পাঠ- ২ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল
১। কামলাং নৈখন কোন প্রদেশত আছে ?
উত্তৰঃ- অৰুণাচল প্ৰদেশত আছে ।
২। কামলাং নৈত মাছ মাৰিবলৈ যােৱা ডেকাজনৰ নাম কি ?
উত্তৰঃ- কামলাং নৈত মাছ মাৰিবলৈ যােৱা ডেকাজনৰ নাম কোৱান্ছা ।
৩। কোৱানছাই কামলাঙৰ পানীত কি পাতি থৈছিল ?
উঃ কোৱান্ছাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল ।
৪। ডাঙৰ মাছটো কোৱানছাই ক’ত জীয়াই থৈছিল ?
উঃ ডাঙৰ মাছটো কোৱান্ছাই লাউৰ খোলাত জীয়াই থৈছিল ।
৫। কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে ?
উঃ কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে ।
৬। তাঁত - শালখন মেলি খট্খটাই কোনে কাপােৰ বৈছিল ?
উঃ তাঁত - শালখন মেলি খট্খটাই হামব্ৰুমাই খাল বৈ আছিল ।
কোনে কাক কৈছিল লিখা ।
ক ) তই কোন ? ক'ৰ পৰা আহিছ ? কেনেকৈ কাপােৰ ববলৈ শিকিলি ? ফুলবােৰৰ এই নমুনাবােৰ ক'ত পালি ?
উত্তৰঃ- এই কথাষাৰ কোৱান্ছাই হামব্ৰুমাইক কৈছিল ।
খ) 'পৃথিৱীৰ উপকাৰ হ’ল । আদি মানৱী নিম্কেৰ মনােবাঞ্ছাও পূর্ণ হ’ল ।'
উত্তৰঃ- এই কথাষাৰ হামব্ৰুমাই কোৱান্ছাক কৈছিল ।
জানো আহা-
'পেটত গাঁথি, টেকেলিও কাতি '
এইটো এটা প্ৰবচন। প্ৰবচনটোত বহু-ভাব লুকাই আছে। মানুহৰ পেটত খুদকণ এটিও নপৰিলে ভোকৰ জ্বালা অধিকতৰ হয় আৰু তেতিয়া ভোক নিবাৰণৰ বাবে পেটত গাঁথি মাৰিবলগীয়া অৱস্থা হয়। পেটত গাঁথি, টেকেলিও কাতি এই প্ৰবচনটোৰ দ্বাৰা কোৱানছা নামৰ ডেকা এজনৰ আৰ্থিক দুৰৱস্থাৰ কথাকেই প্ৰকাশ পাইছে।
আমাৰ ভাষাত থকা এনেকুৱা কিছুমান খণ্ড বাক্য, ফকৰা-যোজনা, প্ৰবচন নীতি-বচন আদিত একো একোটা গূঢ়াৰ্থ বা ভাব নিহিত হৈ থাকে। এই ভাব বা অৰ্থক সহজ-সৰলভাৱে বুজাই লিখাকে ভাব বহলাই লিখা বা ভাব সম্প্ৰসাৰণ বোলে।
তলৰ প্ৰবচনফাকিৰ ভাব বহলাই লিখা ।
' ৰাইজে নখ জোকাৰিলে লৈ বয়।'
উত্তৰঃ এইটো এটা প্ৰবচন । ইয়াত প্ৰবচনটোত গভীৰ ভাব লুকাই আছে ।এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হয় ; একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হ'ব পাৰে ,সেইদৰে গোটেই ৰাইজখন একত্ৰিত হৈ সকলোৱে কিঞ্চিত প্ৰচেষ্টা আগবঢ়াইও একো একোটা মহৎ কাৰ্য্য় সম্পাদন কৰিব পাৰে ।
গতিকে ৰাইজে একগোট হৈ কৰো বুলি কলে যি কোনো কাম এটা কৰিব পাৰে ।
বাক্য ৰচনা কৰা
ঘাট- মাউৰা - কোৱান্ছা এজন ঘাট- মাউৰা ডেকা ।
চুকে -কোণে - আমাৰ জিলাৰ চুকে - কুণে বহুত গাওঁ আছে ।
গছ- গছনি - আমি গছ- গছনি কাতিব নালাগে ।
লুকা- ভাকু - ছোৱালী কেইজনীয়ে লুকা- ভাকু খেলি আছে ।
প্ৰশ্নঃ- পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ বিস্ময়, ৰহস্য, হামব্ৰু, আৰম্ভ, সৌন্দৰ্য, যুগ্ম, মনোবাঞ্ছা, পূৰ্ণ।
বাক্য়কেইটা প্ৰশ্নবোধক বাক্য়লৈ নিয়া ।
মই হামব্রু ফৈদৰ জীয়াৰী - তই কোন, তই কাৰ জীয়াৰী?
মােৰ ঘৰ কামলাঙত - তোৰ ঘৰ কত?
মই বজাৰৰ পৰা আহিছো - তই কৰ পৰা আহিছ?
মই সাধু শুনি ভাল পাওঁ - তই সাধু শুনি ভাল পাৱনে?
কোৱান্ছাই মাছ মাৰি ভাল পায় - কোৱান্ছাই কি কৰি ভাল পায়?
প্ৰশ্নঃ- যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহাঃ
যুগ্ম গ্ম = গ + ম গই মই গ্ম
গ্ম গ + ম গই মই গ্ম - অযুগ্ম, বাগ্মিতা
প্ৰশ্নঃ- যুক্তাক্ষৰ গঠন কৰোঁ আহা
গ+ম = গই মই গ্ম
পঢ়ো আহা
যুগ্ম অযুগ্ম যুগ্মৰাশি
হামব্ৰু ডিব্ৰুগড় বাঞ্ছা
যুগ্ম মানে যোৰ।
গণিতত যুগ্ম আৰু অযুগ্ম সংখ্যা আছে।
যুগ্মৰাশিক সমানে দুভাক কৰি পাৰি, কিন্তু অযুগ্মক নোৱাৰি।
জানো আহা-
নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানছা কামলৈ যায় । ঘূৰি আহি প্রতিদিনে তেওঁ বাৰেবৰণীয়া কাপােৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি। এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱানছাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ লাউৰ খােলাটোৰ পৰা ওলাই আহি দীপ-লিপ ছােৱালী এজনী হ’ল। তাই তাঁত-শাল মেলি খটখটাই কাপােৰ ববলৈ ধৰিলে। কোৱানছাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে — তই কোন? ক’ৰপৰা আহিছ? কেনেকৈ কাপােৰ ববলৈ শিকিলি? ফুলবােৰৰ এই নমুনাবােৰ ক'ত পালি?
বিপৰীত শব্দ লিখা
বুঢ়া--------- ডেকা
নিৰানন্দ--------- আনন্দ
শেষ -------------- আৰম্ভ
খালী -------------- পূৰ্ণ
জপাই ------------ মেলি
পাতে, মাৰে, বায় আদি শব্দ বোৰ আমি মাছধৰা সজুঁলিৰ লগত ব্য়ৱহাৰ কৰোঁ ।এই শব্দবোৰ অন্য় শব্দৰ লগত ব্য়বহাৰ কৰিও বাক্য় গঠন কৰা হয় । তেনেধৰনৰ বাক্য় লিখোঁ আহা ।
(ক) জাল পাতে।
চেপা পতে।
দৈ পাতে।
বৰশি পাতে।
থোহা পাতে।
(খ) জাল মাৰে।
পল মাৰে।
বঠা মাৰে।
জবকা মাৰে।
(গ) জাকৈ বায়।
জুলুকি বায়।
ঢোল বায়।
শূল বায়।
নাওঁ বায় ।
প্ৰশ্নঃ- অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকৰ নাম সংগ্ৰহ লিখা।
জনগোষ্ঠী
পুৰুষ
মহিলা
অসমীয়া
ঢূটি আৰু গামোচা
চাদৰ - মেখেলা
বড়ো
আঠুঁমূৰীয়া ফখৰা-চিতৰা গামচা(চুৰিয়া), গছলা(চোলা) আৰু ফুলাম ফালি।
দখনা, মেখেলা-চাদৰ,
মিচিং
গালুগ(চোলা), য়াপ(মূৰত মৰা গামোচা)
য়েচাং(ৰিহা), চগৰেক গাচৰ(চাদৰ),চ’জুকচৰে এগে(গাৰি দিয়া মেখেলা)
ৰাভা
একৰঙীয়ো গামোচা, একৰঙীয়া পাজাৰ আৰু একৰঙীয়া মূৰ বন্ধা
ৰুফান, কাম্বুং, মূৰ বন্ধাৰ বাবে খদবাং,বাচেক
চাহ জনগোষ্ঠীয় লোক
ৰঙাপাৰিৰ শাৰী
কছাৰী
কছাৰীসকলে জাতিগত সাজ হিচাপে গাত গাতুং চোলা আৰু ঘৰতে বোৱা কপাহী চোলা পিন্ধে।
মুগাচাদৰ আৰু মুগাৰ মেখেলা।
তিৱা
পাগুৰি, থাগলা, থেনাচ আৰু নাৰা,
ফাচকাই, নাৰা, কাচং আৰু ৰিহা আৰু মেখেলা।
প্ৰশ্নঃ- বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা আৰু লিখা।
ছবিখনত তিৰোতজনীয়ে মাছ বেছিব গৈছে। সেই বাবে তাই মেখেলা-চাদৰ আৰু মূৰত মাছৰ টুকুৰীটো লবৰ বাবে পাগুৰি এটা লৈছে।
এই ছবিখন জোৱান এজনৰ। তেওঁ মূৰত টুপী, গাত ইউনিফৰ্মৰ খাকী পোছাক পৰিধান কৰিছে।
এই ছবিখনত এযোৰা বিহুদলক দেখুৱাইছে। তাত দুজনে বিহু নাচিছে। ছোৱালীজনীয়ে ৰঙা ব্লাউজৰ লগত মুগা ৰঙৰ মেখেলা-চাদৰ পিন্ধিছে। ল'ৰাজনে মূৰত গামোচা মাৰিছে ধুতীৰ লগত হাফ পাঞ্জাৱী চাৰ্ট পিন্ধিছে আৰু কঁকালত ৰঙা গামোচা মাৰিছে।
এই ছবিখনত এজনী ছোৱালীয়ে জাকৈ বাই আছে। সেই বাবে তাই মূৰত গামোচা এখনেৰে খোপা বান্ধিছে। এটা ৰঙা ব্লাউজ পিন্ধিছে আৰু মেখেলাখন চুটিকৈ পিন্ধি বুকুত মেথনি মাৰিছে।
এওঁ এজন উকীল। তেওঁ আদালতলৈ যাবৰ বাবে তেওঁৰ ক'লা কোট আৰু পেণ্ট পৰিধান কৰিছে।
এই ছবিখনত ল'ৰাজনে বল খেলি আছে। সেয়ে সি হাফ পেণ্ট, স্পৰ্টি আৰু জোটা-মোজা পিন্ধিছে।
ধন্যবাদ 🙏







Comments
Post a Comment