Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

প্ৰাকৃতিক সম্পদ - পাঠ-৪ ।। Class 5 ।। আমি আৰু আমাৰ পৰিবেশ

Class 5     ।।   আমি আৰু আমাৰ পৰিবেশ  (Updated on 4th June 2021)
পাঠ ৪                প্ৰাকৃতিক সম্পদ


Video Link

পাঠভিত্তিক অনুশীলনী

১। উত্তৰ লিখা-
(ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা।
উত্তৰঃ অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম হৈছে - শাল, চেগুন, গমাৰী আৰু শিশু  ।

(খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম।
উত্তৰঃ বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম -  লাউ, জিকা,ভোল আৰু কোমোৰা   ।

(গ) অসমৰ তিনিখন বিলৰ নাম লিখা ।
উত্তৰঃ অসমৰ তিনিখন বিলৰ নাম হৈছে- দীপৰ বিল, চানডুবি বিল, চামগুৰি বিল ।

(ঘ) অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম।
উত্তৰঃ অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে - জুইখলা আৰু প্লাইউড উদ্যোগ ।

(ঙ) বিলাতী মাটি প্ৰস্তত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদ বিধৰ নাম।
উত্তৰঃ বিলাতী মাটি প্ৰস্তত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদ বিধৰ নাম হৈছে- চূণশিল।

(চ) চূণশিলৰ পৰা প্ৰস্তত কৰা দুবিধ বস্তুৰ নাম লিখা।
উত্তৰঃ চূণশিলৰ পৰা প্ৰস্তত কৰা দুবিধ বস্তুৰ নাম হৈছে-  চক পেঞ্চিল আৰু  দাঁত ঘঁহা দ্ৰৱ্য ।

২। 'ক' অংশৰ লগত 'খ' অংশৰ মিলোৱা-

        'ক'                                'খ'

    কাৰ্বি আংলঙত -           চূণশিল পোৱা যায় ।
    ডিগবৈত -                     তেল শোধনাগাৰ আছে । 
    নাহৰকটীয়াত -             খৰুৱা তেল পোৱা যায়।
    মৰাণত -                       তৈলক্ষেত্ৰ আছে ।

৩। খালী ঠাই পূৰ কৰা-
(ক) প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়।

(খ) অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত। 

(গ) ব্ৰক্ষপুত্ৰ নৈত পোৱা শিহু হ'ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।

(ঘ) ভূ-পৃষ্ঠৰ পানী ভাগৰ দৰে ভূ - গৰ্ভৰ পানী ভাগো আমাৰ সম্পদ।

(ঙ) কয়লাৰ দৰে খাৰুৱা তেলো একপ্ৰকাৰ জীৱাশ্ম ইন্ধন।

৪। তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা-

(ক) তিতাচঁপা এবিধ কৃষিজাত উদ্ভিদ।
উত্তৰঃ তিতাচঁপা এবিধ উদ্ভিদ।

(খ) প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।
উত্তৰঃ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।

(গ) নলখাগৰি, শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়।
উত্তৰঃ নলখাগৰি, শিশু আদি উদ্ভিদ নৈ আৰু উপনৈৰ দুয়োপাৰে পোৱা যায়।

(ঘ) শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।
উত্তৰঃ শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।

৫। খনিজ সম্পদক কিয় অনৱীকৰণক্ষম সম্পদ বোলে? 
উত্তৰঃ খনিজ সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ তাক ব্যৱহাৰ কৰিব নোৱাৰি সেয়েহে ইয়াক অনৱীকৰণক্ষম সম্পদ বোলে।

৬। নৈ-উপনৈসমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ কি?
উত্তৰঃ নৈ-উপনৈসমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ হল- মানুহে এঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ  জল পৰিবহন  ব্যৱহাৰ কৰে। 

৭। চমুটোকা লিখা - 
কয়লা, খাৰুৱা তেল ।
উত্তৰঃ 
কয়লাঃ কয়লা এবিধ খনিজ পদাৰ্থ। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম । অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। কয়লাখনিত কাম কৰি বহু মানুহে জীৱিকা নিৰ্বাহ কৰি আছে।
 
খাৰুৱা তেল-  
খাৰুৱা তেল হল  এবিধ খনিজ সম্পদ। খাৰুৱা তেল  শিলৰ স্তৰৰ মাজত, ভূ-গৰ্ভত  পোৱা যায়। অসমৰ নাহৰকটীয়া, মৰাণ, গেলেকী আদি ঠাইত খাৰুৱা তেল পোৱা যায়।






                                 ধন্যবাদ   🙏
Please visit again. 
ONLINE SCHOOL EDUCATION - ASSAM


Comments

3-popular-180px-course