Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

আমাৰ পৰিবেশ - পাঠ-১ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

Class - 5        আমি আৰু আমাৰ পৰিবেশ (Updated on 4th June, 2021)

পাঠ ১       -      আমাৰ পৰিৱেশ


Video Link for the lesson


উত্তৰ লিখা-

প্ৰশ্ন-    জলাহভূমিত পোৱা কেইবিধ মান উদ্ভিদৰ আৰু প্ৰাণীৰ  নাম-

উত্তৰ-   ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা । 

পুণী, মেতেকা, নল- খাগৰি, ইকৰা, তৰা, কলমৌ। 

প্ৰশ্ন-  জলাহত পোৱা দুটা অজৈৱিক উপাদানৰ নাম লিখা-

উত্তৰ- পাণী আৰু উদ্ভিদ।

প্ৰশ্ন-  জলাহৰ উচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম -

উত্তৰ- বগলী আৰু হাড়গিলা।

প্ৰশ্ন- তোমালোকৰ অঞ্চলত পোৱা বিভিন্ন ধৰণৰ উদ্ভিদৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা-

উত্তৰঃ     ...................


পাঠভিত্তিক অনুশীলনী

১। উত্তৰ লিখা-

(ক) পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল- উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি।

(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰঃ পেংগুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ, সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু।

(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা। 

উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম হ'ল- ৰংঘৰ আৰু তলাতল ঘৰ।

(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল- বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ, আদি।

(ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ মানৱ সৃষ্ট পৰিৱেশ হল প্ৰকৃতিৰ পৰা পোৱা উপাদানসমূহেৰে মানুহে নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰি লোৱা পৰিৱেশ ।

(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।

উত্তৰঃ অসমত থকা দুটা মন্দিৰৰ  নাম হ'ল-  কামাখ্যা আৰু উমানন্দ মন্দিৰ।

দুটা দৌল হ'ল-   শিৱ দৌল আৰু জয়দৌল আৰু 

দুখন সত্ৰৰ নাম হ'ল- আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

    'ক'  অংশ          -            'খ'  অংশ

    তেজপুৰ       -       অগ্নিগড়

    কামৰূপ        -     পোৱামক্কা

    গোৱালপাৰা    -    সূৰ্য পাহাৰ

    ধুবুৰী            -       টেগবাহাদুৰ

    কাছাৰ          -       ভূৱন পাহাৰৰ মন্দিৰ


৩। খালী ঠাই পূৰ কৰা-

(ক) মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নোমাল

(খ) বগা ভালুক মেৰু অঞ্চলত থাকে।

(গ) তৃণভূমি অঞ্চলত হাতী পোৱা যায়।

(ঘ)পানবাৰীৰ মিৰজুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক।


৪। তলৰ উক্তিসমূহ শুদ্ধ কৰি লোৱা-

(ক) বগা ভালুক/হৰিণ/জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী।

উত্তৰঃ বগা ভালুক

(খ) ছীল/বল্গা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

উত্তৰঃ বল্গা হৰিণ 

(গ) জিৰাফ/সিংহ/বাঘৰ গাৰ ৰং ধূসৰ।

উত্তৰঃ সিংহ 


৫। চমুটোকা লিখা--- জলাহভূমি, অণুজীৱ।

উত্তৰঃ 

লাহভূমিঃ 

        সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন  হৈ মাটি ভাগেই হ'ল জলাহভূমি। জলাহভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। জলাহভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ থাকে। 


অণুজীৱঃ 

        বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু পানী, মাটি সকলোতে থাকে।  কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে।





THANKS

ONLINE SCHOOL EDUCATION - ASSAM


Comments

3-popular-180px-course