Class 5 ।। আমি আৰু আমাৰ পৰিবেশ (Updated on 5th June 2021)
পাঠ ৬ বতৰVideo Link
পাঠভিত্তিক অনুশীলনী
১। উত্তৰ লিখা-
(ক) বতৰ বুলিলে কি বূজা?
উত্তৰঃ বিভিন্ন সময়ত বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনিকেই বতৰ বুলি কোৱা হয়।
(খ) ঋতু কেইটা আৰু কি কি?
উত্তৰঃ ঋতু ৬ টা। সেইকেইটা হৈছে- গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত বসন্ত।
(গ) বতৰৰ আগজাননী মানে কি?
উত্তৰঃ বতৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলে।
(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম।
উত্তৰঃ বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হৈছে - থাৰ্ম'মিটাৰ, হাইগ্ৰ'মিটাৰ আৰু ৰেইনগজ।
(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে ?
উত্তৰঃ- ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে।
২। 'ক' অংশৰ লগত 'খ' অংশৰ মিলোৱা-
'ক' অংশ 'খ' অংশ
বায়ুৰ উষ্ণতা - থাৰ্মমিটাৰ
বায়ুত থকা জলীয় বাষ্প পৰিমাণ - হাইগ্ৰ'মিটাৰ
বৰষুণৰ পৰিমাণ - ৰেইনগজ
বায়ুৰ গতিবেগ - এনিম'মিটাৰ
৩। খালী ঠাই পূৰ কৰা-
(ক) গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।
(খ) বতাহৰ দিশ জুখিবলৈ বায়ু দিক-দৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।
(গ) বায়ুমোজা বতাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা হয়।
(ঘ) ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে আৰু মেঘেও গাজে।
(ঙ) ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ।
৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয় ?
উত্তৰঃ ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ আগজাননী দিয়া হয়।
৫। চমু টোকা লিখা-
(ক) ৰেইন গজ
ৰেইন গজ - ৰেইনগজ নামৰ এবিধ সঁজুলিৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ-গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয়, যাতে বৰষুণৰ সঠিক পৰিমাণ জোখিব পাৰি।
(খ) কৃত্ৰিম উপগ্ৰহ
কৃত্ৰিম উপগ্ৰহ - কৃত্ৰিম উপগ্ৰহই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। বিভিন্ন উদ্দেশ্যত কৃত্ৰিম উপগ্ৰহ আকাশলৈ প্ৰেৰণ কৰা হয়। এইবোৰত কেমেৰা সংযোগ কৰা থাকে। ঘূৰি থকা অৱস্থাত এইবোৰত লগাই থোৱা কেমেৰাই বিভিন্ন ছবি পৃথিৱীলৈ প্ৰেৰণ কৰে।
(গ) বতৰ বিজ্ঞান কেন্দ্ৰ
বতৰ বিজ্ঞান কেন্দ্ৰ- বতৰ বিজ্ঞান কেন্দ্ৰত বতৰৰ আগজাননী প্ৰস্তুত কৰা হয়। । বতৰৰ বিভিন্ন তথ্য লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰত বিভিন্ন সজুলি ব্যৱহাৰ কৰা হয়। বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্য কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰে। ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ আগজাননী দিয়া হয়।
৭। বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হব লাগে লিখা।
উত্তৰঃ-
গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। কপাহী কাপােৰত সৰু সৰু বিন্ধা থকা বাবে গাৰ ঘাম সােনকালে শুকায়। কৃত্রিম সূতা অর্থাৎ নাইলন, পলিয়েষ্টাৰ আদি সূতাৰে তৈয়াৰ কৰা কাপােৰ পিন্ধিলে গাৰ ঘাম ওলাই যাব নােৱাৰে। এনে কাপােৰ পৰিধান কৰাটো শৰীৰৰ বাবে হানিকাৰক। অন্যহাতেদি শীত কালত গৰম কাপোৰ ব্য়ৱহাৰ কৰা হয়। ৰাতি শােওঁতে লেপ, কম্বল আদি ব্যৱহাৰ কৰা হয় । অসমত তৈয়াৰী এৰী কাপােৰৰ ব্যৱহাৰ শীতকালত ব্য়ৱহাৰ কৰা হয়।
৮। শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম হৈছে- শাল, চেগুন আৰু কঁঠাল।
৯। কি কি কামত বতৰ আগজাননীয়ে সহায় কৰে।
উত্তৰঃ জাহাজৰ নাবিক, সাগৰৰ মাছ ধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদিক বতৰৰ আগজাননীয়ে সহায় কৰে।
১০। বতৰৰ উপাদানকেইটা নাম কি কি ?
উত্তৰঃ বতৰৰ উপাদান কেইটা হৈছে- বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি।
১১। মেঘালয় চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে ?
উত্তৰঃ মেঘালয় চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কমি অহাৰ কাৰণ হৈছে - মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ-গছনিৰ কাটিছে।
ধন্যবাদ 🙏
ONLINE SCHOOL EDUCATION - ASSAM
Please visit again.







Comments
Post a Comment