Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

আমি আৰু আমাৰ পৰিবেশ ।। ৪ৰ্থ শ্ৰেণী ।। পাঠ- ২ ।। উৎসৱ

 পাঠ ২                   উৎসৱ

১। চমু উত্তৰ লিখা-

(ক) শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি?
উত্তৰ: শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হৈছে - গুৰুনানক জয়ন্তী।

(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে?
উত্তৰ: বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে।

(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে?
উত্তৰ: অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে।

(ঘ) ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়?
উত্তৰ: ওনাম উৎসৱত কাইকোট্ৰিকালি নৃত্য পৰিৱেশন কৰা হয়।

(ঙ) দশোৰা উৎসৱৰ লগত একেসময়তে পূৱ ভাৰতত পালন কৰা উৎসৱটো কি?
উত্তৰ: দশোৰা উৎসৱৰ লগত একেসময়তে পূৱ ভাৰতত পালন কৰা উৎসৱটো হ'ল দূৰ্গাপূজা।

(চ) বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম।

উত্তৰ: বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হৈছে- চট পূজা।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'  অংশ                            'খ'  অংশ

বিহু -                                  অসম

বৈশাখী -                            পঞ্জাৱ

পোংগল -                            তামিলনাডু

ওনাম -                                কেৰেলা

গনাশ চতুৰ্থী -                        মহাৰাষ্ট্ৰ

৩। উত্তৰ লিখা-
(ক) বিহু কেইটা আৰু কি কি?
উত্তৰ: বিহু তিনিটা, আৰু সেইকেইটা হ'ল - ব'হাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু।

(খ) ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয়?

উত্তৰ: ফাকুৱা উৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱত ৰং বিৰংৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে এজনে আনজনৰ গালৈ ৰং মিহলি পানী ছটিয়াই নৃত্য-গীত কৰি আনন্দ উপভোগ কৰে।

(গ) বুদ্ধ পূৰ্ণিমা কিয় পাালন কৰা হয়?
উত্তৰ :  বুদ্ধদেৱ বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক। বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু ব'হাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল। সেয়েহে ব'হাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পৱিত্ৰ দিন ৰূপে বৌদ্ধধৰ্মৰ লোকসকলে বুদ্ধপূৰ্ণিমা হিচাপে পালন কৰে।

(ঘ) ঈদ কেইটা আৰু কি কি?
উত্তৰ:  ঈদ দুটা, - ঈদ-উল-ফিতৰ আৰু ঈদুজ্জোহা।

(ঙ) দশোৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়?
উত্তৰ: দশোৰা উৎসৱত দশমূৰধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়।

৫। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া-
(ক) গুৰুনানক বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক।
উত্তৰ: অশুদ্ধ।

(খ) ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয়।
উত্তৰ: শুদ্ধ।

(গ) চট পূজাত সূৰ্য দেৱতাক পূজা কৰা হয়।
উত্তৰ:  শুদ্ধ।




                                  ধন্যবাদ🙏

Comments

3-popular-180px-course