Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

ৰজা আৰু ভাটৌ চৰাই ।। কুঁহিপাঠ - ৩য় ভাগ ।। Assam State Textbook Production and Publication Corporation Limited, Guwahati

।। ৰজা আৰু ভাটৌ চৰাই ।। 


         পুৰণি কালত আমাৰ দেশত বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিল। তেওঁ প্ৰজাৰ সুখ দুখৰ কথা ভূ লবলৈ বুলি নিজে কেতিয়াবা ঘোঁৰাত উঠি ফুৰি আহিছিল। 
     
         এনেকৈ ঘূৰি ফুৰোঁতে এদিন ৰজাই এজন মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখিলে। ৰজাক দেখি চৰাইটোৱে, "ৰবি ৰবি, ধৰ ধৰ, মাৰ মাৰ" কৈ চিঞৰি উঠিল। 

      আকৌ আন এদিনৰ কথা। ৰজাই আন এঘৰত আন এটা ভাটৌ চৰাই দেখা পালে। ৰজাক দেখি চৰাইটোৱে " নমস্কাৰ, আহক, বহক" বুলি মাতিবলৈ ধৰিলে। 

     ৰজা আচৰিত হল। তেওঁ ভাবিলে যে, দুয়োটা একে ভাটৌ চৰাই। অথচ এটাৰ মুখত "ৰবি ৰবি, ধৰ ধৰ, মাৰ মাৰ" আৰু আনটোৰ মুখত "নমস্কাৰ, আহক, বহক" মাত। 
       ৰজাৰ মনত কৌতুহল উপজিল। তেওঁ সকলো কথাৰ ভূ লৈ জানিব পাৰিলে যে "ৰবি ৰবি, ধৰ ধৰ, মাৰ মাৰ" বুলি চিঞৰা ভাটৌটো এজন দুষ্ট লোকে পুহিছিল। 
তাৰ হুঁটা কথা শুনি শুনি চৰাইটোৰ মাত কথাওঁ হুঁটা হল। আনটো আকৌ এজন সাধু লোকে পুহিছিল। সাধুৰ ঘৰত সদায় সজ কথা শুনি তাৰ মাতকেষাৰো শুৱলা হৈ পৰিল। 

        এতেকে যেয়ে যেনে সঙ্গত বাস কৰে তাৰো মাত-কথা, স্বভাৱ চৰিত্ৰ আদি তেনে হয়। সজ সঙ্গত বাস কৰিলে লোক সজ হয় আৰু অসজ সঙ্গত বাস কৰিলে লোক অসজ হয়। 




কুঁহিপাঠ - ৩য় ভাগ 
Old Textbook 
প্ৰকাশক:  Assam State Textbook Production and Publication Corporation Limited, Guwahati





Comments

3-popular-180px-course