্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত (ফৌজদাৰী গোচৰৰ আদালত)ৰ কিছু সালসলনি কৰিছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয় বা হেষ্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফ সকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্ৰিয়পাত্ৰ হৈছিল ǀ
(গ) ঈশ্বৰ চন্দ্র বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল ?
উত্তৰ- ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ বংগদেশৰ এজন বিশিষ্ট সমাজ সেৱক আছিল ǀ তেওঁ স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্রহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল। কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে শিক্ষা গ্রহণত বিশেষ আগ্রহ দেখুৱাইছিল। তেওঁ ‘আমাৰ জীৱন ’নামে বঙলা ভাষাত এখন আত্মজীৱনীমূলক পুথি লিখি উলিয়াইছিল। এইখনেই আছিল প্রথম ভাৰতীয় মহিলাৰ আত্মজীৱনীমূলক গ্রন্থ। ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে বিধবাসকলৰ পুনৰ বিবাহৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই সমাজত দৃষ্টান্ত দাঙি ধৰিছিল।







Comments
Post a Comment