Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

অংকুৰণ ৪ৰ্থ ।। পাঠ - ৩ ।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

পাঠ - ৩      কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়া ।

( ক ) ‘ বিলতে হালিছে ধুনীয়া পদুমী ’ .. গীতটি কাৰ ৰচনা ?
উঃ ‘ বিলতে হালিছে ধুনীয়া পদুমী ’ .. গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা ।

( গ ) তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটিয়সীগৰাকীৰ নাম কি ? 
উঃ তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটিয়সীগৰাকীৰ নাম আনা পাভ্লোভা ।

( ঘ ) বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সােণৰ পদক লাভ কৰিছিল ?
উঃ বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল ।

 ( ঙ ) সােণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল ?
উঃ সােণৰ পদকটো তেখেতে পণ্ডিত ড. সৰ্বপল্লী ৰাধাকৃষ্ণৰ পৰা লাভ কৰিছিল ।

( চ ) তেখেতে কি কি উপাধি লাভ কৰিছিল ?
উঃ তেখেতে কলাগুৰু ,ভাৰত শ্ৰেষ্ঠ কলাবিদ আদি উপাধি পাইছিল ।
( ছ ) কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্রদর্শন কৰিছিল ?
উঃ কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে ১০৮ বিধ নৃত্য প্রদর্শন কৰিছিল ।

 (জ) “ বিষ্ণু ৰাভা দিৱস ’ কোন তাৰিখে পালন কৰা হয় ?
উঃ “ বিষ্ণু ৰাভা দিৱস ’ ২০ জুন তাৰিখে পালন কৰা হয় ।



(ঝ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি ?
উঃ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম বাণ থিয়েটাৰ ।

 শব্দবােৰৰ অৰ্থ শব্দ - সম্ভাৰৰ পৰা বিচাৰি লিখা ।
 
শব্দ অৰ্থ 
সংস্কৃতি - পৰম্পৰা ।

প্ৰতিভাসম্পন্ন - প্ৰখৰ বুদ্ধিসম্পন্ন 

অনুপ্ৰাণিত - উৎসাহিত 

সুনিপুণ - পাৰ্গত 

সুদক্ষ - অভিজ্ঞতা সম্পন্ন    

প্ৰেৰণা - উৎসাহ - উতগতি 

অন্যতম -বহুতৰ ভিতৰত বিশেষ এজন বা এটা 

ভূয়সী - অতিশয়

প্ৰশ্নঃ কোনে, কাক কি প্ৰসংগত কৈছিল লিখা ।
'ভাৰতৰ অ'ত ত'ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নূত্য়ৰ উৎস । ' 
উঃ'ভাৰতৰ অ'ত ত'ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নূত্য়ৰ উৎস। ' 
            এই কথাষাৰ পাভ্লোভাই বিষ্ণুপ্ৰসাদ ৰাভাক কৈছিল।
বিষ্ণুপ্ৰসাদ ৰাভাই আঠ বছৰ বয়সতে ঢাকাৰ ওস্তাদ কালাচান্দৰ পৰা নৃত্য় আৰু অভিনয় শিক্ষা পাইছিল। ৰাছিয়াৰ বিশ্ববিখ্য়াত নৃত্য় পটিয়সী আনা পাভ্লোভাৰ পৰা নৃত্য়ৰ প্ৰেৰনা পাইছিল। সেই সময়ত কলিকতাৰ পাভ্লোভাৰ নৃত্য় দেখি বিষ্ণুপ্ৰসাদ ৰাভা মুগ্ধ হৈ তেওঁক লগ ধৰিছিল। নৃত্য়ৰ লয়লাস ভংগী কেনেকৈ দিব পাৰি বুলি সোধাত পাভ্লোভাই কৈছিল-' ভাৰতবৰ্ষত অ'ত ত'ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নৃত্য়ৰ উৎস।'


শব্দ গঠন কৰাঃ

প্ৰশ্নঃ পাঠটোৰ পৰা লিখাঃ
উঃ
মানুহৰ নাম, যেনে-বিষ্ণুপ্ৰসাদ ৰাভা
ওস্তাদ কালাচান্দ, আনা পাভলোভা, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আদি।
                                       
ঠাইৰ নাম, যেনে-ঢাকা
কলিকতা, ভাৰতবৰ্ষ, অসম, তেজপুৰ, কোচবিহাৰ আদি।    

অনুষ্ঠানৰ নাম, যেনে-বাণ থিয়েটাৰ
শান্তিনিকেতন।
ভাষাৰ নাম, যেনে-অসমীয়া
গাৰো, নগা, মণিপুৰী, খাছী, মিজো, মিচিং, উৰ্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদি।

সাহিত্যৰ প্ৰকাৰ, যেনে-নাটক
গীত-মাত, গল্প, প্ৰৱন্ধ, উপন্যাস আদি।

বাদ্য-যন্ত্ৰৰ, নাম যেনে-হাৰমনিয়াম
তবলা, এচৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি।

গুণ বা বৃত্তিৰ নাম, যেনে- গীতিকাৰ
নাট্য-শিল্পী, বাদ্য-শিল্পী, নাট্যকাৰ, অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, সুৰকাৰ আদি।

প্ৰশ্নঃ বিষ্ণুপ্ৰসাদ ৰাভাই বজাব জনা বাদ্য়সমূহৰ নাম লিখা।
উঃ বিষ্ণুপ্ৰসাদ ৰাভাই বজাব জনা বাদ্য়সমূহৰ নাম হ'ল- হাৰমনিয়াম, তবলা, এচৰাজ , অৰ্গেন, বেহেলা, চেতাৰ আদি উল্লেখযোগ্য় ।

তলৰ বাক্য়বোৰত থকা বিশেষ্য় পদত আঁচ টানি দেখুওৱা ।
(ক) মুকুট ডিব্ৰুগড়লৈ যাব।
(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয় পাত্ৰ।
(গ) ৰমেন বৰ চঞ্চল।
(ঘ) গাই-গৰুৱে গাখীৰ দিয়ে।
(ঙ) শৰৎ কালত শেৱালি ফুলে।


শব্দ গঠন কৰা ।

গীত - গীতিকাৰ 

নাটক - নাট্যকাৰ 

সুৰ - সুৰকাৰ 

প্ৰবন্ধ - প্ৰবন্ধকাৰ

নিবন্ধ - নিবন্ধকাৰ 


কাক কি উপাধিৰে জনা যায় আঁচ টানি মিলোৱা 

ক) পাৰ্বতিপ্ৰসাদ বৰুৱা - গীতকাৰ 

খ) বিষ্ণুপ্ৰসাদ ৰাভা - কলাগুৰু

গ) জ্যোতিপ্ৰসাদ আগৰৱালা - ৰূপকোঁৱৰ ।

ঘ) ফৰ্ণী শৰ্মা - নট সূৰ্য 

ঙ) ৰুদ্ৰ বৰুৱা - লুইত কোঁৱৰ 

প্ৰশ্নঃ কোনে ৰচনা কৰিছিল ।

ক) বৰগীত - শংকৰ দেৱ , মাধৱ দেৱ ।

খ) বিষ্ণু ৰাভা সংগীত - বিষ্ণুপ্ৰসাদ ৰাভা ।

গ) জ্যোতি সংগীত - ৰূপকোঁৱৰ আগৰৱালা ।

ঘ) ভূপেন্দ্ৰ সংগীত - ড. ভূপেন হাজৰিকা ।

ঙ) ৰবীন্দ্ৰ সংগীত - ৰবীন্দ্ৰনাথ ঠাকুৰ ।


                       ধন্যবাদ🙏


Comments

3-popular-180px-course