Lesson 3 Class 5 Maths Solution
কালি আৰু পৰিসীমা - পাঠ ৩
পঞ্চম শ্ৰেণী - গণিত
সমস্যা সমাধান কৰোঁ আহা
👉 জিতেনৰ দেউতাকে তেওঁৰ শুৱনি কোঠাটোৰ মজিয়াখনত টালি লগাবলৈ বিচাৰিলে। কোঠাটোৰ দীঘ 14 ফুট আৰু প্ৰস্থ 12 ফুট। যদি বজাৰৰ পৰা অনা টালিৰ দীঘ 2 ফুট আৰু প্ৰস্থ 2 ফুট হয়, তেন্তে প্ৰতিখন টালিৰ কালি কিমান হ’ব? মজিয়াখনত কিমানখন টালিৰ প্ৰয়োজন হ’ব?
সমাধান :
কোঠাটোৰ কালি = কোঠাটোৰ দীঘ x প্ৰস্থ
14 ফুট x 12 ফুট
= 168 বৰ্গ ফুট
টালি এখনৰ কালি = টালিৰ দীঘ x প্ৰস্থ
2 ফুট x 2 ফুট
= 4 বৰ্গ ফুট
∴ মজিয়াখনত টালিৰ প্ৰয়োজন হ’ব =
168 বৰ্গ ফুট ÷ 4 বৰ্গ ফুট
= 42 খন।
👉 এখিলা ডাঠ কাগজৰ দীঘ 12 চে মি আৰু প্ৰস্থ 8 চে মি। ডাঠ কাগজখনত 4 বৰ্গ চে মি কালিৰ জোখৰ কিমানখন ডাক টিকট আঠা লগাব পৰা যাব?
সমাধান :
ডাঠ কাগজৰ কালি = 12 চে মি x 8 চে মি
= 96 বৰ্গ চে মি
ডাক টিকট এটাৰ কালি = 4 বৰ্গ চে মি
∴ ডাঠ কাগজখনত লগাব পৰা ডাক টিকটৰ সংখ্যা
= 96 বৰ্গ চেমি ÷ 4 বৰ্গ চেমি
= 24 খন
ENGLISH Class 5 Solution
You can click on the topics
[posts--tag:BEGINNERS ENGLISH--5]







Comments
Post a Comment