Class 5 ।। আমি আৰু আমাৰ পৰিবেশ (Updated on 5th June 2021)
পাঠ - ৫ সম্পদৰ সংৰক্ষণVideo Link
পাঠভিত্তিক অনুশীলনী
১। উত্তৰ লিখা-
(ক) বন্যপ্ৰাণীৰ আৱাসথলীত কোন তিনিটা উপাদান থকা বিশেষ প্ৰয়োজন?
উত্তৰঃ বন্যপ্ৰাণীৰ আৱাসথলীত খাদ্য, পানী আৰু বাসস্থান থকা বিশেষ প্ৰয়োজন।
(খ) ''প্ৰকৃতিক বিশ্ব ঐতিহ্যৰ স্থান'' পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি?
উত্তৰঃ ''প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান'' পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম হ'ল- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান।
(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ লিখা।
উত্তৰঃ মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ হৈছে-
১) আবাসভূমিৰ নাটনি,
২) খাদ্য নাটনি আৰু
৩) পানীৰ নাটনি ।
(ঘ) বাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।
উত্তৰঃ বাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল- মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।
(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম উল্লেখ কৰা।
উত্তৰঃ অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম হল - লাজুকী বান্দৰ, সোণালী বান্দৰ, দেওহাঁহ আৰু নল-গাহৰি।
২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-
'ক' অংশ - 'খ' অংশ
পাহাৰৰ হাবি-বন কাটি - ঝুম খেতি কৰা হয়।
উদ্ভিদ উদ্যানত - বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়।
অভয়াৰণ্যত - বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰিব পাৰে।
মৰিছাছ দ্বীপত - দ'দ' চৰাই আছিল।
৩। খালী ঠাই পূৰ কৰা-
(ক) ২১ মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে কালন কৰা হয়।
(খ) গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান আছে।
(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে মানুহেই প্ৰকৃততে দোষী।
(ঘ) ডিব্ৰু-চৈখোৱা এখন ৰাষ্ট্ৰীয় উদ্যান।
(ঙ) সংৰক্ষিত বনাঞ্চলসমূহ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।
৪। চমু উত্তৰ দিয়া-
(ক) বন্যপ্ৰাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয়?
উত্তৰঃ বন্যপ্ৰাণী সপ্তাহ অক্টোবৰ মাহৰ প্ৰথম সপ্তাপত পালন কৰা হয়।
(খ) ৰাষ্ট্ৰীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে?
উত্তৰঃ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে।
(গ) জৈৱ-বৈচিত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰঃ জৈৱ-বৈচিত্ৰ দিৱস ২২ মে'ত পালন কৰা হয়।
(ঘ) দ'দ' চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেবাৰে বিলুপ্ত হৈ গ'ল?
উত্তৰঃ দ'দ' চৰাইৰ লগত কেলভেৰিয়া-মেজ নামৰ উদ্ভিদ পৃথিৱীৰ পৰা একেবাৰে বিলুপ্ত হৈ গ'ল।
৫। চমুটোকা লিখা-
(ক) অভয়াৰণ্য (খ) সংৰক্ষিত বনাঞ্চল (গ) উদ্ভিদ উদ্যান (ঘ) ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ
অভয়াৰণ্যঃ অভয়াৰণ্য হল জৈৱ-বৈচিত্ৰৰ ওপৰত ভিত্তি কৰি চৰকাৰে ঘোষণা কৰা কোনো এক প্ৰাকৃতিক অঞ্চল। অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু আতৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। ইয়াত বন্যপ্ৰাণীসমূহে মুক্তমনে বিচৰণ কৰিব পাৰে। অভয়াৰণ্যৰ উদাহৰণ হৈছে- সোনাই ৰূপাই অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য আদি ।
সংৰক্ষিত বনাঞ্চলঃ সংৰক্ষিত বনাঞ্চল হল বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চল । এই সংৰক্ষিত বনাঞ্চল সমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়।
উদ্ভিদ উদ্যানঃ উদ্ভিদ উদ্যান হল এনে কিছু সংৰক্ষিত অঞ্চল যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্ভিদ উদ্যানত উদ্ভিদবিলাক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে ।
এই উদ্ভিদ উদ্যান চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে।
ৰাষ্ট্ৰীয় উদ্যানঃ ৰাষ্ট্ৰীয় উদ্যান হল বনজ সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰিবৰ বাবে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এক প্ৰাকৃতিক অঞ্চল । এই ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতি আৰু বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। ৰাষ্ট্ৰীয় উদ্যানৰ কেৱল দাঁতিকাষৰীয়া অঞ্চলহে পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে ।সংৰক্ষিত বনাঞ্চলসমূহ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে
ধন্যবাদ 🙏
ONLINE SCHOOL EDUCATION - ASSAM
Please visit again.







Comments
Post a Comment