Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পৰিস্থিতি তন্ত্ৰ - পাঠ-২ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

Class 5     ।।   আমি আৰু আমাৰ পৰিবেশ   (Updated on 4th July 2021)
পাঠ - ২      পৰিস্থিতি তন্ত্ৰ


Video Link 

 পাঠভিত্তিক অনুশীলনী

১। উত্তৰ লিখাঃ 
(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি?
 উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানসমূহ হৈছে - উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি আৰু  অজৈৱিক উপাদানসমূহ হৈছে-  বায়ু, পানী, মাটি, তাপ,পোহৰ আদি।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?
 উত্তৰঃ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে  উৎপাদক বুলি কোৱা হয়।

(গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ উপভোক্তা তিনি প্ৰকাৰৰ-    প্ৰথম শ্ৰেণীৰ উপভোক্তা,  দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু  তৃতীয় শ্ৰেণীৰ উপভোক্তা ।

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?
উত্তৰঃ বিয়োজকে মৃত উদ্ভিদ আৰু প্ৰাণীদেহৰ অংশসমূহৰ বিয়োজন ঘটাই গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অনুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে।  বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত সাৰ হিচাপে  মিহলি হৈ থাকে। এনেদৰে বিয়োজকে আমাক সহায় কৰে।

(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।
উত্তৰঃ তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল- ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ।

২। খালী ঠাই পূৰ কৰা-

(ক) শামুক হ'ল প্ৰাথমিক উপভোক্তা।

(খ) এটাতকৈ অধিক খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।

(গ) শেন হ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ অধিক খাদ্যশৃংখল থাকে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে উদ্ভিদ/প্ৰাণী/অণুজীৱ থাকে।
উত্তৰঃ খাদ্যশৃংখলৰ আৰম্ভণিতে উদ্ভিদ থাকে।

(খ) বিয়োজকে/উৎপাদকে/উপভোক্তাই খাদ্য প্ৰস্তুত কৰে।
উত্তৰঃ উৎপাদকে  খাদ্য প্ৰস্তুত কৰে।

(গ) উৎপাদকে/বিয়োজকে/উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।
উত্তৰঃ বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰঃ  খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকেই খাদ্যশৃংখল বুলি কোৱা হয়।  যেনে- ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়।

৫। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা।
উত্তৰঃ পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয় । কাৰণ পুখুৰীত থকা জলজ উদ্ভিদ যেনে- শেলাই, মেটেকা আদিয়ে  সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট-পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে।  পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদিয়ে আকৌ কীট-পতংগবোৰক খায়। আকৌ ইহঁতক বগলী, মাছৰোকা আদি চৰাইয়ে খায়। সেয়েহে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ।  

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিৎকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোকেই হৈছে সালোক-সংশ্লেষণ বুলি কোৱা হয়।

৭। পাৰ্থক্য লিখা- 

(ক) উৎপাদক আৰু বিয়োজক
উত্তৰঃ উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য তলত দিয়া হ'ল-
    খাদ্য-শৃংখলৰ আৰম্ভণিত উৎপাদক থাকে।
    কিন্তু খাদ্য-শৃংখলৰ শেষত বিয়োজক থাকে।

(খ) তৃণভোজী আৰু মাংসভোজী প্ৰাণী
উত্তৰঃ তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য তলত দিয়া হ'ল-
    তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়।
    আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়।

(গ) খাদ্যশৃংখল আৰু খাদ্যজাল
উত্তৰঃ খাদ্যশৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্য হ'ল-
    খাদ্যশৃংখলত এটা জীৱই আন এটা জীৱক খাই ।
    আনহাতে খাদ্যজালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়।

৮। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব?
উত্তৰঃ পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নোহোৱা হ'ব। যিহেতু পৰিস্থিতি তন্ত্ৰত খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল সেয়েহে যিকোনো এটা উপাদান কমি গ'লেই আনকেইটা উপাদানৰ ওপৰত প্ৰভাৱ পৰিব । তেতিয়া পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব।

৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?
উত্তৰঃ এটা জীৱই এটাতকৈ অধিক খাদ্যশৃংখলত ভাগ লোৱাৰ বাবে খাদ্যজালৰ সৃষ্টি হয়।

১০। মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায়?
উত্তৰঃ মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়।






                               ধন্যবাদ  🙏
Please visit again. 
ONLINE SCHOOL EDUCATION - ASSAM


Comments

3-popular-180px-course