Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

আমি আৰু আমাৰ পৰিবেশ ।। ৪ৰ্থ শ্ৰেণী ।। পাঠ- ১ ।। পৰিয়াল

পাঠ- ১                    পৰিয়াল

১। চমু উত্তৰ দিয়া-
(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে?
উত্তৰ:  পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে।

(খ) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন?
উত্তৰ:  অনিতাৰ পৰিয়ালৰ সদস্য ৯ জন।

(গ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত?
উত্তৰ:  অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত।

(ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল?
উত্তৰ:  শশাংকুৰ পৰিয়ালটো একক পৰিয়াল।

২। খালী ঠাই পূৰ কৰা-
(ক) সমাজৰ এটা প্ৰাথমিক গোট হ'ল পৰিয়াল।
(খ) পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা নীতি-নিয়ম থাকে।
(গ) শশাংকুৱে ধুনীয়া ছবি আঁকে।
(ঘ) শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা ইংগিতেৰে বুজায়।

৩। উত্তৰ দিয়া-
(ক) একক পৰিয়াল বুলিলে কি বুজা?
উত্তৰ:  যি পৰিয়ালত কেৱল মাক-দেউতাকৰ সৈতে তেওঁলোকৰ ল'ৰা-ছোৱালী থাকে তেনে পৰিয়ালকে একক পৰিয়াল বোলা হয়।

(খ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে?
উত্তৰ:  শশাংকুৱে ভালদৰে কথা ক'ব নোৱাৰাৰ বাবে ইংগিতেৰে কথা পাতে।

(গ) যৌথ পৰিয়াল বুলিলে কি বুজা?
উত্তৰ:  যি পৰিয়ালত দুটা বা তিনিটা সৰু পৰিয়াল এক গোট হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলা হয়।

(ঘ) শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কৰে?
উত্তৰ:  শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত একেলগে বেঞ্চত বহে, পঢ়া-শুনা কৰে আৰু নানা ধৰণৰ খেল খেলে।

৪। তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-
ক' অংশ                            'খ' অংশ
দেউতাৰ ককায়েক -         বৰদেউতা

ককাৰ দেউতাক -              আজোককা

দেউতাৰ মাক -                  আইতা

মাৰ ভায়েক -                      মামা

দেউতাৰ ভনীয়েক -             পেহী

মাৰ দেউতাক -                    ককা

অতিৰিক্ত প্ৰশ্নোত্তৰ
-অনিতাৰ পৰিয়ালত কোন কোন আছে?

উত্তৰ:  অনিতাৰ পৰিয়ালত - মাক-দেউতাক, ককাক-আইতাক, খুড়াক-খুড়ীয়েক, পেহীয়েক আৰু খুড়াকৰ ল'ৰা জিণ্টু থাকে।

-পৰিয়ালৰ কোন কেইজন সদস্যই তাইৰ যত্ন লয়?

উঃ পৰিয়ালৰ ককাক-আইতাক, খুড়াক-খুড়ীয়েক, পেহীয়েক আৰু মাকে তাইৰ যত্ন লয়।

-পৰিয়ালৰ কোন কোন সদস্যই উপাৰ্জন কৰে?

উঃ পৰিয়ালৰ দেউতাক আৰু খুড়াকে উপাৰ্জন কৰে।

-অনিতাই খুড়াকৰ ল'ৰা জিণ্টুক কেনেদৰে যত্ন লয়?

উঃ অনিতাই খুড়াকৰ ল'ৰা জিণ্টুক বৰ যত্ন লয়। কেতিয়াবা তাই তাক গা ধুৱাই দিয়ে, কাপোৰ-কানিও পিন্ধাই দিয়ে।

                              ধন্যবাদ🙏

Comments

3-popular-180px-course