পাঠ ৩ পানী
১। উত্তৰ লিখা-
(ক) পানীৰ উৎসসমূহ কি কি?
উত্তৰ: পানীৰ উৎসবোৰ হ'ল- সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, জান-জুৰি, পুখুৰী, খাল-বিল, ভূ-গৰ্ভ আদি। ইয়াৰ উপৰিও ওখ পৰ্বতৰ শীতল অঞ্চলতো বৰফ পিচাপে থাকে।
(খ) ভূ-গৰ্ভত পানী নাটনি হ'ব পৰাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ: ভূ-গৰ্ভত পানী নাটনি হ'ব পৰাৰ দুটা কাৰণ হৈছে-
- গছ-গছনিৰ সংখ্যা কমি আহিছে।
- খৰালি কালত বৰষুণ একেবাৰে কম হোৱাৰ বাবে।
(গ)বতাহত ভাঁহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক কি বুলি কোৱা হয়?
উত্তৰ: বতাহত ভাঁহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক ডাৱৰ বুলি কোৱা হয়।
(ঘ) কুৱাঁৰ পানীৰ উৎস কি?
উত্তৰ: কুৱাঁৰ পানীৰ উৎস হৈছে-ভূ-গৰ্ভ।
(ঙ) নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে?
উত্তৰ: নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক তাপে ভাপলৈ পৰিৱৰ্তন কৰে।
২। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া-
(ক) পুখুৰীৰ পানীৰ উৎস হৈছে ভূগৰ্ভৰ পানী / ভূ-পৃষ্ঠৰ পানী।
উত্তৰ: ভূ-পৃষ্ঠৰ পানী।
(খ) বৰষুণৰ পানী মাটিৰে নিগৰি / দমকলেৰে ভূ-গৰ্ভ পায়।
উত্তৰ: মাটিৰে নিগৰি।
(গ) পকী ঠাইৰে / মাটিৰে পানী সহজে নিগৰি ভূ-গৰূভলৈ যাব পাৰে।
উত্তৰ: মাটিৰে ।
(ঘ) শিল বৰষুণত শিল / বৰফ থাকে।
উত্তৰ: বৰফ।
৩। খালী ঠাই পূৰণ কৰা-
(ক) দমকলৰ পানীৰ উৎস হৈছে ভূ-গৰ্ভ।
(খ) পৰ্বতৰ শীতল অঞ্চলত পানী বৰফ হিচাপে থাকে।
(গ) সাগৰৰ পানী লুণীয়া।
৪। ভূ-গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰ: ভূ-গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা হৈছে-
- গছ-গছনি ৰূপন।
- মুকলি পথাৰ, পিতনি আদি সংৰক্ষণ কৰা উচিত।
৫। সাগৰৰ পানী কিয় পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি?
উত্তৰ: সাগৰৰ পানী লুণীয়া হোৱাৰ বাবে ইয়াক পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি।
৬। ভূ-গৰ্ভৰ পানী কি কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: ভূ-গৰ্ভৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰা হয়-
- মানুহৰ ঘৰুৱা বিভিন্ন কামৰ লগতে খোৱা পানী হিচাপেও ব্যৱহাৰ কৰা হয়।
- খেতি-পথাৰত দিয়া হয়।
- বিভিন্ন ঔদ্যোগিক কামত ব্যৱহাৰ কৰা হয়।
৭। শিল-বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ: শিল-বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য হ'ল-
শিল-বৰষুণত বৰষুণ হিচাপে পৃথিৱীত বৰফ পৰে।
আনহাতে বৰষুণত পৃথিৱীত পানী পৰে।
ধন্যবাদ 🙏







Comments
Post a Comment