Class 4 Assamese Question Answers
Ankuran Lesson 6 দীঘল ঠেঙীয়া
উত্তৰ লিখা।
(ক) "যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব।" এই কথাষাৰ কোনে ভাবিছিল ?
উত্তৰঃ- এই কথাষাৰ চুৰটোৱে ভাবিছিল।
(খ) "এইটো বৰ কাটন গৰু,ইয়াকে নিব লাগিল" —এইদৰে কোনে ভাবিছিল?
উত্তৰঃ- এইদৰে চুৰটোৱে ভাবিছিল।
(গ) "এ প্রভু, দীঘল - ঠেঙীয়াই নেপায় যেন।" এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ- এই কথাষাৰ বুঢ়ীয়ে কৈছিল।
(ঘ) “আমাকো পেঁপা - কঢ়াই পালে। —কোনে, কেতিয়া কৈছিল?
উত্তৰঃ- “আমাকো পেঁপা - কঢ়াই পালে।" —এই কথাষাৰ বাঘবোৰে ভাবিছিল। সিঁহতে যেতিয়া আটাইবোৰ মাটিত ঠলঠলকৈ বাগৰি পৰিছিল।
প্ৰশ্ন : ‘ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নােৱাৰিম ।'প্রকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা।
উত্তৰঃ- প্ৰকৃততে গৰু চুৰে বাঘৰ পিঠিত উঠিব খুজিছিল ।
প্ৰশ্ন : বাঘটোৱে চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল। দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল?
উত্তৰঃ (ক) দীঘল -ঠেঙীয়া
(খ) পেপাঁ-কঢ়া
(গ) ঘাৰ-মোকোটা
উত্তৰ দিয়া।
(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল?
উত্তৰঃ বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি বৰষুণক বুজাইছিল।
(খ) বাঘবােৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ বাঘবােৰে ইটোৰ পিঠিত আনটো উঠি চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল।
(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবােৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল ?
উত্তৰঃ চোৰটোৱে একেবাৰে তলত থকা নেগুৰখঁৰা বাঘটোক গলগলীয়া মাতেৰে "খঁৰা, চাবি, চাবি, চাবি।" কোৱাত খঁৰা বাঘে, আকৌ পেঁপা কঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি? বুলি ভাবি সি সুৰ্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰাত তাৰ পিঠিত উঠি থকা আটাইবোৰ বাঘ ঠল ঠলকৈ মাটিত পৰিলে। সিহঁতেও পেঁপা-কঢ়াই পালে বুলি ভাবি ভয় খাই হাবিলৈ পলাই যোৱাত চোৰটোৱে বাঘবোৰৰ পৰা ৰক্ষা পালে।
(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল ?
উত্তৰঃ চোৰটোৱে ঘৰলৈ আহি আৰু চোৰ নকৰো বুলি সিদ্ধান্ত লৈছিল ।
তলৰ শব্দসমূহৰ লগত অর্থৰ মিল থকা শব্দ বাকচৰ পৰা লৈ খালী ঘৰত লিখো আহা।
(তজবজীয়া, নেজছিগা, চেতনা, বাঁহৰ বিচনা, সহিব নোৱাৰা, বহুত তললৈ বিস্তৃত, চোকা ডিঙিৰ পাছফাল)
চাং - বাহঁৰ বিছনা অসহনীয় - সহিবনোৱাৰা
চেঙা- তজবজীয়া গভীৰ - বহুত তললৈ বিস্তৃত
ততমত - চেতনা কাটন - চোকা
খৰাঁ - নেজখৰাঁ গলধন - ডিঙিৰ পাছফাল
যুক্তাক্ষৰ ভাঙি লিখা ।
জ্ৰ জ +ৰ = জ্ৰ
ন্ধ ন + ধ = ন্ধ
শ্চ শ + চ = শ্চ
ণ্ড ণ + ড = ণ্ড ।
বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
দীঘল - চুটি
অসহায় - সহায়
আন্ধাৰ - পোহৰ
বলী - নিৰ্বলী/দুৰ্বল
পুৰণি - নতুন
ৰাতি - দিন
গভীৰ - বাম/অগভীৰ
বাক্য ৰচনা কৰা।
(ক) চেঙা (গাত হাত দিবলৈ নিদিয়া জন্তু, অস্থিৰ, তজবজীয়া জন্তু) - আমাৰ গৰুটো বৰ চেঙা।
(খ) চেঙা (তপত, যেনে-চেঙা তেল)- চৰ্দি হলে চেঙা তেল দি মালিচ কৰিলে ভাল হয় ।
(গ) চেঙা (এবিধ মাছ)- চেঙা মাছ খাবলৈ ভাল ।
(ঘ) চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধৰফৰ)- ৰাহুলে পৰি হাতখন ভঙাৰ সময়ত চেঙালুটি মাৰিছিল ।
(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক) - আহোম সেনাসকলে যুদ্ধত চেঙা-হিলৈ ব্যৱহাৰ কৰিছিল ।







Comments
Post a Comment