Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

বেলি আৰু বতাহ ।। কুঁহিপাঠ ২য় ভাগ

বেলি আৰু বতাহ ।। কুঁহিপাঠ ২য় ভাগ

বেলি আৰু বতাহৰ এদিন কাজিয়া লাগিল। 
বেলিয়ে কয়, "মোৰ বেছি বল। " 
বতাহে কয়, "মোৰ বেছি"।
শেষত বতাহে কলে, "প্ৰমাণ চোৱা যাওঁক। 
বেলি মান্তি হল।

আলিবাটেদি এজন বাটৰুৱা গৈ আছিল। তেওঁৰ গাত এখন এৰি চাদৰ। বেলি আৰু বতাহে থিৰ কৰিলে যে, যিজনে সেই বাটৰুৱাজনৰ গাৰ পৰা এৰি চাদৰখন গুচাব পাৰিব, তেওঁকেই বেছি বলী বুলি ধৰি লোৱা হব। 

প্ৰথমতে, বতাহৰ পাল পৰিল। বতাহ অতি বেগেৰে বলিবলৈ ধৰিলে। বতাহ যিমান বেগেৰে বলে বাটৰুৱাজনেও  সিমানে টানি  চাদৰখন মেৰিয়াই লয়। বহুতপৰ চেষ্টা কৰিও বতাহে বাটৰুৱাজনৰ গাৰ পৰা চাদৰখন গুচাব নোৱাৰিলে। 

তাৰ পাছত বেলিৰ পাল পৰিল। বেলিয়ে নিজৰ তাপ বঢ়াই দিলে। ৰদ চোকা হৈ আহিল। বাটৰুৱাজনে ৰদৰ তাপ সহ্য কৰিব নোৱাৰিলে। তেওঁ গাৰ পৰা কাপোৰখন গুচাই পেলালে। তেওঁ গৰমত থাকিব নোৱাৰি গছৰ ছাঁত জিৰণি লবলৈ বহিল। 

বতাহে তেতিয়া বেলিক কলে, "বেলি, মই হাৰিলোঁ। মোতকৈ তোমাৰহে শক্তি বেছি। "





কুঁহিপাঠ - ২য় ভাগ
অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম, গুৱাহাটী 


Comments

3-popular-180px-course