Class 5 ।। আমি আৰু আমাৰ পৰিবেশ ( Updated on 5th June 2021)
পাঠ - ৩ অসমৰ সংস্কৃতি
Video Link
পাঠভিত্তিক অনুশীলনী
১। উত্তৰ লিখা-
(ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।
উত্তৰঃ অসমত বাস কৰা জনজাতিসকলৰ নাম হৈছে- বড়ো-কছাৰী, মিছিং, দেউৰী, তিৱা, গাৰো, ডিমাছা, কাৰ্বি, ৰাভা, আৰু আদিবাসী আদি।
(খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।
উত্তৰঃ কিছুমান আ-অলংকাৰ নাম হৈছে - কেৰু, জোনবিৰি, ঢোলবিৰি,গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপতা, আঙঠি, থুৰীয়া, ডুগডুগী, নাকফুল আদি।
(গ) তিনিটা নৃত্যৰ নাম লিখা।
উত্তৰঃ তিনিটা নৃত্যৰ নাম হৈছে- দেউৰী নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য ।
(ঘ) প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা।
উত্তৰঃ প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম হৈছে- অষ্ট্ৰিক, তিব্বতধৰ্মী, ককেছীয় ।
(ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।
উত্তৰঃ চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হৈছে-
১। চিৰা,
২।মুৰি,
৩। আখৈ আৰু
৪। সান্দহ।
২। 'ক' অংশৰ লগত 'খ' অংশৰ মিলোৱা-
তলত ক' অংশৰ লগত 'খ' অংশৰ মিলাই লিখা হৈছে:
'ক' অংশ 'খ' অংশ
বড়ো - দখনা
ডিমাছা - ৰিগু ৰিজাম্ফাই
কাৰ্বি - পিনি
অসমীয়া - মেখেলা
৩। খালী ঠাই পূৰ কৰা-
(ক) খেৰাই পূজা বড়ো সকলে পালন কৰা উৎসৱ ।
(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ ৰংকাৰ আৰু হেচ্ছা।
(গ) মিছিংসকলে আলি-আই-লিগাং পালন কৰে।
(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা।
৪। অসমীয়া সংস্কৃতি বুলিলে কি বূজা ?
উত্তৰঃ অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা, সাহিত্য, সামাজিক, ৰীতি-নীতি, সাজ-পাৰৰ বৈশিষ্ট্য, আ-অলংকাৰ আৰু উৎসৱ-পাৰ্বণ আদিৰে পুষ্ট। এই সকলো জাতি-জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে। কিন্তু নৈৰ পানী গৈ সাগৰত মিলি যোৱাৰ দৰে এই সকলো সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে, অসমীয়া সংস্কৃতি বুলিলে এক উমৈহতীয়া সংস্কৃতি কথা বুজা যায়।
৫। অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকী নাম কি? মহাপুৰুষ গৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি?
উত্তৰঃ অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকী নাম হৈছে- শ্ৰীমন্ত শংকৰদেৱ।
মহাপুৰুষ গৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ হৈছে- সত্ৰ, নামঘৰ, বৰগীত, ভাওনা, সত্ৰীয়া নৃত্য, খোল- তাল আদি ।
৬। চমুটোকা লিখা-
(ক) উৎসৱ পাৰ্বণ (খ) বাদ্যযন্ত্ৰ (গ) নৃত্য-গীত (ঘ) ৰীতি-নীতি
উত্তৰঃ
উৎসৱ-পাৰ্বণঃ উৎসৱ পাৰ্বণ সমাজৰ এক অবিচ্চেদ্য অংগ। সকলো লোকেই উৎসৱ-পাৰ্বণ পালন কৰে। উৎসৱ-পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ লগতে ঐক্য আৰু সমন্বয় বজাই ৰখাত সহায় কৰে। অসমত পালন কৰা কিছুমান উৎসৱ- পাৰ্বণ হ'ল- বিহু, তিথি আদি।
বাদ্যযন্ত্ৰঃ বাদ্যযন্ত্ৰ হৈছে নৃত্য-গীতৰ লগত ব্যৱহাৰ কৰা কিছুমান যন্ত্ৰ বা সজুলি । বাদ্যযন্ত্ৰই সংগীতৰ তাল বজাই ৰখাত সহায় কৰে। অসমত ব্যৱহৃত কিছুমান বাদ্যযন্ত্ৰ হৈছে- ঢোল, পেপাঁ, গগণা, টকা, চিফুং, সূতলী, খোল, তাল, বাঁহী আদি।
নৃত্য-গীতঃ নৃত্য-গীত সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান । অসমত প্ৰচলিত কিছুমান নৃত্য-গীত হৈছে-বিহু গীত, জিকিৰ, মহখেদা গীত, হুঁচৰি, খেৰাই নৃত্য, পুতলা নাচ, ওজাপালি আদি।
ৰীতি-নীতিঃ ৰীতি-নীতি হৈছে পৰম্পৰাগতভাৱে চলি অহা সমাজৰ কিছুমান নীতি-নিয়ম। এই ৰীতি-নীতিবোৰে সমাজখন শৃংখলাবদ্ধভাৱে চলিবলৈ সহায় কৰে। যেনে - ঘৰলৈ আলহী আহিলে তামোল পাণ, চাহ জলপাণ আবগবঢ়োৱা আদি।
৭। এখন শৰাইৰ ছবি আঁকা।
THANK YOU...
ONLINE SCHOOL EDUCATION - ASSAM







Comments
Post a Comment