Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

অংকুৰণ ৪ৰ্থ ।। পাঠ - ১ ।। মোৰ দেশ ভাল

পাঠ- ১                      মোৰ দেশ ভাল 

মোৰ দেশ ভাল কবিতাৰ আবৃত্তি তলৰ লিংকত সংলগ্ন কৰা হৈছে। 



ক) কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা  দেশ বা ৰাজ্যখনৰ নাম কি ।
উত্তৰঃ- কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা  দেশ বা ৰাজ্যখনৰ নাম হ'ল - অসম ।

খ) ক'ত আছে এনে মাটি সৰগ- ফুলনি 
   ক'ত আছে  এনে আই সোণৰ - গোসাঁনী 
- পদ্যছোৱাত ঠাই আৰু আইক কিহৰ লগত তুলনা কৰিছে ।

উত্তৰঃ- পদ্যছোৱাত ঠাই আৰু আইক সৰগ- ফুলনি আৰু সোণৰ- গোসাঁনীৰ লগত তুলনা কৰিছে। 

প্ৰশ্নঃ পদ্যটিত কবিয়ে  কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা ।
উত্তৰঃ পদ্য়টিত কবিয়ে নিজৰ দেশক - সোণৰ চপৰা, সুধাৰ নিজৰা, অমাতৰ মাত,  সৰগ-ফুলনি, সোণৰ গোসাঁনী আদি শব্দ ব্য়ৱহাৰ কৰি  গুণ বৰ্ণনা কৰিছে ।

নামৰ তালিকা কৰা ।
(ক) 'ক'ত আছে এনে ফুল বাৰমাহ'
বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা ।
ফুলৰ তালিকা
১। গোলাপ     ২। কৰবী       ৩। জবা       ৪। চামেলি
৫।  চম্পা        ৬। কচন্দা      ৭। নয়নতৰা   ৮। জবা

(খ) ' ক'ত আছে এনে ধান এই ধৰণীত '
কেইবিধ মান ধানৰ নাম লিখা 
* শালি
* ৰূপহী 
* বৰা
* কেঁকুৰা বাও
* ৰঞ্জিত 
* কাৱৈ বাদাম
* বিল ৱাঁও
* মাগুৰি
* জহা
* তৰা বাঁও
* লাকি শালি

তলৰ পদ্যকেইফাকি গদ্যৰূপত লিখা ।
 
ক) ক'ত আছে এনে মাটি সোণৰ চপৰা 
      ক'ত আছে এনে  পানী সুধাৰ নিজৰা 

উত্তৰঃ- এনে মাটি ক'ত আছে সোণৰ চপৰা 
     এনে পানী ক'ত আছে সুধাৰ নিজৰা 

খ) ভাই - ভনী মিলি য'ত থাকোঁ চিৰকাল 
    সকলো দেশত কৰি মোৰ দেশ ভাল ।

উত্তৰঃ- য'ত ভাই - ভনী মিলি চিৰকাল থাকোঁ 
      মোৰ দেশ সকলো দেশত কৰি ভাল ।


জানো আহা- 
মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ, কবিয়ে পৃথিৱীৰ আনদেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ-গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰা হ।

সকলােতকৈ , সবাতােকৈ , আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা 
( ক ) ভাৰতৰ নদীবােৰৰ ভিতৰত গংগা আটাইতকৈ  দীঘল আৰু ব্ৰহ্মপুত্র আটাইতকৈ  বহল ।

খ) মাজুলী পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীৰ দ্ৱীপ ।
 
গ) কাজিৰঙাৰ জীৱ- জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় সবাতোতকৈ আপুৰুগীয়া ।

ঘ) আনৰ বস্তু প্ৰতি লোভ সকলোতকৈ বেয়া গুণ ।

শব্দৰ খেল খেলো আহাঁঃ

ভাল ➝ লতা ➝ তাম ➝মন ➝ নদী ➝ দীপ-লিপ ➝ পত্যাহ্বান➝ নমস্কাৰ ➝ ৰ'দ ➝ দৰা  ৰাতি ➝ তিয়ঁহ ➝ হলৌ ➝ লৌকিক ➝ কলম ➝ মগনিয়াৰ ➝ ৰছী ➝ ছীল ➝ লয়লাস ➝ সভা

শব্দ গঠন কৰা 
চিৰ
চিৰ + কাল - চিৰকাল 
চিৰ + দিন - চিৰদিন
চিৰ + স্থায়ী - চিৰস্থায়ী
চিৰ +  স্মৰণীয় - চিৰস্মৰণীয়

অনি
বন +অনি - বননি 
ধান + অনি -  ধাননি            
ঘাহঁ + অনি  - ঘাহঁনি   
শাক  + অনি - শাকনি 


তলৰ বাক্য়াংশৰ লগত খাপখোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ।


চিৰদিন নমস্কাৰ কৰিবলগীয়া   - চিৰনমস্য
মাহ খেতিয়ে জুৰি থকা ঠাই      - মাহনি
চিৰদিন মনত ৰাখিবলগীয়া      - চিৰস্মৰণীয়
বাঁহ গছেৰে ভৰি থকা ঠাই         - বাহঁনি 

বাক্য ৰচনা কৰা ।

অমাতৰ মাত - কুলিৰ মাততো অমাতৰ মাত ।

উলাহ-  পখীলাটোৱে উলাহেৰে উৰি আছে ।

চিৰকাল  - ৰামক ৰহিমে চিৰকাল পাহৰিব নোৱাৰে। 




                                ধন্যবাদ। 🙏

Comments

3-popular-180px-course